ETV Bharat / entertainment

অনলাইন ট্ৰেডিং কাণ্ড: বিশাল-চুমীৰে ঘনিষ্ঠতা নাই দীপলীনাৰ, মানসিক কষ্ট হৈছে যতীন বৰাৰ - ONLINE TRADING SCAM

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 5:17 PM IST

Sumi Bora Bishal Phukan: অকস্মাতে খেলিমেলি লাগি গ’ল বহুতৰ জীৱনত ৷ তিনিটা নামে জলীউড তাৰকাৰ টোপনি কাঢ়ি নিছে ৷ বিশাল-চুমী-তাৰ্কিক ৷ বিশাল আছে আৰক্ষীৰ সৈতে, আনহাতে বৰা দম্পতী বৰ্তমানেও পলাতক ৷ তাৰ মাজতে ছ’চিয়েল মিডিয়াত পুৰণা-ফটো দেখি নেটিজেনে টানি আনিছে এজনৰ পিছত সিজন তাৰকাক ৷ সামাজিক মাধ্যমযোগে বহুতে দিছে স্পষ্টীকৰণ ৷

Deeplina deka jatin bora clarifies their stand on bishal sumi online trading scam
বহুতে দিছে স্পষ্টীকৰণ (Instagram)

গুৱাহাটী, 6 ছেপ্টেম্বৰ : ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনৰ গ্ৰেপ্তাৰৰ পাছতে এতিয়া তোলপাৰ লাগিছে ৰাজ্যত । বিশাল ফুকনৰ লগত কোটি কোটি টকাৰ প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে কৰিঅ'গ্ৰাফাৰ তথা অভিনেত্ৰী চুমী বৰাৰ লগতে তেওঁৰ ফটোগ্ৰাফাৰ স্বামী আৰু ককায়েক-বৌৱেকৰ বিৰুদ্ধেও । বিশাল আৰু চুমীৰ এই প্ৰবঞ্চনাৰ জালত নাম সাঙোৰ খাইছে অসমৰ বহুকেইগৰাকী নামী-দামী অভিনেতা-অভিনেত্ৰীৰ ।

দীপলিনাৰ ভাষ্য (ETV Bharat Assam)

একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি বিশাল-চুমীৰ ট্ৰেডিঙৰ নামত ধন বিনিয়োগ কৰিছিল যতীন বৰা, প্ৰস্তুতি পৰাশৰ, দীক্ষু, গীতালি দেৱী, মণ্টুমণি, দীপলীনা ডেকা, নীলাক্ষী নেওগ আৰু আদিত্যম শইকীয়াই । সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশৰ পাছতেই এতিয়া স্পষ্টীকৰণ প্রায় সংখ্যাক অভিনেতা-অভিনেত্ৰীৰ ।

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কণ্ঠশিল্পী দীপলীনা ডেকাৰ স্পষ্টীকৰণ

এই সমগ্ৰ ঘটনা সন্দৰ্ভত শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত কণ্ঠশিল্পী দীপলীনা ডেকাই কয়, “মোৰ যিখিনি কথা ক’বলগীয়া আছিল ইতিমধ্যে মই সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দিছোঁ । তেওঁলোকৰ লগত মোৰ কোনো ধৰণৰ ব্যৱসায়িক সম্পৰ্ক নাই । চুমী বৰাৰ পূৰ্বে মোৰ সম্পৰ্ক তাৰ্কিকৰ লগতহে, তাৰ্কিকৰ জৰিয়তেহে চুমীৰ লগত চিনাকী । 2021 চনত মই বিশাল ফুকনক এটা অনুষ্ঠানত লগ পাইছিলোঁ, তাৰ পাছত মই চুমীৰ জৰিয়তে তেওঁলোকৰ বিয়াত বিশাল ফুকনক লগ পাইছিলো । চুমীৰ লগত মোৰ কামৰ ক্ষেত্ৰতহে চিনাকি, তেওঁৰ লগত দুটা গানৰ কাম কৰিছিলোঁ । তেওঁলোকৰ লগত মোৰ সম্পৰ্ক সাংঘাতিক ঘনিষ্ঠও নহয় ।”

লগতে পঢ়ক : চুমী বৰা আৰু তাৰ্কিক বৰাৰ আত্মগোপন : কি ক'লে শিল্পী গীতালি দেৱীয়ে - Bishal Phukan Trading Scam

