ETV Bharat / entertainment

শ্বেৰৱানী পিন্ধি গাড়ীত উঠি কোনফালে ওলাল নাগা চৈতন্য ? - Naga Chaitanya marriage

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 12:51 PM IST

Naga Chaitanya wedding: গোপনে কৰা এংগেজমেণ্টৰ পিচত দক্ষিণৰ ছুপাৰষ্টাৰ নাগাৰ্জুনৰ পুত্ৰ নাগা চৈতন্য গোপনে বিয়াত বহিলে নেকি ? শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত নাগা চৈতন্যৰ এটা নতুন ভিডিঅ’ দেখিবলৈ পোৱা গৈছে ৷ শ্বেৰৱানী পৰিধান কৰি বিবাহৰ শোভাযাত্ৰাৰ সৈতে দেখা গৈছে অভিনেতাজনক । ভাইৰেল ভিডিঅ’টো চাওক…

Did Naga Chaitanya get married after a secret engagement Nagarjuna son video goes viral watch
নাগা চৈতন্য (IANS)

চিটাৰা ডেস্ক, 28 আগষ্ট : দক্ষিণৰ তাৰকা নাগা চৈতন্য আৰু শোভিতা ধুলিপালাৰ চলিত মাহৰ আৰম্ভণিতে এংগেজমেণ্ট হয় । তেওঁলোকৰ এংগেজমেণ্টৰ খবৰে অনুৰাগীসকলে যথেষ্ট আচৰিত কৰি তোলে । তেওঁলোকৰ বিয়াৰ তাৰিখ আৰু স্থান সন্দৰ্ভত বহু বাতৰি প্ৰকাশ হৈ আছে । তেনেকুৱাতে বৰযাত্ৰীৰ সৈতে নাগা চৈতন্যৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ'টোৱে তেওঁৰ অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে ।

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত নাগা চৈতন্যক ফুলেৰে সজোৱা এখন বিলাসী গাড়ীত শ্বেৰৱানী পিন্ধি থকা দেখা গৈছে । কিছুমান লোকক অভিনেতাজনৰ গাড়ীৰ সন্মুখত দেখা গৈছে, যিসকলে ঢোলৰ তালে তালে নাচি আছে । এই ভিডিঅ'টো দেখাৰ পিচত, নাগা চৈতন্যই শোভিতাক বিয়া কৰাই নেকি বুলি সকলোৰে মনত প্ৰশ্ন উত্থাপিত হয় ।

বিবাহ সন্দৰ্ভত নাগা চৈতন্যৰ প্ৰকাশ

আচলতে নাগা চৈতন্যৰ এই ভাইৰেল ভিডিঅ’ তেওঁৰ বিয়াৰ নহয় । যোৱা মঙলবাৰে (27 আগষ্ট) হায়দৰাবাদৰ এখন ফেশ্বন ডিজাইনাৰ ষ্ট’ৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে তেওঁ । এই অনুষ্ঠানত তেওঁ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । ফিটা কাটি তেওঁ ষ্ট’ৰখন উদ্বোধন কৰে । ইফালে সংবাদ মাধ্যমৰ বহুজনে অভিনেতাজনক তেওঁৰ বিবাহৰ পৰিকল্পনাৰ বিষয়ে সোধাত নাগা চৈতন্যই কয় যে তেওঁ অতি শীঘ্ৰে বিয়াৰ স্থান আৰু অন্যান্য সবিশেষ সংবাদ মাধ্যমক অৱগত কৰিব । অৱশ্যে বিবাহ অনুষ্ঠানটো আড়ম্বৰেৰে উদযাপন নকৰি পৰিয়াল আৰু ঘনিষ্ঠ লোকৰ সৈতে উদযাপন কৰিবলৈ তেওঁৰ মন আছে বুলি উল্লেখ কৰে ।

নাগা চৈতন্যই 8 আগষ্টত শোভিতাৰ লগত বাগদান কৰে

বিবাহৰ তিনি বছৰৰ অন্তত দক্ষিণৰ অভিনেত্ৰী সামন্তা ৰুথ প্ৰভুৰ সৈতে বিবাহ বিচ্ছেদ হয় নাগা চৈতন্যৰ । শেহতীয়াকৈ তেওঁ শোভিতা ধুলিপালৰ সৈতে বাগদান কৰে । শোভিতা এগৰাকী অভিনেত্ৰী । সংবাদ মাধ্যমৰ খবৰ অনুসৰি 2022 চনৰ পৰা নাগা চৈতন্য আৰু শোভিতাই ডেট কৰিবলৈ আৰম্ভ কৰিছিল আৰু 2024 চনৰ 8 আগষ্টত হায়দৰাবাদত পৰিয়ালৰ সদস্যৰ উপস্থিতিত বাগদান কৰে ।

লগতে পঢ়ক : বাগদান হৈ গ’ল নাগা-শোভিতাৰ : পিতৃয়ে শ্বেয়াৰ কৰিলে ফটো - Naga Chaitanya Sobhita Engaged

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.