ETV Bharat / entertainment

এ ৱতন মেৰে ৱতনৰ পৰা ইমৰাণ হাছমীৰ ফাৰ্ষ্ট লুক প্ৰকাশ - Ae Watan Mere Watan

Emran Hashmi First Look: শীঘ্ৰেই মুক্তি পাব ছাৰা আলী খানৰ ছবি এ ৱতন মেৰে ৱতন । ইফালে আজি ছবিখনৰ পৰা ইমৰাণ হাছমীৰ ফাৰ্ষ্ট লুক মুকলি কৰা হৈছে ।

Emraan Hashmi first Look Poster out from Sara Ali khan film Ae Watan Mere Watan
ইমৰাণ হাছমীৰ ফাৰ্ষ্ট লুক প্ৰকাশ
author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 4:22 PM IST

চিটাৰা ডেস্ক, ১১ মাৰ্চ: ছাৰা আলী খানৰ আগন্তুক ছবি ‘এ ৱতন মেৰে ৱতন’এ বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে । এই ছবিখনক লৈ বহুদিনৰে পৰা চৰ্চা চলি আহিছে । শীঘ্ৰে ছবিগৃহত মুক্তি পাব ছবিখন । কিছুদিন পূৰ্বে ছবিখনৰ পৰা প্ৰকাশ পাইছিল ছাৰা আলী খানৰ লুক । ইফালে আজি ছবিখনত কেমিঅ’ হিচাপে অভিনয় কৰা ইমৰাণ হাছমীৰ লুক প্ৰকাশ পাইছে । ছবিখনত অভিনেতাগৰাকীক ৰাম মনোহৰ লোহিয়াৰ চৰিত্ৰত দেখা যাব ।

এ ৱতন মেৰে ৱতন পৰা ইমৰাণ হাছমীৰ প্ৰথম লুক প্ৰকাশ

ইমৰাণ হাছমীৰ লুকটো আমাজন প্ৰাইম ভিডিঅ’ই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰিছে । এই পোষ্টটোত অভিনেতাগৰাকীক ৰাম মনোহৰক লোহিয়াৰ চৰিত্ৰত দেখা গৈছে । লগতে ছবিখনৰ মুক্তিৰ তাৰিখ পোষ্টাৰত লিখা আছে । এই পোষ্টটোৰ লগত দিয়া কেপচনত লিখা আছে,‘‘স্বাধীনতাৰ নিৰ্ভীক কণ্ঠ সম্প্ৰচাৰ কৰিব লাগিব ।’’ পোষ্টাৰখনত ইমৰাণে ৰাম মনোহৰ লোহিয়াৰ ৰূপত স্বাধীনতাৰ যুঁজত যোগ দিয়া দেখা গৈছে ।

ৰাম মনোহৰ লোহিয়া কোন আছিল ?

উল্লেখ্য যে, ভাৰত ত্যাগ আন্দোলনৰ সময়ত গুৰুত্বপূৰ্ণ আণ্ডাৰগ্ৰাউণ্ড ৰেডিঅ’ প্ৰতিষ্ঠা আৰু পৰিচালনাত ৰাম মনোহৰ লোহিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । গোটেই যাত্ৰাত বহুবাৰ কাৰাবন্দী আৰু অত্যাচাৰৰ সন্মুখীন হ’লেও তেওঁ সমগ্ৰ জীৱন ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে দেশৰ হৈ যুঁজ দি গৈছিল ।

ইমৰাণে এই চৰিত্ৰটোক লৈ কি কৈছে ?

চিনেমাখনত নিজৰ চৰিত্ৰৰ বিষয়ে ইমৰাণে কয়, “মই আগতে কেতিয়াও স্বাধীনতা সংগ্ৰামীৰ চৰিত্ৰত অভিনয় কৰা নাছিলো, আৰু ৰাম মনোহৰ লোহিয়া হিচাপে নিজকে গঢ় দিয়াৰ সুযোগ পোৱাটো আছিল এক ডাঙৰ অভিজ্ঞতা । এয়া আছিল এক সন্মানৰ বিষয় । এনে কাহিনীৰ অংশ হোৱাটো এক সৌভাগ্যৰ কথা । ’’

কেতিয়া মুক্তি পাব ছবিখন ?

ছবিখন প্ৰযোজনা কৰিছে কৰণ জোহৰ, অপূৰ্ব মেহতা আৰু সোমেন মিশ্ৰই । আনহাতে পৰিচালনা কৰিছে কন্নন আয়াৰে । ছবিখনৰ কাহিনী লিখিছে আয়েৰ আৰু দৰব ফাৰুকীয়ে । ছবিখনত ছাৰা আলী খানে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ইমৰাণ হাছমীয়ে কেমিঅ’ হিচাপে অভিনয় কৰিছে । ইয়াৰ উপৰিও শচীন খেদেকাৰ, অভয় বৰ্মা, স্পৰ্শ শ্ৰীবাস্তৱ, এলেক্স অ’নিল আৰু আনন্দ তিৱাৰীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন ২১ মাৰ্চত হিন্দী, তামিল, তেলুগু, মালয়ালম আৰু কানাড়া ভাষাত Amazon Prime Video ত মুক্তি পাব ।

লগতে পঢ়ক: স্বাধীনতাৰ যুঁজত অংশগ্ৰহণ ছাৰা আলী খানৰ, এ ৱতন মেৰে ৱতনৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.