ETV Bharat / entertainment

আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা কলাক্ষেত্ৰত সাংস্কৃতিক সমাৰোহ 2024 - Cultural Events 2024

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 10:46 AM IST

Cultural events 2024 in kalakshetra: শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ‘‘সাংস্কৃতিক সমাৰোহ 2024’’ শীৰ্ষক এক অনুষ্ঠান । অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত । 11 খন আদৰ্শ বিদ্যালয়ৰ 200 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে অংশগ্ৰহণ কৰে অনুষ্ঠানটোত ৷

Cultural events 2024
আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা কলাক্ষেত্ৰত ‘সাংস্কৃতিক সমাৰোহ 2024’ (ETV Bharat assam)

গুৱাহাটী, 15 জুলাই: দেওবাৰে মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় ‘‘সাংস্কৃতিক সমাৰোহ-2024’’ শীৰ্ষক এক অনুষ্ঠান । আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ সাংস্কৃতিক প্ৰতিভা পৰিৱেশন কৰে ৷

শিক্ষা বিভাগৰ অধীনস্থ আদৰ্শ বিদ্যালয় সংগঠন, অসমৰ উদ্যোগত অনুষ্ঠিত হয় এই সাংস্কৃতিক অনুষ্ঠানটো । অনুষ্ঠানটোত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত । অনুষ্ঠানত আদৰ্শ বিদ্যালয়সমূহৰ ছাত্র-ছাত্রীসকলে প্ৰদৰ্শন কৰে সাংস্কৃতিক প্রতিভা । অনুষ্ঠানত অংশ লয় ৰাজ্যৰ 11 খন আদৰ্শ বিদ্যালয়ৰ 200 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি এই অনুষ্ঠান তথা আদর্শ বিদ্যালয় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আদৰ্শ বিদ্যালয় অসমৰ শিক্ষা জগতত এক গুৰুত্বপূৰ্ণ সংযোজন । আমাৰ ৰাজ্যত ছেবাৰ দ্বাৰা পৰিচালিত 4000 ত কৈ অধিক বিদ্যালয় আছে । আমি এখন কমিটি গঠন কৰি বিদ্যালয়সমূহ পৰিচালনাৰ দায়িত্ব দিছিলোঁ । এই বিদ্যালয়বোৰৰ পৰা 96.44 শতাংশ শিক্ষাৰ্থী পৰীক্ষাত উৰ্ত্তীণ হৈছে । আদৰ্শ বিদ্যালয়সমূহত আমি সুন্দৰ চৌহদৰ ব্যৱস্থা কৰিছো ।"

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "যোৱা বছৰ আমি প্ৰায় 8 কোটি টকাৰ ব্যয়েৰে নতুন বিদ্যালয় নিৰ্মাণ কৰিছো । এই বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকল ক্ৰীড়া, NCC আৰু সাংস্কৃতিক দিশত আগবাঢ়ি যাবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে । গাঁৱৰ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে যাতে CBSE ত পঢ়িব পাৰে, সেইবাবে আমি এই বিদ্যালয়সমূহ আৰম্ভ কৰিছো । প্ৰতিটো সমষ্টিত এখন কৈ আমি আদৰ্শ বিদ্যালয় আৰম্ভ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছো ।"

লগতে পঢ়ক: তেজস্বিনীৰ উদ্যোগত বালা কলা উৎসৱম - Bala Kala Utsavam

শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণৰত নতুন প্ৰেক্ষাগৃহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma

মধ্যাহ্ন ভোজনৰ নীতি-নিৰ্দেশনা পালন নকৰাৰ অভিযোগ একাংশ বিদ্যালয়ৰ বিৰুদ্ধে - mid day meal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.