ETV Bharat / entertainment

এক স্পৰ্শকাতৰ কিন্তু প্ৰাসংগিক বিষয়ক লৈ ছবিগৃহলৈ আহি আছে সুন্দৰপুৰ কেঅছ, আপুনি চাবলৈ সাজু নে ? - JHULAN KRISHNA SUNDARPUR CHAOS

Sundarpur chaos: সত্ৰৰ মাটি বেদখলৰ দৰে অসমৰ এটা জ্বলন্ত সমস্যাৰ কাহিনীৰে শীঘ্ৰেই ছবিগৃহলৈ সুন্দৰপুৰ কেঅছ ৷ এক বিশেষ প্ৰতিবেদন-

etv bharat exclusive interview with upcoming assamese film Sundarpur Chaos team
শীঘ্ৰেই ছবিগৃহলৈ সুন্দৰপুৰ কেঅছ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Oct 16, 2024, 12:41 PM IST

Updated : Oct 16, 2024, 12:48 PM IST

গুৱাহাটী, 16 অক্টোবৰ : অহা 25 অক্টোবৰ তাৰিখে ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি ‘সুন্দৰপুৰ কেঅছ’ । অসমৰ এক জ্বলন্ত সমস্যা, সত্ৰৰ মাটি বেদখলক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা এই ছবিখনৰ সন্দৰ্ভত ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷ এই সাক্ষাৎকাৰটোৰ জৰিয়তে সুন্দৰপুৰ কেঅছৰ কলা-কুশলীসকলে জনালে বহু কথা । এখন নিভাঁজ অসমীয়া ছবি দৰ্শকে উপভোগ কৰিব পাৰিব বুলি মন্তব্য কৰে তেওঁলোকে ৷ আৰ চি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ ।

ছবিখন সন্দৰ্ভত পৰিচালক ঝুলন কৃষ্ণ মহন্তৰ মন্তব্য

ছবিখন সন্দৰ্ভত মন্তব্য কৰি পৰিচালক ঝুলন কৃষ্ণ মহন্তই কয়, “আমাৰ এটা কৌতুক আছে নহয় কাঁইটীয়া তাঁৰ পাৰ হৈ অহা কিমান দিন হ’ল, পিঠিৰ দাগ চাগে যোৱাই নাই ? তেনেকুৱাই ছবিখনত কিবা এটা আছে । আমি সাধাৰণ মানুহ । আমাৰ সাধাৰণ মানুহৰ ওপৰতো ৰাজনীতিৰ বহু প্ৰভাৱ পৰে । বেদখল এটা এনেকুৱা সমস্যা যিটোৰ সমাধান এতিয়াও ওলোৱা নাই । এতিয়াও মাটি ঠেলি ঠেলি মানুহ সোমায়ে আছে বুলি আমি অভিযোগ শুনো । এনেকুৱা এটা বিষয়বস্তুক লৈয়ে ছবিখন নিৰ্মাণ কৰা হৈছে । ছবিখনৰ বিষয়বস্তু অতি প্ৰাসংগিক । সেয়ে আমি সকলোকে আহ্বান জনাইছো আহক ছবিখন চাওক ।”

এক আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

অভিনেতা পাৰ্থ প্ৰতীম হাজৰিকাৰ ভাষ্য

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতা পাৰ্থ প্ৰতীম হাজৰিকাই কয়, “কাঁইটীয়া তাঁৰ আৰু কিংকৰৰ মাজত কি সম্পৰ্ক আছে সেইটো জানিবলৈ দর্শক 25 অক্টোবৰত ছবিগৃহলৈ যাব লাগিব । যিখন দেশৰ মানুহে নিজৰ জাতিটোক লৈ, নিজৰ অৰ্থনীতিক লৈ সংগ্ৰাম কৰি আছে, তেনেকুৱা এখন দেশত যদি বাহিৰৰ পৰা বেলেগ মানুহ আহি সোমাই তেতিয়া কেনেকুৱা সমস্যাৰ সৃষ্টি হ’ব পাৰে তেনেকুৱা কথা লৈয়ে ছবিখন নিৰ্মাণ কৰা হৈছে ।”