সামাজিক মাধ্যমযোগে যতীন বৰাৰ স্পষ্টীকৰণ

কিছুসময় পূৰ্বে সমাজিক মাধ্যমযোগে স্পষ্টীকৰণ দি যতীন বৰাই উল্লেখ কৰিছে, “শেহতীয়াভাৱে ট্ৰেডিং বিতৰ্কত যতীন বৰা অৰ্থাৎ মোক তথা মোৰ দ্বাৰা পৰিচালিত আৰু আমাৰ প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত 'ৰাঘৱ' চিনেমাখনক সাঙুৰি বিভিন্ন কথা প্ৰচাৰ কৰি থকা মোৰ দৃষ্টিগোচৰ হৈছে । এইখিনিতে কেইটামান কথা স্পষ্ট কৰি দিওঁ । চুমী বৰাৰ লগত মোৰ সম্পৰ্ক সম্পূৰ্ণ পেছাদাৰী । ডিব্ৰুগড়ৰ এখন বিহু অনুষ্ঠানত মই সপত্নীক চুমী বৰাক এগৰাকী নৃত্যশিল্পী হিচাপে প্ৰথম দেখা পাইছিলোঁ । সেই সময়ত আমাৰ চিনেমা 'ৰাঘৱ'ৰ কাৰণে নতুন মুখ বিচাৰি আছিলোঁ আৰু সেইবাবেই চুমী বৰাক নিৰ্দিষ্ট সেই চৰিত্ৰটোৰ কাৰণে পৰ্যাপ্ত পাৰিশ্ৰমিকৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিলোঁ আৰু তেওঁ অভিনয়ৰ বাবত নিজৰ পাৰিশ্ৰমিক লাভ কৰিছিল । বিশাল ফুকনক শ্বুটিঙৰ সময়ত চুমী বৰাৰ ভায়েক হিচাপেই দেখিছিলোঁ । সিমানেই । তাৰ বাহিৰে 'ৰাঘৱ'ত কোনো বিশাল ফুকন, চুমী বৰাৰ ধন বিনিয়োগৰ প্ৰশ্নই নাহে । 'ৰাঘৱ' নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযোজনাৰ সকলো নথি-পত্ৰ মোৰ হাতত মজুত আছে । প্ৰয়োজনত সংশ্লিষ্ট কৰ্তৃপক্ষক দেখুৱাব পাৰিম । যিহেতু চুমী বৰাই চিনেমাখনত অভিনয় কৰিছিল আৰু প্ৰচাৰৰ সময়তো তেওঁ আমাৰ সৈতে অসমৰ বিভিন্ন স্থানলৈ গৈছিল । সেই সূত্ৰেই তেওঁ তেওঁৰ বিয়ালৈ আমাক নিমন্ত্ৰণ দিছিল আৰু আমি গৈছিলোঁ । তাতকৈ অধিক একো সম্পৰ্কয়ে নাই । কাৰোবাৰ বিয়া খাবলৈ যোৱা বা আন অনুষ্ঠানলৈ যোৱা মানেই তেওঁৰ ব্যৱসায়ত ধন বিনিয়োগ কৰাটো নুবুজায় । একাংশ সংবাদ মাধ্যমে যিদৰে ট্ৰেডিঙত মই ধন বিনিয়োগ কৰা আৰু 'ৰাঘৱ'ত তেওঁলোকে ধন বিনিয়োগ কৰা বুলি উল্লেখ কৰিছে, সেয়া গোকাট মিছা কথা । আজি অতবছৰে অভিনয়ৰ ক্ষেত্ৰত কষ্ট কৰি আছোঁ আৰু এতিয়াও ভ্ৰাম্যমাণ থিয়েটাৰত কষ্ট কৰিয়েই আছোঁ । ৰাইজৰ মৰমো পাইছোঁ । কিন্তু এনেকৈ বাৰে বাৰে মোৰ নামটো ব্যৱহাৰ কৰা দেখি মই মানসিকভাৱে যথেষ্ট কষ্ট পাইছোঁ । এইক্ষেত্ৰত কোনো ধৰণে মোক সাঙুৰি মোক অশান্তি নিদিবলৈ সকলো পক্ষকে আহ্বান জনালোঁ । লগতে কোনো সংবাদ মাধ্যমেও এইক্ষেত্ৰত মোৰ মন্তব্য লোৱাৰ বাবে মোৰ সৈতে যোগাযোগ নকৰিবলৈ অনুৰোধ জনালোঁ । যিটো বিষয়ত মই কোনো প্ৰকাৰে জড়িতই নহয় সেইটো বিষয়ত বাগাৰম্বড় কৰাত আগ্ৰহীও নহয় । গতিকে মোক শান্তিত অভিনয় কৰি অসমৰ ৰাইজে মোৰ পৰা বিচৰাখিনি আগবঢ়াই দিবলৈ মোক সুস্থিৰভাৱে আৰু সুন্দৰভাৱে কাম কৰিবলৈ দিয়ক । ধন্যবাদ ।”

ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যম যোগে ইতিমধ্যে স্পষ্টীকৰণ দিছে প্ৰস্তুতি পৰাশৰ, মণ্টুমণি, নীলাক্ষী নেওগকে ধৰি এই ঘটনাৰ লগত নাম সাঙোৰ খোৱা একাংশ অভিনেতা-অভিনেত্ৰী তথা গায়ক-গায়িকাই । তেওঁলোকক বিষয়টোৰ সৈতে সাঙুৰি ইতিমধ্যেই প্ৰচাৰিত বাতৰিসমূহৰ কোনো ভিত্তি নাই বুলি সামাজিক মাধ্যমৰ যোগেদি নিজৰ বক্তব্য প্ৰকাশ কৰিছে আটাইকেইজনে ৷

লগতে পঢ়ক : চুমীৰ 'ডেষ্টিনেশ্যন' ক’ত ? দীক্ষুৰ ঘৰত পুলিচ : নাম সাঙোৰ খাইছে বহু শিল্পীৰ - Bishal Phukan Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.