চিটাৰা ডেস্ক, ৫ জুলাই : দুৰ্দান্ত প্ৰতিভাধৰ ২৪ গৰাকী তৰুণ-তৰুণী ৷ হয়তো ইয়াৰে কোনোবাজন এটা সময়ত হ'বগৈ ভাৰতীয় চলচ্চিত্ৰ জগতৰ তাৰকা, জনপ্ৰিয় আৰু ব্যতিক্ৰমী অভিনেতা বা অভিনেত্ৰী ৷ আমি ক’ব খোজা এই ২৪ গৰাকী প্ৰতিভাসম্পন্ন যুৱ অভিনেতা-অভিনেত্ৰী হৈছে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (NSD) ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী ৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে সম্পূৰ্ণ কৰিছে এন এছ ডিত তিনি বছৰীয়া অভিনয়ৰ পাঠ্যক্ৰম ৷
বিদায়ী বৰ্ষৰ শিক্ষাৰ্থীসকলে প্ৰতি বছৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ত্যাগ কৰাৰ পূৰ্বে একোখনকৈ কালজয়ী নাটক এন এছ ডিৰ মঞ্চত মঞ্চস্থ কৰি যোৱাটো এক পৰম্পৰা, এক নিয়ম ৷ ইয়াৰে অংশস্বৰূপে এইবাৰো এন এছ ডিৰ বিদায়ী এই ২৪ গৰাকী শিক্ষাৰ্থীয়ে দুটা গোটত বিভক্ত হৈ পৰিৱেশন কৰিব দুখনকৈ নাটক ৷ ইয়াৰে এখন পৰিচালনা কৰিছে বলীউড আৰু টেলিভিছন জগতৰ পৰিচিত অভিনেত্ৰী মিতা বশিষ্ঠই ৷ কিন্তু নাটক-ছবি ভালপোৱা অসমৰ মানুহৰ বাবে ভাল লগা খবৰটো হ'ল যে বিদায়ী শিক্ষাৰ্থীসকলৰ আনটো গোটে পৰিৱেশন কৰিব পৃথিৱী বিখ্যাত নাট্যকাৰ এণ্টন চেখভৰ কালজয়ী নাট "ছিগাল" আৰু এইখন নাট পৰিচালনা কৰিছে এন এছ ডিৰেই একালৰ ছাত্ৰ তথা বৰ্তমান বলীউডত থিতাপি লোৱা অসমৰ সকলোৰে পৰিচিত দুৰ্দান্ত অভিনেতা বাহাৰুল ইছলামে ৷
![Anton Chekhov's world famous play Seagull at NSD directed by Baharul Islam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-07-2024/21876982_1-2.jpg)
কাইলৈ অৰ্থাৎ ৬ জুলাইৰ পৰা ৯ জুলাইলৈকে প্ৰতি সন্ধিয়া ৬.৩০ বজাত এন এছ ডিৰ ৰংগমঞ্চত পৰিৱেশন কৰা হ'ব "ছিগাল" ৷ ৭ আৰু ৮ জুলাইত বিয়লি ৩.৩০ বজাত অতিৰিক্ত আৰু দুটা শ্ব' অৰ্থাৎ "ছিগাল"ৰ মুঠ ছটা দৰ্শনী হ'ব ৷ ইতিমধ্যে নাটখনৰ প্ৰৱেশপত্ৰ bookmyshow ত উপলব্ধ হৈছে ৷ নাটখনৰ হিন্দী ৰূপান্তৰ প্ৰখ্যাত ভাৰতীয় নাট্যকাৰ ছাবিৰা হাবিবৰ ৷ আজিৰ দিনটোত এন এছ ডিৰ প্ৰেক্ষাগৃহত চূড়ান্ত আখৰাত ব্যস্ত বাহাৰুল ইছলাম ৷ ১২ জুলাইৰ পৰা জিঅ’ চিনেমাত আহিবলগীয়া নতুন ৱেব চিৰিজ "পিল"ৰ শ্বুটিং পাঞ্জাৱত সম্পূৰ্ণ কৰি আহিয়েই দিল্লীত "ছিগাল" ৰ পৰিচালনাত ব্যস্ত হৈ পৰিছে অভিনেতাগৰাকী ৷
![Anton Chekhov's world famous play Seagull at NSD directed by Baharul Islam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-07-2024/21876982_1-1.jpg)
শুকুৰবাৰে চূড়ান্ত আখৰাৰ মাজতে দিল্লীৰ পৰা বাহাৰুল ইছলামে এক ভিডিঅ’ বাৰ্তাযোগে ই টিভি ভাৰতক জনালে নাটখনৰ প্ৰস্তুতি সন্দৰ্ভত ৷ অভিনেতাগৰাকীয়ে ক'লে- "আটাইতকৈ ডাঙৰ কথাটো হ'ল- এই নাটকখনত জড়িত হৈ থকা ময়েই একমাত্ৰ অসমীয়া নহয় ৷ নাটকখন মোৰ পৰিচালনাত মঞ্চস্থ হ'ব ঠিকেই, কিন্তু মোৰ আটাইতকৈ ভাল লাগিছে এই কাৰণেই যে "ছিগাল"ত মই আৰু চাৰিগৰাকী অসমৰ শিল্পীক জড়িত কৰাব পাৰিছো ৷ ছিগাল হৈছে ৱেষ্টাৰ্ণ ৰিয়েলিজমৰ আধাৰত ৰচিত এণ্টন চেখভৰ এখন বিশ্ববিখ্যাত নাটক ৷ এই নাটকখনৰ কষ্টিউম ডিজাইন কৰিছে ভাগীৰথী বাই কদমে ৷ একেদৰে নাটখনৰ সংগীতৰ কাম কৰিছে অসমৰ উঠি অহা এগৰাকী তীক্ষ্ণ প্ৰতিভাসম্পন্ন সংগীতশিল্পী গৌৰাংগ নাৰায়ণ দেৱে আৰু পোহৰ নিয়ন্ত্ৰণৰ কামখিনি কৰিছে অসমৰ আন এগৰাকী প্ৰৱল প্ৰতিভাধৰ শিল্পী দিৱসজ্যোতি বৰুৱাই ৷ আনহাতে নাটকখনৰ আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে তৃতীয় বৰ্ষৰ ছাত্ৰ গকুলে ৷ গকুলৰ ঘৰ লখিমপুৰত ৷ এইটোহে মোৰ বাবে আটাইতকৈ গৌৰৱৰ কথা ৷ আশা কৰিছো দৰ্শকে ছিগাল চাই ভাল পাব ৷"
লগতে পঢ়ক : দৰৱৰ নামত জনতালৈ বৰবিহ: ৰাজনীতিৰ মেৰপাকত কোটিটকীয়া ব্যৱসায় - Baharul Islam starrer web series