ETV Bharat / entertainment

কমেডিয়ান ভাৰতী সিঙৰ ইউটিউব চেনেল হেক ! - Bharti Singh youtube channel

Bharti Singh Youtube channel: কৌতুক অভিনেত্ৰী ভাৰতী সিঙৰ ইউটিউব পডকাষ্ট চেনেল হেক হৈছে । নিজৰ সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰি ইউটিউব ইণ্ডিয়াৰ পৰা সহায় বিচাৰিছে ভাৰতীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 8:09 PM IST

Comedian Bharti Singh Youtube channel hacked Comedian seeks help
ভাৰতী সিং (IANS)

চিটাৰা ডেস্ক, 18 জুলাই : কমেডিয়ান অভিনেত্ৰী ভাৰতী সিঙৰ ইউটিউব চেনেল - ভাৰতী টিভি নেটৱৰ্ক হেক হৈছে । বুধবাৰে সন্ধিয়া তেওঁ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰি নিজৰ এই অধ্যায়ৰ কথা সকলোকে অৱগত কৰে । তেওঁ দাবী কৰে যে হেকাৰে তেওঁৰ ইউটিউব চেনেলৰ নাম আৰু অন্যান্য সবিশেষ সলনি কৰিছে । ইয়াক গুৰুতৰ বিষয় বুলি অভিহিত কৰি কমেডিয়ানগৰাকীয়ে ইউটিউব ইণ্ডিয়াৰ পৰা সহায় বিচাৰিছে ।

Comedian Bharti Singh Youtube channel hacked Comedian seeks help
ভাৰতী সিঙৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Bharti Singh Instagram Story)

ভাৰতী সিঙে ভিডিঅ’ শ্বেয়াৰ কৰি বিচাৰিলে সহায়

ভাৰতীয়ে স্বামীৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত কয়, ‘আমি এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছো । ইউটিউবত আমাৰ প'ডকাষ্ট চেনেল ভাৰতী টিভি নেটৱৰ্ক হেক কৰা হৈছে । চেনেলটোৰ নাম আৰু সবিশেষ সলনি কৰাৰ আগতেই আমি এই বিষয়ে সতৰ্ক কৰিছো । YouTube India, আমাৰ কন্টেন্ট সুৰক্ষিত কৰিবলৈ আপোনালোকৰ সহায়ৰ প্ৰয়োজন । ইয়াৰ সমাধানত আমাক সহায় কৰক ।’

বহু বিখ্যাত ব্যক্তি উপস্থিত হৈছে এই প’ডকাষ্টত

ভাৰতী টিভি নেটৱৰ্ক ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ দ্বাৰা পৰিচালিত এটা প'ডকাষ্ট চেনেল । এতিয়ালৈকে তেওঁ নিজৰ শ্ব’ত বহু জনপ্ৰিয় লোকক অতিথি হিচাপে আমন্ত্ৰণ জনাইছে । ৰোহিত শ্বৰাফ, নৱাজুদ্দিন ছিদ্দিকী, অভিষেক কুমাৰ, এমি বিৰ্ক, কিচম বাজৱা, অ’ৰী প্ৰিয়ংক চৌধুৰী এওঁলোকৰ নাম উল্লেখ কৰিব পাৰি । প’ডকাষ্টৰ শেহতীয়া খণ্ডটোলৈ আহিছিল অভিনেতা ৰণদ্বীপ হুড্ডা ।

গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ পিচত বিখ্যাত হৈ পৰে ভাৰতী সিং ৷ তেতিয়াৰ পৰাই কমেডী চাৰ্কাছকে ধৰি অন্যান্য কমেডী শ্ব’তো অংশগ্ৰহণ কৰি আহিছে তেওঁ । 2017 চনৰ ডিচেম্বৰ মাহত ভাৰতীয়ে লেখক আৰু নিৰ্মাতা হৰ্ষ লিম্বাচিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় । এই দম্পতীয়ে নাচ বলিয়ে ৮ কে ধৰি বহু ৰিয়েলিটী শ্ব’ত একেলগে অংশ লৈছে । বহু অনুষ্ঠানত তেওঁলোকে আয়োজক হিচাপেও কাম কৰিছে ৷ বৰ্তমান ভাৰতীক লাফটাৰ চেফচ আনলিমিটেড এণ্টাৰটেইনমেণ্ট 2024, চিজন 1 ত দেখা যায় ।

লগতে পঢ়ক : কন্টেন্ট ক্ৰিয়েটৰ আনভী কামদাৰ ৰিল বনাই থাকোঁতে মৃত্যুমুখত পৰে - Content Creator Aanvi Kamdar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.