চিটাৰা ডেস্ক, ৭ মাৰ্চ: ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতা অনুপম খেৰে বলীউডত জোৰদাৰ অভিনয়ৰে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে । তেওঁৰ কেৰিয়াৰত এই পৰ্যন্ত বহুকেইখন হিট ছবি অনুৰাগীক উপহাৰ দিছে । ইফালে আজি অনুপম খেৰৰ ৬৯ সংখ্যক জন্মদিন । এই উপলক্ষে অভিনেতাগৰাকীয়ে অনুৰাগীক এক ডাঙৰ উপহাৰ দিছে ৷ নিজৰ নতুন পৰিচালনামূলক ছবিৰ কথা ঘোষণা কৰিছে অভিনেতাগৰাকীয়ে ।
অনুপম খেৰে তেওঁৰ ছবিখনৰ বাবে মাতৃৰ পৰা আশীৰ্বাদ বিচাৰিছে
আজি জন্মদিন উপলক্ষে অনুপম খেৰে অনুপম খেৰ ষ্টুডিঅ’ৰ বেনাৰত তেওঁৰ পৰৱৰ্তী ছবি 'তনৱী দ্য গ্ৰেট' ঘোষণা কৰিছে । অনুপম খেৰে এই ছবিখন খোদ পৰিচালনা কৰিছে ৷ নিজৰ ছবিৰ কথা ঘোষণা কৰাৰ সময়তে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা আৱেগিক ভিডিঅ’ শ্বেয়াৰ কৰিছে অভিনেতাগৰাকীয়ে । ভিডিঅ’টোত অভিনেতাগৰাকীয়ে এই নতুন যাত্ৰাত নামিবলৈ মাতৃৰ আশীৰ্বাদ বিচৰা দেখা গৈছে । ভিডিঅ’টোত অনুপমে মাতৃক কৈছে, "মোক আৰু এই ছবিখনত কাম কৰা সকলো মানুহক আশীৰ্বাদ কৰক ।" ইয়াৰ পিচত তেওঁৰ মাতৃয়ে কয়,‘‘তেওঁ বহুত ভাল কৰিব । ভৱিষ্যতে তেওঁ বহুত ভাল কৰিব । সকলো ঠিকেই আছে, মোৰ আশীৰ্বাদ আছে ।”
ইফালে ছবিখনৰ কথা ঘোষণা কৰি অনুপম খেৰে লিখিছে, "তনৱী দ্য গ্ৰেট: আজি মোৰ জন্মদিনত মই যিখন ছবি নিৰ্মাণ কৰিছো, সেই ছবিখনৰ নাম গৌৰৱেৰে ঘোষণা কৰিছো । মই পৰিচালনা কৰাৰ সিদ্ধান্ত লৈছো । কিছুমান কাহিনীয়ে নিজৰ পথ বিচাৰি পায় আৰু আপোনাক বাধ্য কৰে যে সেইটো পৃথিৱীৰ লগত শ্বেয়াৰ কৰিবলৈ ! আৰম্ভ কৰাৰ আটাইতকৈ ভাল উপায়টো মই ভাবিছিলো মোৰ মাৰ মন্দিৰ ভ্ৰমণ কৰা । মই গৈ তেওঁৰ আশীৰ্বাদ ল’লো ।’’
লগতে লিখিছে,‘‘অৱশেষত কাইলৈৰ পৰা মহাশিৱৰাত্ৰিৰ শুভ দিনত শ্বুটিং আৰম্ভ হ’ব ৷ জন্মদিনটোৱেই হৈছে নিজকে প্ৰত্যাহ্বান জনোৱাৰ বাবে সৰ্বোত্তম দিন ! আপোনালোকৰ মৰম, শুভেচ্ছা আৰু আশীৰ্বাদ মোলৈ প্ৰেৰণ কৰক ! ওম নমঃ শিৱয় ! তনৱী গ্ৰেট মিউজিকেল, চলচ্চিত্ৰ, আবেগ, সাহস অনুপমখেৰ ষ্টুডিঅ’।”
লগতে পঢ়ক: হম আপকে হে কৌনৰ শ্বুটিঙৰ সময়ত গুৰুতৰ ৰোগত অসুস্থ আছিল অনুপম খেৰ, সবিশেষ জানক এই প্ৰতিবেদনত