ETV Bharat / entertainment

'ৰাডা'ৰ পৰা নাট্যশিল্পৰ স্নাতকোত্তৰ ডিগ্ৰীপ্ৰাপ্ত উত্তৰ-পূৱৰ প্ৰথমগৰাকী অভিনেত্ৰী - who is barkha bahar

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 5:46 PM IST

Updated : Jul 17, 2024, 6:16 PM IST

Assamese Girl Graduated From RADA: ৰয়েল একাডেমি অফ ড্ৰামেটিক আৰ্ট লণ্ডনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ সমগ্ৰ উত্তৰ-পূৱৰে নাম উজলালে বৰ্ষাই ৷ কন্যাৰ সফলতাৰ অংশীদাৰ হ’বলৈ পিতৃ-মাতৃও উৰা মাৰিলে লণ্ডনলৈ ৷ পঢ়ক ই টিভি ভাৰত অসমৰ বিশেষ প্ৰতিবেদন-

Assamese Girl Graduated From RADA
'ৰাডা'ৰ পৰা নাট্যশিল্পৰ স্নাতকোত্তৰ ডিগ্ৰীপ্ৰাপ্ত উত্তৰ-পূৱৰ প্ৰথমগৰাকী অভিনেত্ৰী (ETV Bharat Assam)

চিটাৰা ডেস্ক, 17 জুলাই : যুৱতীগৰাকীৰ মাতৃ যেতিয়া মঞ্চত উঠে, তেতিয়া তেওঁৰ বাস্তৱ যেন লগা অভিনয়ত যেন কাঁহ পৰি জীণ যায় সমগ্ৰ প্ৰেক্ষাগৃহ ! এইগৰাকী অসাধাৰণ অভিনেত্ৰীক কৰ্ণাটক চৰকাৰে এসময়ত সসন্মানে নিযুক্তি দিছিল কৰ্ণাটকৰ নাট্য বিদ্যালয় 'ৰংগালয়'ৰ সঞ্চালকৰূপেও ৷ একেদৰে যুৱতীগৰাকীৰ পিতৃ এগৰাকী মূলতঃ নাট্যশিল্পী আৰু দুৰ্দান্ত অভিনেতা ৷ সম্প্ৰতি অসমৰ অভিনয় জগতৰ পৰিধি অতিক্ৰমী পিতৃ-মাতৃ উভয়েই বলিউডৰো এক পৰিচিত নাম হৈ পৰিছে ৷ দুয়ো ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ৷ এইহাল শিল্পী স্বামী-স্ত্ৰী কোন আপুনিও হয়তো অনুমান কৰিব পাৰিছে ৷ হয়, আপুনি ভবাৰ দৰেই তেওঁলোক হৈছে অসমৰ দুৰ্দান্ত নাট্যশিল্পী বাহাৰুল ইছলাম আৰু ভাগীৰথী ৷

ডিগ্ৰী গ্ৰহণ কৰাৰ মুহূৰ্তত বৰ্ষা বাহাৰ (ETV Bharat Assam)

শেহতীয়াকৈ এই বাহাৰুল ইছলাম আৰু ভাগীৰথীৰেই বৰকন্যাই এনে এক সাফল্যৰ অধিকাৰী হৈছে যাক লৈ অসমৰ অভিনয় শিল্পী বা নাট্যজগতে গৌৰৱ কৰিব পাৰিব ৷ পিতৃ-মাতৃৰ বাটেৰেই বাট বুলি নাট্যজগতত খোজ দিছিল বাহাৰুল-ভাগীৰথীৰ ডাঙৰ জীয়াৰী বৰ্ষা বাহাৰে ৷ এদেও দুদেওকৈ অসমৰ মঞ্চ এৰি বৰ্ষা গুচি গৈছিল লণ্ডনলৈ অভিনয়ৰ উচ্চ শিক্ষাপ্ৰাপ্তিৰ বাবে ৷ বৰ্ষাই নামভৰ্তিৰ সুযোগ পাইছিল পৃথিৱী বিখ্যাত নাট্য বিদ্যালয় লণ্ডনৰ ৰয়েল একাডেমি অফ ড্ৰামেটিক আৰ্ট (RADA) ত ৷ শেহতীয়াকৈ বৰ্ষাই সম্পূৰ্ণ কৰিলে 'ৰাডা'ৰ পৰা নাট্যশিল্পৰ স্নাতকোত্তৰ পাঠ্যক্ৰম ৷

assam girl graduated from Royal Academy of Dramatic Art london becomes the first female in entire north east to get this degree
শিল্পী পৰিয়াল : লণ্ডনৰ 'ৰাডা' ৰ প্ৰেক্ষগৃহত (ETV Bharat Assam)

লগতে পঢ়ক : দৰৱৰ নামত জনতালৈ বৰবিহ: ৰাজনীতিৰ মেৰপাকত কোটিটকীয়া ব্যৱসায় - Baharul Islam starrer web series

যোৱা ১৩ জুলাইত লণ্ডনৰ 'ৰাডা'ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশ্বখ্যাত এই নাট্য প্ৰতিষ্ঠানখনে বৰ্ষা বাহাৰৰ হাতত তুলি দিয়ে এই সন্মানীয় ডিগ্ৰী ৷ তাতোকৈ ভাল লগা কথাটো হ'ল যে 'ৰাডা'ৰ পৰা নাট্যশিল্পৰ এই ডিগ্ৰী লাভ কৰা বৰ্ষা বাহাৰেই হ’ল সমগ্ৰ অসম তথা উত্তৰ-পূৱৰ প্ৰথমগৰাকী মহিলা আৰু দ্বিতীয়গৰাকী অসমীয়া নাট্যশিল্পী ৷ লণ্ডনৰ এই বিশ্বখ্যাত নাট্য একাডেমিখনৰ পৰা অভিনয় শিল্পৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল গুৱাহাটীৰ মানৱ চৌধুৰী ৷ পিতৃ-মাতৃৰ দৰে বৰ্ষা কেৱল নতুন প্ৰজন্মৰ এগৰাকী দুৰ্দান্ত অভিনত্ৰীয়েই নহয়, তেওঁ এগৰাকী নিপুণ সংগীতশিল্পী আৰু নৃত্যশিল্পীও ৷ গুৱাহাটীৰ প্ৰখ্যাত নাট্যশিক্ষাৰ প্ৰতিষ্ঠান 'ছিগাল'তেই পিতৃ-মাতৃৰ আঙুলিত ধৰি বৰ্ষাই আৰম্ভ কৰিছিল নাটকৰ আদিপাঠ ৷ বাহাৰুল ইছলাম আৰু ভাগীৰথীৰ তত্বাৱধানত এই 'ছিগাল'ৰ পৰাই হয়তো অনাগত দিনত ওলাই আহিব আৰু বহু প্ৰতিভাধৰ শিল্পী ৷

লগতে পঢ়ক : শনিবাৰৰ পৰা মঙলবাৰলৈ এন এছ ডিৰ মঞ্চত বাহাৰুল ইছলামৰ পৰিচালনাত "ছিগাল" - Seagull at NSD by Baharul Islam

Last Updated : Jul 17, 2024, 6:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.