ETV Bharat / entertainment

প্ৰগতিশীল সময়ত প্ৰেমত পৰি পাহৰি যাব পাৰি নেকি চহৰমুখী সপোন ?

‘আকাশ বিচাৰি- ইনটু দ্য স্কাই’ আৰু ‘ৰং- দ্য কালাৰ’ৰ দৰে বহুল প্ৰশংসিত চুটি ছবিৰ পাছত বৰলুইত প্ৰডাকশ্যন বেনাৰত আহি আছে প্ৰথমখন পূৰ্ণদৈঘ্য ছবি ‘ডিফলু’।

Borluit Productions starts shooting for its first Full-length Assamese film titled dipholu
টীম ডিফলু (Photo: ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী : আগন্তুক বৰ্ষত আহিবলগীয়া ছবিসমূহৰ ভিতৰত এখন প্ৰত্যাশিত ছবি হৈছে ‘ডিফলু’ । বৰলুইত প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ ইতিমধ্যে আৰম্ভ হৈছে দৃশ্যগ্ৰহণ । ‘আকাশ বিচাৰি- ইনটু দ্য স্কাই’ আৰু ‘ৰং- দ্য কালাৰ’ৰ দৰে বহুল প্ৰশংসিত চুটি ছবিৰ বাবে পৰিচিত বৰলুইত প্ৰডাকশ্যনে ‘ডিফলু’ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে খোজ পেলাইছে পূৰ্ণদৈঘ্যৰ ছবি নিৰ্মাণত ।

ছবিখনৰ পৰিচালক নেকিবে জনোৱা অনুসৰি, ছবিখনৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ অহা 20 দিনৰ ভিতৰত যোৰহাট জিলাৰ তিতাবৰৰ সমীপত সম্পূৰ্ণ কৰা হ’ব । পৰিস্থিতিগত হাস্যৰস আৰু আৱেগৰ গভীৰ মিশ্ৰণেৰে নিৰ্মাণ কৰিবলগীয়া এই ছবিখনে ছবিপ্ৰেমী দৰ্শকক এক অনন্য স্বাদ প্ৰদান কৰিব বুলি আশা প্ৰকাশ পৰিচালকগৰাকীৰ ।

Borluit Productions starts shooting for its first Full-length Assamese film titled dipholu
ডিফলুৰ শ্বুটিং আৰম্ভ (Photo: ETV Bharat Assam)

ইফালে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অমৃতা গগৈ আৰু সুব্ৰত দেউৰীয়ে ৷ লগতে আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত থাকিব অৰুণ নাথ, মৃদুলা বৰুৱা, অৰুণ হাজৰিকা আৰু পূৰ্ণদা হাজৰিকাৰ দৰে প্ৰবীণ অভিনেতা-অভিনেত্ৰী । তেওঁলোকৰ উপৰিও ‘ডিফলু’ত অভিনয় কৰিছে ড° হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, ৰাজীৱ দুৱৰী, অংকুৰ বৈদ্য, অনিৰ্বাণ কলিতা, কণিকা নাথ, প্ৰিয়াংশী কাশ্যপ, জ্যোতিষ্মান বৰা, দিব্য প্ৰতিম ভাগৱতী, দেৱজিৎ বৰা, প্ৰবাল বৰা আৰু নিলোফৰ নাজবিন আদিৰ দৰে ন-পুৰণি কলা-কুশলীয়ে ।

‘কুঁহি’ নামৰ এগৰাকী যুৱতীৰ কাহিনীৰ আধাৰত নিৰ্মাণ হ’ব ছবিখন । চিকিৎসা প্ৰশিক্ষণৰ অংশ হিচাপে গুৱাহাটীৰ যুৱতী কুঁহিক ডিফলু নদীৰ পাৰৰ এখন দুৰ্গম গাঁৱত নিযুক্তি দিয়া হয় । গাঁৱৰ কঠিন পৰিস্থিতি আৰু জৰাজীৰ্ণ স্বাস্থ্য সুবিধাৰ সৈতে কুঁহিয়ে সংগ্ৰাম কৰি থকাৰ সময়তে তেওঁৰ পৰিচয় ঘটে নীল নামৰ এগৰাকী বিদ্যালয়ৰ শিক্ষকৰ সৈতে । দুয়োৰে প্ৰাৰম্ভিক সাক্ষাৎ লাহে লাহে ব্যক্তিগত বিকাশ আৰু সামুদায়িক প্ৰভাৱৰ এক হৃদয়স্পৰ্শী যাত্ৰালৈ বিকশিত হৈ পৰে ।

ছবিখনত হাস্যৰস আৰু আৱেগিক পৰিঘটনাৰ মাজেৰে কুঁহিয়ে নিজৰ বস্তুবাদী চহৰকেন্দ্ৰিক সপোনৰ পৰা ওলাই আহি এগৰাকী দয়ালু আৰু নিষ্ঠাবান যুৱতী হৈ পৰাৰ পৰিৱৰ্তনশীল যাত্ৰাক চিত্ৰিত কৰা হৈছে । ছবিখনৰ কাহিনী, পৰিচালনা আৰু সম্পাদনা কৰিছে নেকিবে ৷ আনহাতে চিত্ৰনাট্য আৰু সংলাপ হৈছে দেৱজিৎ বৰাৰ ।

ছবিখনৰ চিনেমাট’গ্ৰাফীৰ দায়িত্বত আছে উত্তম কলিতা আৰু কলা পৰিচালনাৰ দায়িত্ব আছে নাৰায়ণ মেধি । ছবিখনৰ প্ৰযোজক তথা সংগীত আৰু আৱহ সংগীতৰ দায়িত্বত আছে জেকিব আহমেদ । ‘ডিফলু’ৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জিতুল ৰাজবংশী লগতে সহ-পৰিচালক হিচাপে আছে দেৱাশীষ ডেকা আৰু আফিৰন নিচা । 2025 চনৰ গ্ৰীষ্মকালত মুক্তি পাব এই নতুন অসমীয়া ছবিখন ।

লগতে পঢ়ক : অভিনয় কৰিবলৈ কোনে জোৰ দিছিল জলি লস্কৰক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.