ETV Bharat / entertainment

নতুন অসমীয়া ছবি "সুন্দৰপুৰ কেঅ’ছ" ৰ পৰিচালকে ক’লে এডজাষ্ট কৰাৰ কথা... - assamese film Sundarpur Chaos

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 9:16 PM IST

Assamese Film Sundarpur Chaos: শীঘ্ৰেই ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি সুন্দৰপুৰ কেঅ’ছ । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছে বলীউডৰ জনপ্ৰিয় গায়ক শ্বানে ।

Jhulan Krishna Mahanta
নতুন ছবি "সুন্দৰপুৰ কেঅ’ছ" (Jhulan Krishna Mahanta Instagram)

গুৱাহাটী, 19 জুলাই : এটি হৃদয়স্পৰ্শী কাহিনীৰে শীঘ্ৰেই ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি "সুন্দৰপুৰ কেঅ’ছ" । আৰ চি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ । ছবিখনৰ পৰিচালক ঝুলন কৃষ্ণ মহন্তই জনোৱা অনুসৰি ছবিখনৰ শ্বুটিং ইতিমধ্যে সম্পন্ন হৈছে ৷ বৰ্তমান ছবিখনৰ পোষ্ট প্ৰডাকশ্যনৰ কামসমূহ চলি আছে । সকলো ঠিকে থাকিলে ছেপ্টেম্বৰ-অক্টোবৰ মাহত মুক্তিলাভ কৰিব এই নতুন অসমীয়া ছবিখনে ।

"সুন্দৰপুৰ কেঅ’ছ" ৰ পৰিচালক ঝুলন কৃষ্ণ মহন্তৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

ইফালে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছে বলীউডৰ জনপ্ৰিয় গায়ক শ্বানে । এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, ‘এখন সৰু ঠাইৰ পৰা গুৱাহাটীলৈ অহা এজন ল’ৰা, গুৱাহাটীলৈ আহি ইয়াৰ যিটো জীৱনশৈলী বা মহানগৰীৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাবলৈ যি এক সংগ্ৰাম কৰিবলগীয়া হয় আৰু সেই সময়খিনিত ল’ৰাজনৰ যিটো মানসিক অৱস্থা হয়, সেই স্থিতিক লৈ আমাক এটা গীতৰ প্ৰয়োজন আছিল । সেই সময়খিনিত চৰিত্ৰটিৰ লগত খাপ খুৱাকৈ মঞ্জুলা হাজৰিকাই এটি গীত লিখিছিল । গীতটিত কণ্ঠদান কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন কণ্ঠশিল্পীৰ লগত কথা পতাৰ পাচত শ্বানৰ হতুৱাই কন্ঠদান কৰোৱাৰ সিদ্ধান্ত লোৱা হ’ল । গীতটিৰ সুৰ আৰু সংগীত সৌৰভ মহন্তৰ ।’

লগতে পঢ়ক : নতুন অসমীয়াছবি সুন্দৰপুৰ কেঅ'ছ (গোঁসাইঘৰত আউল)'ৰ পোষ্টাৰ মুকলি

ছবিখনৰ আন দুটি গীতত কন্ঠদান কৰিছে অংগৰাগ পাপন মহন্ত আৰু গায়ত্ৰী হাজৰিকাই । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিল্লীৰ নেশ্যনেল স্কুল অৱ ড্ৰামাৰ স্নাতক তথা সু-নৃত্যশিল্পী পাৰ্থ প্ৰতীম হাজৰিকাই । লগতে অভিনয় কৰিছে অৰুণ নাথ, জ্বলি লস্কৰ, ৰাজীৱ গোস্বামী, শিল্পী দত্ত, গাৰ্গী দত্ত আৰু আন বহু শিল্পীয়ে । ছবিখনৰ কাহিনী, সম্পাদনা, পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ । আনহাতে চিত্ৰগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ ৷ ছবিখনৰ সংগীত পৰিচালনা সৌৰভ মহন্তৰ, ডিজিটেল ইণ্টাৰমেডিয়েট ধনজিত দাসৰ, সাজসজ্জা ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গৰ ৷ ছবিখনৰ শব্দ সংমিশ্ৰণ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শব্দযন্ত্ৰী দেৱজিত গায়নৰ । উল্লেখ্য যে, ঝুলন কৃষ্ণ মহন্তই পৰিচালনা কৰা প্ৰথমখন ছবি "নদী মাথোঁ বয়" এ বহুকেইখন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱাৰ লগতে বঁটা লাভ কৰিবলৈয়ো সক্ষম হৈছে । মহন্তৰ প্ৰথমখন ছবিৰ দৰে এই ছবিখনো দৰ্শকে আদৰি ল’ব বুলি আশাবাদী পৰিচালক তথা ছবিখনৰ কলা-কুশলীসকল ৷

লগতে পঢ়ক : বলীউডৰ জনপ্ৰিয় গায়ক শ্বানৰ কণ্ঠত প্ৰাণ পাব সুন্দৰপুৰ কেঅ'ছ'ই - new assamese film sundarpur chaos

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.