ETV Bharat / entertainment

এনেদৰে ২৩ কেজি ওজন হ্ৰাস কৰিলে অভিনেত্ৰী নেহা ধুপিয়াই - Neha Dhupia

Neha Dhupia Weight Loss: মই মোৰ বেষ্ট দিছিলো । এতিয়া মই নিজকে আগতকৈ বেছি ফিট আৰু আত্মবিশ্বাসী অনুভৱ কৰিছো । দুটি সন্তানৰ মাতৃ, এগৰাকী অভিনেত্ৰী, উদ্যোগী হিচাপে এই কথা শ্বেয়াৰ কৰিবলৈ পাই সুখী হৈছো''।

Bollywood actress Neha Dhupia lost 23 kg weight, know which exercise and diet worked as a fat cutter
এনেদৰে ২৩ কেজি ওজন হ্ৰাস কৰিলে অভিনেত্ৰী নেহা ধুপিয়াই (INSTAGRAM)
author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 10:26 PM IST

চিটাৰা ডেস্ক, 16 জুলাই: বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত নেহা ধুপিয়াও অন্যতম ৷ অভিনয়ৰ লগতে সবল ব্যক্তিত্বৰে এক সুকীয়া পৰিচয় দাঙি ধৰিছে নেহাই ৷ কেৰিয়াৰৰ লগত নিজৰ ব্যক্তিগত জীৱনৰ ভাৰাসাম্যও বজাই ৰাখিছে নেতাই ৷

৪৩ বছৰীয়া নেহা ধুপিয়াই ২০১৮ চনত অংগদ বেদীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ নেহাৰ দুটি সন্তান আছে, মেহৰ আৰু গুৰিক ৷ প্ৰতিগৰাকী মহিলাৰ দৰে নেহা ধুপিয়াইও প্ৰসৱৰ পিচত শৰীৰৰ পৰিৱৰ্তনৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ দুয়োটা সন্তানৰ জন্মৰ পিচত নেহাৰ ওজন যথেষ্ট বাঢ়ি গৈছিল ৷ কিন্তু এতিয়া নেহাই বহু কষ্ট কৰি শৰীৰৰ ২৩ কেজি ওজন হ্ৰাস কৰিছে ৷

নেহা ধুপিয়াই নিজৰ ওজন হ্ৰাসৰ কৰাৰ বিষয়ে শ্বেয়াৰ কৰি কয় যে, যেতিয়া তেওঁৰ ওজন বাঢ়িছিল তেতিয়া বহুতে কিবা কিবি কৈছিল ৷ সেয়া অতি কঠিন সময় আছিল কিন্তু তেওঁ কেতিয়াও হাৰ মনা নাছিল ৷ কেনেদৰে নেহাই নিজৰ ওজন হ্ৰাস কৰিলে সেই বিষয়ে অনুৰাগীসকলক জনাই ক’লে এনেদৰে ৷ নেহা ধুপিয়াই তেওঁৰ দুখন ফটো একেলগে শ্বেয়াৰ কৰে ৷ ইয়াৰে এখনত তেওঁ কেজুৱেল লুকত দেখা গৈছে আৰু আনখন ফটোত তেওঁক যোগাসন কৰি থকা দেখা গৈছে ৷ নেহা ধুপিয়াই লিখিছে যে, ‘মোৰ ওজন ২৩ কেজি কমিছে আৰু এয়া বাস্তৱত হৈছে ৷’

‘নেহাই কয় যে, ওজন বাঢ়ি অহা আৰু সেই ওজন হ্ৰাস কৰাৰ সহজ নাছিল ৷ দুবাৰকৈ প্ৰসৱ হোৱাৰ পাচত ওজন বাঢ়ি গৈছিল ৷ কিন্তু ওজন বঢ়া শৰীৰ লৈ মই থাকি ভাল নাপাওঁ ৷ কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পোৱা অতি কঠিন আছিল ৷’

নেহাই কয়, ‘মই যেতিয়াই ক’ৰবালৈ গৈছিলো তাতেই ওজন বৃদ্ধি হোৱা বা আন কিছুমান পৰামৰ্শক লৈ আলোচনা হৈ আছিল ৷ এই সকলোবোৰ শুনি মই মূৰ তল কৰি বহি থাকো ৷ কাৰণ এই সকলোবোৰ শুনি শুনি মই ভাগৰি পৰিছিলো ৷ তাৰ পাচতে ওজন হ্ৰাস কৰাৰ এই যাত্ৰা আত্মপ্ৰেমৰ সৈতে প্ৰায় ১ বছৰ আগৰ পৰা আৰম্ভ কৰিছিলো ৷’

ওজন কমাবলৈ নেহা ধুপিয়াই প্ৰথমে নিজৰ প্ৰিয় প্ৰশিক্ষকক ফোন কৰিছিল আৰু তাৰ পিচত ঠিক পিচদিনাৰ পৰা প্ৰশিক্ষণ আৰম্ভ হৈছিল ৷ তেওঁ ভাল ৰুটীন আৰু ডায়েট মানি চলিছিল ৷ তেওঁ কয় যে,, মই বিষ অনুভৱ কৰিছিলো কিন্তু সেয়া কাকো দেখুওৱা নাছিলো ৷ দুটাকৈ সন্তানৰ মাতৃ, কাম তাৰ আৰু তাৰ মাজেৰে গতি কৰা সহজ নাছিল ৷

নেহা ধুপিয়াই কয় যে, তেওঁ ওজন কমোৱাৰ সময়ত চেনি একেবাৰেই খোৱা নাছিল ৷ ১৪ ঘন্টা খোৱাৰ পৰা বিৰতি লৈছিল ৷ তেওঁ কয়,’ মই মোৰ বেষ্ট দিছিলো ৷ এতিয়া মই নিজকে আগতকৈ বেছি ফিট আৰু আত্মবিশ্বাসী অনুভৱ কৰিছো ৷ দুটি সন্তানৰ মাতৃ, এগৰাকী অভিনেত্ৰী, উদ্যোগী হিচাপে এই কথা শ্বেয়াৰ কৰিবলৈ পাই সুখী হৈছো” ৷

লগতে পঢ়ক: Angad Bedi Birthday: নোৰাক প্ৰতাৰণা কৰি নেহাক বিয়া পাতিছিল অংগদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.