ETV Bharat / entertainment

বলীউডত বচ্চন চাহাবৰ পিচত মানুহে তেওঁকে ভাল পায় ! - Kangana Ranaut on Amitabh Bachchan

Kangana Ranaut on Amitabh Bachchan : কংগনা ৰনৌতে ছবি জগতত একেধৰণৰ মৰম আৰু সন্মান লাভ কৰা বুলি দাবী কৰি কিংবদন্তি অভিনেতা অমিতাভ বচ্চনৰ সৈতে নিজকে তুলনা কৰে ৷ এই ষ্টেটমেণ্টে সাংঘাতিক বিতৰ্কৰ সৃষ্টি কৰিছে । বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া তেওঁৰ এই বক্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে আৰু ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হৈছে ।

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 7:46 PM IST

Height of Self-Obsession: Kangana Ranaut Draws Flak for Comparing Herself to Amitabh Bachchan
বিগ বি ৰ সৈতে নিজক তুলনা কৰিলে বলীউডৰ কুইনে (ETV BHARAT ENGLISH)

চিটাৰা ডেস্ক, 6 মে’ : কংগনা ৰনৌতে ছ’চিয়েল মিডিয়াত নিজকে অমিতাভ বচ্চনৰ সৈতে তুলনা কৰি আকৌ এবাৰ বিতৰ্কৰ সৃষ্টি কৰিছে । কুইন অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে যে তেওঁ চলচ্চিত্ৰ উদ্যোগত কিংবদন্তি অভিনেতা অমিতাভ বচ্চনৰ দৰে সম পৰিমাণৰ মৰম আৰু সন্মান অৰ্জন কৰিছে । অভিনয়ৰ পৰা ৰাজনীতিলৈ মন মেলা কংগনা হিমাচল প্ৰদেশৰ মণ্ডী লোকসভা আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দাবীদাৰ ।

কংগনাই নিৰ্বাচনী ৰেলীৰ সময়ত ভাষণ দি থাকোতে এই মন্তব্য কৰিছিল । এতিয়া ভাইৰেল হৈ পৰা ভিডিঅ’টোত তেওঁক এইদৰে কোৱা দেখা গৈছে, "চাৰা দেশ হেৰান হে, কি ৱো বেটি.. ৱো কংগনা, চাহে মে ৱেষ্ট বেংগল চলি যাও, চাহে মে দিল্লী চলি যাও, চাহে মে মণিপুৰ চলি যাও, এইছা লগতা হে কি মানো ইতনা প্যাৰ আৰু ইতনা সম্মান... মে দাৱে চে কেহ সকতি হু কে অমিতাভ বচ্চন জীকে বাদ আজ কিচিকো ইণ্ডাষ্ট্ৰী মে ইতনা সম্মান মিলতা হে, তো ৱো মুঝে মিলতা হে ।" (ৰাজস্থান, পশ্চিমবংগ, দিল্লী, মণিপুৰকে ধৰি সমগ্ৰ দেশতে মৰম আৰু সন্মানৰ ভাব বিৰাজ কৰিছে । মই নিশ্চিতভাৱে ক’ব পাৰো যে, অমিতাভ বচ্চন জীৰ পিচত উদ্যোগটোৰ কোনোবাই যদি এনে মৰম আৰু সন্মান পায়, তেন্তে সেয়া মই ।)

ভাইৰেল ভিডিঅ’টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কিংবদন্তি অভিনেতাগৰাকীৰ সৈতে নিজকে তুলনা কৰি কৰা তেওঁৰ বক্তব্যৰ ওপৰত সাংঘাতিক ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ভিডিঅ’টো শ্বেয়াৰ কৰি এজন এক্স ইউজাৰে লিখিছে- কংগনাৰ শেষ হিট ছবিখন ২০১৫ চনত আহিছিল আৰু তাৰ পিচত তেওঁ বেক টু বেক ১৫খন ফ্লপ ছবি দিছিল । এতিয়া তেওঁ নিজকে অমিতাভ বচ্চনৰ লগত তুলনা কৰিছে 😂😂"

আন এজনে লিখিছে- "বলীউড মে অমিতাভ বচ্চন চাহাব কে বাদ সন্মান চিৰ্ফ কংগনা দীদী কো মিলতা হে । সঁচাকৈয়ে? য়ে কবছে হুৱা ! 🤪🤪🤪" আন এজনে ইয়াক ‘পিক লেভেল অৱ অব্ছেছন’ বুলি কয় । এক্স ব্যৱহাৰকাৰী বহুতৰে মতে ই অমিতাভৰ বাবে আটাইতকৈ ডাঙৰ অপমান । ভাইৰেল ভিডিঅ’টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আন এজন এক্স ব্যৱহাৰকাৰীয়ে ইয়াক “বছৰৰ আটাইতকৈ ডাঙৰ কৌতুক” বুলি অভিহিত কৰে ৷

কংগনা আৰু অমিতাভে এতিয়ালৈকে এখন ছবিত একেলগে কাম কৰা পৰিলক্ষিত হোৱা নাই, তথাপিও দুয়োজন তাৰকাই ২০১৬ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে । কংগনাই তনু ৱেডছ মনু ৰিটাৰ্ণছৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে আৰু অমিতাভে পিকুৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে । ইয়াৰ পূৰ্বে অমিতাভে কুইন এণ্ড তনু ৱেডছ মনু ৰিটাৰ্ণছত কৰা অভিনয়ৰ বাবে কংগনাক গোলাপ ফুল আৰু প্ৰশংসা পত্ৰ প্ৰেৰণ কৰিছিল ।

কৰ্মক্ষেত্ৰত কংগনাই পৰৱৰ্তী সময়ত ইমাৰ্জেন্সী ছবিখনত অভিনয় কৰিব, য’ত তেওঁ ইন্দিৰা গান্ধীৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ ছবিখন ৰচনা কৰিছে ৰিতেশ শ্বাহে, যিয়ে কংগনাৰ ধাকড় ছবিখনো ৰচনা কৰিছিল । কংগনাৰ উপৰিও ছবিখনত অনুপম খেৰ, মিলিন্দ সোমন, মহিমা চৌধুৰী, সতীশ কৌশিক আৰু শ্ৰেয়াছ তালপাড়েই মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰ সভাত নেহৰু-গান্ধী পৰিয়ালক তীব্ৰ আক্ৰমণ কংগনাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.