লগতে পঢ়ক : পূজাৰ পাছতে আহি আছে 'সুন্দৰপুৰ কেঅছ' - Assamese film Sundarpur Chaos

নতুন অসমীয়া ছবি "সুন্দৰপুৰ কেঅ’ছ" ৰ পৰিচালকে ক’লে এডজাষ্ট কৰাৰ কথা... - assamese film Sundarpur Chaos

অভিনেত্ৰী জ্বলি লস্কৰৰ মন্তব্য

“কাঁইটীয়া তাঁৰেই হওক বা সত্ৰৰ ভূমি বেদখলেই হওক এইবোৰ বিষয় আমি চৰকালৈও কিয় ঠেলি দিওঁ ? আমি কিয় নিজেই আগবাঢ়ি নাযাওঁ ? চৰকাৰটো 5 বছৰৰ মূৰে মূৰে সলনি হৈ থাকিব । মোৰ কথা হ’ল মোৰ মাটি, মোৰ সত্ৰ । আগতে আমি কিয় আগবাঢ়ি নাযাওঁ । আমি তেনেকুৱা এটা বিষয়বস্তুয়ে ছবিখনত উপস্থাপন কৰি মানুহ মাজলৈ পঠিয়াব বিচাৰিছো আচলতে আমি কি কৰা উচিত । ছবিখন এখন নিভাঁজ অসমীয়া ছবি, অসমৰ সমস্যা বিষয়বস্তু হিচাপে ছবিখন নিৰ্মাণ কৰা হৈছে ।”

অভিনেত্ৰী গাৰ্গী দত্তৰ মন্তব্য

আৰ চি প্ৰডাকশ্যনৰ বেনাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে । চাৰিজনীয়া এটি পৰিয়াল দৰ্শকে দেখিবলৈ পাব ৷ ছবিখনৰ বিষয়বস্তুৰ লগত খাপ খোৱাকৈ দুটি গীত আছে আৰু এটি ঘোষা আছে । অভিনেত্ৰী গাৰ্গী দত্তই জানিবলৈ দিয়ে, “ছবিখনৰ তিনিটা গীতৰ ভিতৰত এটা গীতত কণ্ঠদান কৰিছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্বানে । যিটো আমাৰ বাবে এটা গৌৰৱৰ বিষয় । লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ মৰ্দনৰ অন্তৰ্ভুক্ত দুটি ঘোষা আৰু কেইটিমান পদেৰে সৃষ্টি কৰা এটি প্ৰসংগত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই । লগতে আন এটি গীতত গায়ত্ৰী হাজৰিকাই ।”

উল্লেখ্য যে, আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নেশ্যনেল স্কুল অফ ড্ৰামা, দিল্লীৰ স্নাতক তথা সু-নৃত্যশিল্পী পাৰ্থ প্ৰতীম হাজৰিকাই । লগতে অভিনয় কৰিছে অৰুণ নাথ, জ্বলি লস্কৰ, ৰাজীৱ গোস্বামী, শিল্পী দত্ত, গাৰ্গী দত্ত আৰু আন বহু শিল্পীয়ে । ছবিখনৰ কাহিনী, সম্পাদনা, পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ । আনহাতে চিত্রগ্রহণ চন্দ্ৰ কুমাৰ দাসৰ ৷ ছবিখনৰ সংগীত পৰিচালনা সৌৰভ মহন্তৰ, ডি আই ধনজিৎ দাসৰ, সাজসজ্জা ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গৰ আৰু শব্দ সংমিশ্রণ ৰাষ্ট্রীয় বঁটাপ্রাপক শব্দযন্ত্রী দেৱজিত গায়নৰ ।

লগতে পঢ়ক : আহিবলগীয়া চিনেমা সুন্দৰপুৰ কেঅ'ছৰ গীত মুকলি অনুষ্ঠান - JHULAN KRISHNA MAHANTA MOVIES

বলীউডৰ জনপ্ৰিয় গায়ক শ্বানৰ কণ্ঠত প্ৰাণ পাব সুন্দৰপুৰ কেঅ'ছ'ই - new assamese film sundarpur chaos

Last Updated : Oct 16, 2024, 12:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.