ETV Bharat / entertainment

মূৰ্চ্ছনা মিউজিক একাডেমিৰ বাৰ্ষিক অনুষ্ঠানত মৰণোত্তৰভাৱে নন্দ বেনাৰ্জীক 'সংগীতাচাৰ্য' উপাধি প্ৰদান - Murchana Music Academy

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 10:36 PM IST

Murchana Music Academy Function :মূৰ্চ্ছনা মিউজিক একাডেমিৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন । ২০২৩ বৰ্ষৰ একষ্টিক গীটাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণক সম্বৰ্ধনা ।

Murchana Music Academy Function
মূৰ্চ্ছনা মিউজিক একাডেমিৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান (ETV BHARAT ASSAM)

গুৱাহাটী, ১৪ জুলাই: মূৰ্চ্ছনা মিউজিক একাডেমিৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৪ যোৱা ১২ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । সান্তনা বেনাৰ্জী আৰু শিক্ষাকেন্দ্ৰৰ মুখ্য অধ্যক্ষ হিৰণ্য কলিতাৰ লগতে বৰ্ণালী কলিতা, জোনালী দাস আৰু পৰাগ ডেকাই বন্তি প্ৰজ্বলন কৰি নন্দ বেনাৰ্জী আৰু ভূপেন উজীৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷

ৰাগিনী গোস্বামী আৰু মাইকন দেৱীয়ে আঁতধৰা অনুষ্ঠানটোত হিৰণ্য কলিতাৰ কথা-সুৰ আৰু সংগীতেৰে সজোৱা ‘লুকা-ভাকু খেলো আমি নাই আমনি’ সমবেত সংগীত পৰিৱেশন কৰা হয় । এই অনুষ্ঠানতেই অসমৰ বিশিষ্ট সংগীতজ্ঞ প্ৰয়াত নন্দ বেনাৰ্জীলৈ মূৰ্চ্ছনা মিউজিক একাডেমিয়ে মৰণোত্তৰভাৱে 'সংগীতাচাৰ্য' উপাধি তেওঁৰ পৰিয়ালৰ মুৰব্বীৰ হাতত প্ৰদান কৰে ৷ ২০২৩ বৰ্ষৰ একষ্টিক গীটাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ধীমন্ত কুমাৰ বৰুৱাক ১১,১১১ টকাৰ চেক, শৰাই, মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰি চলিত বৰ্ষৰ সংগীত বৃত্তি ‘মূৰ্চ্ছনা মিউজিক একাডেমী’ প্ৰদান কৰা হয় ৷

ইপিনে, ২০২৩ চনৰ সংগীতৰ বিভিন্ন বিষয়ৰ পৰীক্ষাত ভাল ফলাফল দেখুওৱা শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে প্ৰতীক চিহ্ন প্ৰদান কৰা হয় ৷ অনুষ্ঠানটোত উমাংগী কাশ্যপ, ৱাহিদ আলম, শ্ৰীৰাগ পাটগিৰী, চাবিব আহমেদ, ৰাহুল সেন, পিবাণে লাইনেজাম, নিকুঞ্জ বাউৰী, নিবিৰ পাঠক, নিয়ৰ বৰ্মন, কৃথিক দাস, কৃতাৰ্থ কান্ত বৰুৱা, হৰ্ষবৰ্ধন বড়ো, সিদ্ধান্ত প্ৰতিম বৰুৱা, অৰণ্যক স্পন্দন শৰ্মা, মৃনাৰ্ভ চলিহা, শ্লোষ সাহা, কুনাল সাহা, কুনাল দাস, বিদিশা দাস, অয়ন জ্যোতি দাস, পৃথিকা প্ৰিয়দৰ্শিনী কাশ্যপ, সূৰ্যাংশ প্ৰতিম দাস আদিয়ে সংগীতৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:মঞ্চতে এজন আনজনৰ প্ৰশংসাত পঞ্চমুখ; আপ্লুত উপস্থিত শ্ৰোতা-দৰ্শক - Bihu shows in Assam

সৰুপথাৰত তিনি প্ৰসাদৰ সংগীতৰ প্ৰশিক্ষণ - Music Workshop

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.