চিটাৰা ডেস্ক, ৪ মাৰ্চ : গুজৰাটৰ জামনগৰত যোৱা তিনিদিন ধৰি চলি থকা মুকেশ আম্বানী আৰু নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ অন্ত পৰে দেওবাৰে । অৱশ্যে এই উদযাপন শেষ হ’লেও ছ’চিয়েল মিডিয়াত আৰু ৰাইজৰ মাজত ইয়াৰ আলোচনা এতিয়াও শেষ হোৱা নাই ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছে প্ৰি-ৱেডিং অনুষ্ঠানৰ ফটো আৰু ভিডিঅ’ । এইখিনিতে উল্লেখ কৰিব লাগিব যে এই প্ৰি-ৱেডিঙৰ শেষৰ সন্ধিয়াটো আছিল অতি বিশেষ । শেষৰ নিশা হিন্দী আৰু ইংৰাজী উভয়ৰে গায়ন-বায়ন শুনা আৰু দেখা গৈছিল । এফালে কণ্ঠশিল্পী অৰিজিৎ সিং, লাকী আলী, শ্ৰেয়া ঘোষাল আৰু উদত নাৰায়ণে অনুষ্ঠান পৰিৱেশন কৰে । আনফালে বিদেশী কণ্ঠশিল্পী একনেও নিজৰ কণ্ঠেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰে ।
ছম্মক চাল্লো গীতত নৃত্য শ্বাহৰুখ খানৰ
অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং উদযাপনৰ অন্তিম নিশা একনে নিজৰ কণ্ঠৰ যাদুৰে সকলোকে নাচিবলৈ বাধ্য কৰায় । তেওঁ ৰা-ৱান ছবিৰ ‘ছম্মক চাল্লো’ গীত পৰিৱেশন কৰিছিল অনুষ্ঠানটিত, য’ত শ্বাহৰুখ খান, ছলমান খান, চুহানা খান, গৌৰী খানৰ পৰা আৰম্ভ কৰি অনন্ত আৰু ৰাধিকালৈকে সকলোৱে মঞ্চত নৃত্য কৰিবলৈ বাধ্য হৈ পৰে ।
ঢোল বজাইছিল ছলমান খানে
নৃত্যৰ ভিডিঅ’টোৰ উপৰিও ছলমান খানৰ সৈতে কণ্ঠশিল্পী একনৰ এটা নতুন ভিডিঅ’ ওলাইছে ৷ য’ত অভিনেতাগৰাকীয়ে ঢোল বজাই থকা দেখা গৈছে ।
এইখিনিতে উল্লেখ কৰিব লাগিব এই অনুষ্ঠানত ছলমান খানে পৰিয়ালৰ অবিহনেই অংশগ্ৰহণ কৰিছিল ৷ আনহাতে ইয়াৰ বিপৰীতে শ্বাহৰুখ খানক সমগ্ৰ পৰিয়ালৰ সৈতে আম্বানী পৰিয়ালৰ উদযাপনত অংশগ্ৰহণ কৰিছিল ।
লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ প্ৰিং ৱেডিঙত পত্নী গৌৰীৰ সৈতে ৰোমান্টিক নৃত্য শ্বাহৰুখ খানৰ