ETV Bharat / entertainment

বিয়াৰ দিনা হিয়া ঢাকুৰি কান্দিছিল গৌৰীয়ে, শ্বাহৰুখে কৈছিল ইয়াতে… - SRK GAURI KHAN MARRIAGE ANNIVERSARY

শ্বাহৰুখৰ পত্নী গৌৰী খানে বিয়াৰ দিনা বহুত কান্দিছিল ৷ তাকে দেখি শ্বাহৰুখে শহুৰেকক কৈছিল এটা আচৰিত কথা-

Gauri Khan cried a lot on farewell, Shah Rukh Khan said, You stay here, I will come to your house once a week
শ্বাহৰুখ-গৌৰী (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : Oct 25, 2024, 1:54 PM IST

মুম্বাই : আজিৰ দিনটো বলীউডৰ কিং শ্বাহৰুখ খান আৰু গৌৰী খানৰ বাবে এটা বিশেষ দিন । শ্বাহৰুখ খান আৰু গৌৰী খানে আজি তেওঁলোকৰ 33 সংখ্যক বিবাহ বাৰ্ষিকী উদযাপন কৰিছে । শ্বাহৰুখ খানৰ অনুৰাগীসকলে বিবাহ বাৰ্ষিকীত চাৰিওফালৰে পৰা অভিনন্দন জনাইছে ।

এক্স হেণ্ডেল আৰু ইনষ্টাগ্ৰামত শ্বাহৰুখ খানৰ ফেনপেজবোৰ অভিনন্দন বাৰ্তাৰে ভৰি পৰিছে । এই বিশেষ দিনটোত, আমি আপোনালোকক শ্বাহৰুখ খান আৰু গৌৰী খানৰ বিবাহ সম্পৰ্কীয় এক বিশেষ কাহিনীৰ বিষয়ে অৱগত কৰিম, যি বিষয়ে খুব কম সংখ্যক লোকেহে জানে ।

অতিমাত্ৰা কান্দিছিল গৌৰী আৰু তেওঁৰ পৰিয়ালে

শ্বাহৰুখ খানৰ আটাইতকৈ ভাল বন্ধু আৰু চলচ্চিত্ৰ পৰিচালক-কৰিঅ’গ্ৰাফাৰ ফাৰাহ খানে শ্বাহৰুখৰ গোটেই পৰিয়ালটোক তেওঁৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল, য’ত তেওঁৰ শাহুও উপস্থিত আছিল । ফাৰাহ খানে শ্বাহৰুখ খানক সুধিছিল, বিদায়ৰ দিনা কি হৈছিল ?

তেতিয়া শ্বাহৰুখ খানে কৈছিল, “গৌৰী খানৰ মামাকে বিদায় দিয়াৰ সময়ত বহুত কান্দি আছিল, গৌৰীয়েও কান্দি আছিল ৷ আনকি গোটেই পৰিয়াটোৱেই কান্দি আছিল, এই সকলোবোৰ দেখি, মই বহুত দোষী অনুভৱ কৰিছিলো, লগতে আৱেগিকো হৈ পৰিছিলো আৰু তাৰ পিছত মই কৈছিলো যে তেওঁলোক চাগে সকলো সুখী নহয়, গৌৰীক ইয়াতে ৰাখি থওক, মই আহিম সপ্তাহে-সপ্তাহে ।”

শ্বাহৰুখৰ পাঁচজনীয়া পৰিয়াল

উল্লেখ্য যে, শ্বাহৰুখ খান আৰু গৌৰী খানৰ জীৱনলৈ বিবাহৰ 6 বছৰৰ পিছত আৰিয়ান খানৰ আগমণ ঘটিছিল আৰু তাৰ তিনি বছৰ পিছত অৰ্থাৎ 2000 চনত সুহানা খানৰ জন্ম হয় ৷ প্ৰায় তেৰ বছৰৰ পিছত, অৰ্থাৎ 2013 চনত শ্বাহৰুখ-গৌৰীৰ পুনৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়, যাৰ নাম আব্ৰাম ।

শ্বাহৰুখ খানৰ ৱৰ্কফ্ৰন্ট

শ্বাহৰুখ খানে 2023 চনত পাঠান, জোৱান আৰু ডাংকিৰ দৰে ব্লকবাষ্টাৰ ছবি প্ৰদান কৰে, যাৰ পৰা শ্বাহৰুখে এবছৰত 2500 কোটিতকৈয়ো অধিক উপাৰ্জন কৰে । ভাৰতীয় চলচ্চিত্ৰত এই কৃতিত্বৰ অধিকাৰী একমাত্ৰ শ্বাহৰুখ । শ্বাহৰুখ খান এতিয়া তেওঁৰ গণ একশ্যন-থ্ৰিলাৰ ছবি কিঙৰ বাবে আলোচনাত আছে । কিং সুজয় ঘোষৰ দ্বাৰা পৰিচালিত ছবি আৰু সুহানা খানকো এই ছবিখনত দেখিবলৈ পোৱা যাব । অভিষেক বচ্চনে ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছে ।

লগতে পঢ়ক : কোনখন ছবিৰ বাবে মেথড এক্টিঙৰ সহায় লৈছিল শ্বাহৰুখে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.