গুৱাহাটী : দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে যশস্বী অভিনেত্ৰী বিদ্যা ৰাও । কিছুদিন পূৰ্বে নিজা বাসগৃহতে পিচলি পৰিছিল অভিনেত্ৰী বিদ্যা ৰাও । ইয়াৰ পিছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসাৰ অন্তত চিকিৎসকৰ পৰামৰ্শ অনুসৰি এতিয়া ঘৰতে জিৰণি লৈ আছে অভিনেত্ৰীগৰাকীয়ে ।
দেওবাৰে অভিনেত্ৰীগৰাকীৰ মহানগৰীৰ বাসগৃহত উপস্থিত হয় মেয়ৰ মৃগেন শৰণীয়া । অসমীয়া চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেত্ৰীগৰাকীৰ অসুস্থতাৰ খবৰ লোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা দুই লাখ টকাৰ চেক প্ৰদান কৰে মৃগেন শৰণীয়াই । তেওঁৰ লগতে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ ৩০ নং ৱাৰ্ডৰ পাৰিষদ বিনিতা দত্ত চৌধুৰী ।
অসমৰ চলচ্চিত্ৰ জগতৰ স্বৰ্ণীল সময়খিনিক প্ৰতিনিধিত্ব কৰিছিল একালৰ মোহময়ী তথা চিৰসেউজ অভিনেত্ৰী বিদ্যা ৰাওৱে । অৰণ্য, ঘৰ-সংসাৰ, আজলী নবৌ, সংগ্ৰাম, মন মন্দিৰ, সেন্দূৰ আদিকে ধৰি অনেক সফল ছবিত অভিনয় কৰিছিল তেওঁ ৷ আকর্ষণীয় সৌন্দর্য আৰু সাৱলীল অভিনয়ৰে অসমীয়া চলচিত্ৰপ্ৰেমীৰ বুকুত আলোড়ন তুলিছিল এইগৰাকী নায়িকাই । ছবছৰ বয়সতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ছবি শকুন্তলাত শিশু চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল । কেৱল অসমীয়া ছবিয়েই নহয়, কেইবাখনো বাঙালী ভাষাৰ ছবিতো অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে । ইয়াৰোপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো অভিনয় কৰিছে এসময়ৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে ।
অসমীয়া ছবিজগতলৈ যশস্বী অভিনেত্ৰী বিদ্যা ৰাওৱে আগবঢ়োৱা বৰঙণিৰ বাবে অসমৰ অগ্ৰণী অনুষ্ঠান ‘জ্যোতিৰূপা’ ৰ তৰফৰ পৰা অভিনেত্ৰীগৰাকীলৈ ‘জীৱনজোৰা সাধনাৰ বঁটা’ আগবঢ়োৱা হয় । লগতে অসম চৰকাৰে তেওঁক ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ৰে সন্মানিত কৰিছে ।
লগতে পঢ়ক : অনুৰাগীসকলক নিজৰ এক আধৰুৱা সপোনৰ কথা জনালে জুবিনে, কিয় বাস্তৱ নহ‘ল সেই সপোন !