ETV Bharat / entertainment

সহজতেই বিশ্বাস কৰি লোৱা স্বভাৱৰ বাবে মানুহ চিনি নাপাই সুবাসনা দত্তই - Subasana dutta perspective

Subasana Dutta : সুৰীয়া কণ্ঠৰ অধিকাৰী সুবাসনা দত্তই কেনেদৰে চাই জীৱনটো ? শেহতীয়াকৈ এটা পডকাষ্টত জীৱন সম্বন্ধে বহু কথাই ক’লে সুবাসনা দত্তই ৷ শিল্পীগৰাকীৰ মতে সকলোতকৈ উৰ্ধত এজন মানুহ সৎ হ’ব লাগে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 4:24 PM IST

Etv Bharat
সুবাসনা দত্ত (Subasana Dutta Instagram (Photo clicked by Pulak Kalita))

চিটাৰা ডেস্ক, 26 জুলাই : অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত ৷ বহুকেইটা জনপ্ৰিয় গীত ৰাইজক উপহাৰ দিয়া কণ্ঠশিল্পীগৰাকীয়ে কিছুদিন পূৰ্বে এটা পডকাষ্টত তেওঁৰ জীৱনৰ বহু কথা উল্লেখ কৰে । জীৱন সম্বন্ধে তেওঁৰ ধাৰণা কেনেকুৱা সকলো কথা খোলাখুলিকৈ প্ৰকাশ কৰে কণ্ঠশিল্পীগৰাকীয়ে ৷

এগৰাকী মানুহ কেনেকুৱা হ'ব লাগে ? বিয়াৰ পাচত কেৱল এজনী ছোৱালীৰে জীৱন সলনি হয়নে ? মাতৃ হোৱাৰ পাচত এগৰাকী মহিলাৰ জীৱনটো কেনেদৰে সলনি হয় এই সকলো বিষয়ত নিজৰ মতামত ব্যক্ত কৰে সুবাসনাই ৷

কণ্ঠশিল্পীগৰাকীয়ে এগৰাকী মানুহ কেনেকুৱা প্ৰবৃত্তিৰ হ'ব লাগে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কয়, ‘মানুহ এগৰাকী সহজ-সৰল হ'ব লাগে কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মানুহ এজন সৎ হ'ব লাগে । মানুহ এজন সৎ হোৱাটো বেছি প্ৰয়োজন । ভাল ভাল কথা কৈ সকলো মানুহেই ভাল দেখুৱাব পাৰে । কিন্তু মানুহ এজন সদায় যেনেকুৱা তেওঁ তেনেকুৱাকৈয়ে নিজক উপস্থাপন কৰাটো দৰকাৰ ।’

লগতে পঢ়ক : নতুন অসমীয়া ছবি "সুন্দৰপুৰ কেঅ’ছ" ৰ পৰিচালকে ক’লে এডজাষ্ট কৰাৰ কথা... - assamese film Sundarpur Chaos

নিজৰ সাংসাৰিক জীৱনৰ কথাও বহুখিনি জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে ৷ বিয়া হ’লেই ছোৱালী এজনীৰ জীৱনটো সলনি হৈ যায় নেকি বুলি সোধা এক প্রশ্নৰ উত্তৰত দত্তই কয়, ‘বিয়াৰ পাচত কেৱল ছোৱালী এজনীৰে জীৱনটো সলনি নহয়, পুৰুষ এজনৰো জীৱনটো সলনি হয় । বিয়াৰ পাচত পুৰুষ এজনৰো দায়িত্ব আহি পৰে । নিজৰ পৰিয়ালটো সদায় আগত । বিপদে-আপদে সদায় পৰিয়ালটোহে লগত থাকে ।’

বৰ্তমান সময়ত এটা গীত গায়ে জনপ্ৰিয়তা অৰ্জন কৰাৰ প্ৰসংগ কন্ঠশিল্পীগৰাকীয়ে কয়,'বৰ্তমান সময়ত বহুত নতুন নতুন কণ্ঠশিল্পী ওলাই আহিছে, তেওঁলোকৰ একাংশই ৰীলছৰ কাৰণে গান এটা দুটা শাৰী টাৰ্গেট কৰি লয় । যিখিনি ভাইৰেল হৈ পৰে । কিন্তু গীতটোৰ পাচৰখিনিৰ একো অর্থ নাথাকে । যদি তেওঁলোকে সেইটো নকৰি অকণমান মনোযোগ দি গোটেই গানটো ভাল কৰাৰ চেষ্টা কৰে তেতিয়া তেওঁলোকৰ বাবে কিন্তু বহু লাভজনক হ'ব । যেতিয়া বস্তু এটা জীৱিকা হয় তেতিয়া সেই বস্তুটো শিকাটো অতি প্ৰয়োজনীয় ।’

সুবাসনা দত্তৰ ভাষাত নাৰী এগৰাকীৰ বাবে মাতৃ হোৱাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ ৷ নিজৰ সন্তান জন্মৰ পাচতহে তেওঁ এই কথা উপলব্ধি কৰে বুলিও কয় ৷ তেওঁ লগতে কয় য়ে প্ৰতিগৰাকী ছোৱালীৰ ভিতৰতে এগৰাকী মাতৃ থাকে ।’ সন্তানৰ ক্ষেত্ৰত নিজকে কিছু পৰিমাণে কঠোৰ বুলি উল্লেখ কৰি তেওঁ কয় যে পিতৃ-মাতৃ দুজনৰ ভিতৰত কোনোবা এজন কঠোৰ হোৱাটো জৰুৰী ৷ অৱশ্যে তেওঁ লগতে এইটো কথাৰ ওপৰতো গুৰুত্ব দিয়ে যে ঘৰ এখনত সন্তানক সদায়ে সেইখিনি স্থান দিয়াটো প্ৰয়োজন য’ত সন্তানে পিতৃ-মাতৃৰ আগত মনৰ সকলো কথা বিনাদ্বিধাই প্ৰকাশ কৰিব পাৰে ৷ মানসিক স্বাস্থ্যই জীৱনটোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে তেওঁ ৷ সেয়ে ডিপ্ৰেশ্যনৰ দৰে পৰ্যায়লৈ সন্তান যাতে আগবাঢ়ি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰখাৰ কথাও উল্লেখ কৰে সুবাসনা দত্তই ৷

লগতে পঢ়ক : "ট্ৰেজেডি কিং" খ্যাত মৃদুল ভূঞাৰ নাট্য যাত্ৰাৰ আৰম্ভণি কেনেদৰে হৈছিল ? - mridul bhuyan acting career

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.