চিটাৰা ডেস্ক, 1 মে’ : অনুপমা খ্যাত অভিনেত্ৰী ৰূপালী গাংগুলীয়ে বুধবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । বুধবাৰে নতুন দিল্লীত এক সংবাদমেলত এই ঘোষণা কৰা হয় । ৰূপালীৰ সৈতে ৰাজনৈতিক নেতা বিনোদ তাৱড়ে আৰু অনিল বালুনী উপস্থিত থাকে ।
সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি অনুপমা খ্যাত তাৰকা গৰাকীয়ে কয়, "মই ইয়াত উপস্থিত হৈ অত্যন্ত সন্মানিত হৈছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক যথেষ্ট অনুপ্ৰাণিত কৰিছে । মই প্ৰধানমন্ত্ৰী মোদীৰ এজন ডাঙৰ অনুৰাগী । বিজেপিয়ে উৎকৃষ্ট কাম কৰি আহিছে, সেয়েহে মই তেওঁলোকৰ সৈতে যোগদান কৰাৰ সিদ্ধান্ত লৈছো । মই দলটোৰ প্ৰতি সঁচাকৈয়ে কৃতজ্ঞ" ৷
ৰূপালীয়ে দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ সন্মিলনৰ সময়ত সাংবাদিকসকলক কয়, "এক নাগৰিক কে নাতে হি চহি, লেকিন হাম সবকো ইচমে সহভাগী হোনা চাহিয়ে । অউৰ মহাকাল আৰু মাতাৰাণী কা আশীৰ্ৱাদ হে, কি মে আপনে কলা কে মাধ্যম চে কাই চাৰে লোগো চে মিলতি হুঁ, উনচে চাৰোকাৰ হুঁ ৷
নাগৰিক হিচাপে, আমি সকলোৱে এই নিৰ্বাচনবোৰত সক্ৰিয়ভাৱে জড়িত হ’ব লাগে । মহাকাল আৰু মাতাৰাণীৰ আশীৰ্বাদত, মই মোৰ কামৰ জৰিয়তে আনৰ সৈতে সংযোগ হ’বলৈ সক্ষম হৈছো । সেয়েহে, যেতিয়া মই প্ৰগতিৰ এই মহাযজ্ঞ লক্ষ্য কৰোঁ, তেতিয়া মই ইয়াত অংশগ্ৰহণ কৰিবলৈ বাধ্য হোৱা যেন অনুভৱ কৰো ।"
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ কেইমাহমানৰ পিচতে চাৰাভাই বনাম চাৰাভাই খ্যাত অভিনেত্ৰী গৰাকীয়ে বিজেপি দলত যোগদান কৰিছে । ৰূপালীয়ে মাৰ্চত ইনষ্টাগ্ৰামত পোষ্ট কৰি জনাইছিল যে, তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে ।
চলিত বছৰত বিজেপিত যোগদান কৰিছিল বলীউডৰ তাৰকা অভিনেত্ৰী কংগনা ৰাণাৱট, অভিনেতা অৰুণ গোভিলকে ধৰি আন বহুকেইগৰাকী সৰু-বৰ তাৰকাই ৷
ৰূপালী গাংগুলী আজি ভাৰতৰ সৰ্বাধিক মাননি পোৱা টেলিভিছন তাৰকাসকলৰ ভিতৰত অন্যতম । তেওঁ অভিনয় কৰা শ্ব’ অনুপমা আজি ভাৰতীয় টেলিভিছনত সৰ্বাধিক ৰেটিং পোৱা ধাৰাবাহিকসমূহৰ ভিতৰত অন্যতম । চহৰ অঞ্চলত ব্যাপক জনপ্ৰিয়তা লাভ কৰা কমেডী-ড্ৰামা শ্ব’ “চাৰাভাই বনাম চাৰাভাই” ৰ জৰিয়তে প্ৰথমে তেওঁ এই জনপ্ৰিয়তা লাভ কৰিছিল ।
লগতে পঢ়ক : অন্যতম এজন প্ৰিয় ব্যক্তিক লগ পাই অভিভূত অভিনেতা অনুপম খেৰ - Anupam Kher Meets Jr NTR