ETV Bharat / entertainment

কোকিলাবেন হাস্পতালত চিকিৎসাধীন মেগাষ্টাৰ অমিতাভ বচ্চন, হঠাৎ কি হ’ল বিগ বিৰ - Amitabh Bachchan hospitalised

Amitabh Bachchan hospitalised : অমিতাভ বচ্চনক মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

Amitabh Bachchan Admitted Hospital In Mumbai
হঠাৎ অসুস্থ হৈ পৰিল অমিতাভ বচ্চন
author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 1:47 PM IST

Updated : Mar 15, 2024, 3:11 PM IST

চিটাৰা ডেস্ক, ১৫ মাৰ্চ: বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে জড়িত এটা ডাঙৰ খবৰ আহিছে । বিগ বিৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটে আৰু তেওঁক মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হয় । কোৱা হৈছে যে অমিতাভ বচ্চনৰ এঞ্জিওপ্লাষ্টি কৰা হৈছে ।

এক্স একাউণ্টত শেহতীয়া পোষ্ট বিগ বিৰ

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আজি কটকটীয়া নিৰাপত্তাৰ মাজৰে বিগ বিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু আশ্চৰ্যজনক কথাটো হ’ল আজি দুপৰীয়া অৰ্থাৎ কিছু সময় পূৰ্বে তেওঁ টুইটাৰত "সদায় কৃতজ্ঞতা" বুলি এটা পোষ্ট শ্বেয়াৰ কৰিছিল । কোৱা হৈছে যে অস্ত্ৰোপচাৰৰ পিচত অমিতাভে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অনুৰাগীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, অমিতাভ বচ্চনৰ গোটেই দেশজুৰি ব্যাপক ফেন ফ’ল’ৱাৰ আছে আৰু তেওঁৰ অনুৰাগীসকলে তেওঁক এবাৰ ওচৰৰ পৰা চাবলৈ ইচ্ছা কৰে । বিগ বিৰ ঘৰৰ বাহিৰত তেওঁক লগ কৰিবলৈ হাজাৰ হাজাৰ অনুৰাগীৰ সমাৱেশ ঘটে । অমিতাভ বচ্চনেও অনুৰাগীৰ মৰমৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে নিজৰ ঘৰ জলছাৰ বাহিৰত অনুৰাগীক লগ পায় । বৃহস্পতিবাৰে অমিতাভ বচ্চনে তেওঁৰ এক্স একাউণ্টত অনুৰাগীক লগ পোৱাৰ ফটো শ্বেয়াৰ কৰিছিল । ইয়াৰ লগতে বিগ বিয়ে লিখিছিল ‘হাম্বল্ড বিয়ণ্ড’।

বিগ বিয়ে অভিষেকৰ সৈতে নিজৰ দলৰ জয় উদযাপন কৰিছিল

শেহতীয়াকৈ বিগ বিয়ে পুত্ৰ অভিষেক বচ্চনৰ সৈতে আই এছ পি এলত নিজৰ দলৰ জয় উদযাপন কৰিছিল । আচলতে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগ (আই এছ পি এল)ৰ উদ্বোধনী সংস্কৰণ চলি আছে । ১৪ মাৰ্চ বৃহস্পতিবাৰে অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ দল মাঝি মুম্বাইয়ে চেন্নাই চিংগামছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ইয়াৰ পিচত দুয়োজন অভিনেতাই নিজৰ দলৰ সৈতে নিজৰ জয় উদযাপন কৰে ।

লগতে পঢ়ক: অস্ত্ৰোপচাৰৰ পিচত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ল অৰ্জুন বিজলানীক

Last Updated : Mar 15, 2024, 3:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.