ETV Bharat / entertainment

পংকজ উধাছৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 8:57 PM IST

Pankaj Udhas Death: পংকজ উধাছৰ মৃত্যুৰ খবৰে সমগ্ৰ মনোৰঞ্জন জগতত শোকৰ ছাঁ পেলাইছে ৷ অনুপ জালোটাৰ পৰা আৰম্ভ কৰি চনু নিগমলৈকে সকলো চেলিব্ৰিটিয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে ।

He Was A Beacon Of Indian Music: PM Modi, Celebs React To Pankaj Udhas' Death
পংকজ উধাছৰ মৃত্যুত শোক প্ৰকাশ চেলিব্ৰিটিৰ

চিটাৰা ডেস্ক, ২৬ ফেব্ৰুৱাৰী: লাখ লাখ অনুৰাগীক কন্দুৱাই অজান পৃথিৱীলৈ গুচি গ’ল প্ৰবীণ গায়ক পংকজ উধাছ ৷ ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে পংকজ উধাছে ৷ এতিয়া তেওঁৰ মৃত্যুৰ পিচত গজল সম্ৰাটগৰাকীক স্মৰণ কৰি আবেগিক হৈ পৰিছে বহু চেলিব্ৰিটি । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অনুপ জালোটা, চনু নিগম, মনোজ দেশাইৰ লগতে আন বহু চেলিব্ৰিটিয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে ।

অনুপ জালোটাই কয়, ‘‘মই জানিছিলোঁ যে পংকজ জী ৫-৬ ধৰি মাহ অসুস্থ হৈ আছে । মানুহক কোৱা নাছিল যদিও গম পাইছিলোঁ । এই ৰোগে কাকো ৰেহাই নিদিয়ে । কিন্তু ইমান সোনকালে এনেকুৱা হ’ব বুলি কোনো বিশ্বাস নাছিল । যোৱা ২-৩ মাহ ধৰি মই ফোনত কথা পাতিবলৈ চেষ্টা কৰি আছিলো । কিন্তু তেওঁৰ ফোন অহা নাছিল, গতিকে মই বুজিলোঁ যে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । জীয়েকৰ লগত কথা পাতিছিলো । মানুহে হেৰুৱাইছে পংকজ উধাছক । মই হেৰুৱাইছে মোৰ বন্ধুক । মোৰ, পংকজ আৰু তলতৰ বন্ধুত্ব জনপ্ৰিয় আছিল । পংকজ উধাছৰ বিয়োগত বাৰুকৈ মৰ্মাহত হৈছো । তেওঁৰ অৱদান যথেষ্টখিনি আছিল । ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো যাতে তেওঁৰ আত্মাই শান্তি লাভ কৰে । ’’

আবেগিক হৈ পৰিল মনোজ দেশাই

পংকজ উধাছৰ মৃত্যুৰ খবৰ শুনি চকুলো বৈ আহিল চিনেমা প্ৰযোজক মনোজ দেশাইৰ । মনোজে ক’লে- মোৰ বিশ্বাস হোৱা নাই তেওঁ গুচি গ’ল । আমি যোৱা ৩০ বছৰ ধৰি ইজনে সিজনক চিনি পাইছিলো । আমি একেখন কলেজতে পঢ়িছিলো । পংকজৰ বহু অনুষ্ঠানৰ অংশ হৈ আহিছো ।’’

শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

পংকজ উধাছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ লিখিছে,‘‘ পংকজ উধাছ জীৰ বিয়োগত শোক প্ৰকাশ কৰিছো । তেওঁৰ গায়ন-বায়নে আৱেগ প্ৰকাশ কৰিছিল আৰু তেওঁৰ শ্লোকবোৰে প্ৰত্যক্ষভাৱে হৃদয়ৰ পৰাই কথা কৈছিল । তেওঁ আছিল ভাৰতীয় সংগীতৰ বিকন । তেওঁৰ গজলবোৰ প্ৰতিটো প্ৰজন্মই শুনি আহিছে । তেওঁৰ লগত হোৱা বহু কথা-বতৰা মনত পৰিছে ।’’

আনহাতে অভিনেতা ৰিতেশ দেশমুখে লিখিছে- সংগীত জগতৰ বাবে এক ডাঙৰ ক্ষতি । পংকজ উধাছৰ কণ্ঠই কোটি কোটি মানুহৰ হৃদয় চুই গ’ল । তেওঁৰ কণ্ঠ চিৰদিনৰ বাবে স্থায়ী হৈ থাকিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

চনু নিগমে লিখিছে- মোৰ শৈশৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো আজি গুচি গ'ল । পংকজ উধাছ জী, মই আপোনাক বহুত মিছ কৰিম ।

গায়ক আদনান ছামীয়ে লিখিছে- আজি মোৰ তাত শব্দ নাই । মই মাথোঁ ক’ব পাৰো, বিদায় প্ৰিয় পংকজ জী ।

লগতে পঢ়ক: পৰিয়ালৰ বাবে কোটি কোটি টকাৰ সম্পত্তি এৰি থৈ গৈছে পংকজ উধাছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.