চিটাৰা ডেস্ক, 30 মাৰ্চ : অনিল কাপুৰৰ ‘নায়ক’ ছবিখন মুক্তিৰ সময়ত দৰ্শকে যিমান ভাল পাইছিল আজিও সিমানেই ভাল পায় । অনিল কাপুৰক এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱা দেখি অনুৰাগীসকল অতিশয় আনন্দিত হৈছিল । ছবিখনৰ সংলাপৰ পৰা আৰম্ভ কৰি অনিল কাপুৰৰ অভিনয় আৰু ৰাজনৈতিক এংগেললৈকে ৰাইজে সকলো ভাল পাইছিল । এতিয়া অনুৰাগীসকলে ইয়াৰ ছিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । একে সময়তে অনিল কাপুৰেও নিজৰ অনুৰাগীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে । দৰাচলতে অলপতে অনিল কাপুৰে নায়কৰ পৰিচালক এছ শংকৰক লগ পাইছিল । যাৰ বাবে জল্পনা-কল্পনা চলি আছে যে অনিল কাপুৰ নায়ক ২ লৈ পুনৰ আহিব ।
অনিল কাপুৰ আৰু এছ শংকৰক অলপতে একেলগে দেখা পাই পাপাৰাজ্জীয়ে । যাৰ বাবেই জল্পনা-কল্পনা চলি আছে যে অনিল কাপুৰ আহিব ‘নায়ক ২’ লৈ । অনিল কাপুৰ, ৰাণী মুখাৰ্জী, অমৰীশ পুৰী অভিনীত নায়কৰ অনুৰাগীৰ মাজত আগৰ দৰেই উন্মাদনা এতিয়াও আছে । ইয়াৰ ছিকুৱেলৰ উৰাবাতৰি শুনি মানুহ আশাবাদী যে অনিল কাপুৰক পুনৰ মুখ্যমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পাব তেওঁলোকে । কিন্তু এই কথা কিছু সময়ৰ পিচতহে গম পোৱা যাব যেতিয়া কোনো আনুষ্ঠানিক ঘোষণা অনিল কাপুৰ বা মেকাৰৰ পৰা আহিব ।
এতিয়া নায়ক ২ ৰ বাবে অনিল কাপুৰক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । ২০০১ চনত মুক্তি লাভ কৰিছিল ‘নায়ক’। য’ত অনিল কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, তেওঁৰ বাহিৰেও ৰাণী মুখাৰ্জী, অমৰীশ পুৰী, জনী লিভাৰ, পৰেশ ৰাৱাল, সৌৰভ শুক্লা আদি তাৰকাই ছবিখনত কাম কৰিছিল ।
ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অনিল কাপুৰক শেষবাৰৰ বাবে ‘ফাইটাৰ’ত শক্তিশালী চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল । য’ত হৃত্বিক ৰোশন, দীপিকা পাডুকন, কৰণ সিং গ্ৰ’ভাৰ, অক্ষয় ওবেৰয়ৰ দৰে তাৰকাই কাম কৰিছিল । ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল আৰু দৰ্শকেও ছবিখন অতি ভাল পাইছিল ।
লগতে পঢ়ক : আলিয়াৰ ডিঙিত 20 কোটিৰো অধিক মূল্যৰ নেকলেচ - Alia Bhatt Instagram