ETV Bharat / entertainment

ঐশ্বৰ্য ৰায় বচ্চনৰ মন আছিল চিকিৎসক হোৱাৰ, কিন্তু… - AISHWARYA RAI BACHCHAN AGE

অভিনেত্ৰী নহয় এগৰাকী চিকিৎসকহে হ’ব বিচাৰিছিল ঐশ্বৰ্য ৰায় বচ্চন ৷ আজি অভিনেত্ৰীগৰাকীৰ জন্মদিন ৷ বিশেষ দিনটোত জানো আহক ঐশ্বৰ্যৰ বিষয়ে কিছু আমোদজনক কথা ।

aishwarya-rai-bachchan-birthday-special actor wanted to be a doctor know the turning point of her life
ঐশ্বৰ্য ৰায় বচ্চন (Photo: ANI)
author img

By ETV Bharat Entertainment Team

Published : Nov 1, 2024, 12:05 PM IST

মুম্বাই : আজি, ১ নৱেম্বৰত ৫১ সংখ্যক জন্মদিন উদযাপন কৰিছে প্ৰাক্তন মিছ ৱৰ্ল্ড তথা বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে । প্ৰায় ৩ দশক ধৰি চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ থকা ঐশ্বৰ্যই নিজৰ কেৰিয়াৰৰ সময়ছোৱাত বহু স্মৰণীয় ছবি আগবঢ়াইছে । ১৯৯৪ চনত মিছ ৱৰ্ল্ডৰ মুকুটো তেওঁ লাভ কৰে । কিন্তু আপোনালোকে জানেনে, ঐশ্বৰ্যই কেতিয়াও অভিনেত্ৰী হ’ব বিচৰা নাছিল । হয়, তেওঁৰ হেঁপাহ আছিল চিকিৎসক হোৱাৰ । কিন্তু ভাগ্যৰ পাকচক্ৰত ঐশ্বৰ্যই বাট ল’লে চিনেমা জগতৰ ফালে ৷ নভবাকৈয়ে বাট বোলা ক্ষেত্ৰ এটাত প্ৰমাণিত হ’ল এগৰাকী সফল অভিনেত্ৰী হিচাপে ৷

এইদৰেই অভিনেত্ৰী হৈ পৰিল ঐশ্বৰ্য

জুনিয়ৰ কলেজৰ দিনত ফটো সাংবাদিক অধ্যাপকে তেওঁক ফেশ্বন ফিছাৰৰ বাবে নিৰ্বাচিত কৰাৰ পিছত শ্ব’বিজত সোমাই পৰে ঐশ্বৰ্য ৷ ফেশ্বন ফিছাৰৰ বাবে নিৰ্বাচিত হোৱাৰ ফলত পিছলৈ এই ক্ষেত্ৰত বহু সুযোগ লাভ কৰিবলৈ লয় তেওঁ । অৱশ্যে ঐশ্বৰ্যই যে চিকিৎসক হ’ব বিচাৰিছিল, সেই কথা অতি কম সংখ্যক লোকেহে জানে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা পুৰণি ভিডিঅ’ য’ত অভিনেত্ৰীগৰাকীয়ে শ্ব’বিজত প্ৰৱেশ কৰাৰ কথা কয় । তেওঁৰ এই যাত্ৰা জুনিয়ৰ কলেজৰ দিনতে আৰম্ভ হয় বুলি উল্লেখ কৰে তেওঁ । তেওঁ প্ৰকাশ কৰে যে তেওঁৰ পৰিয়ালৰ কোনো লোক চিনেমা জগতৰ সৈতে জড়িত নহয় । সেইবাবেই তেওঁৰ সমগ্ৰ মনোযোগ পঢ়া-শুনাত আছিল ৷ তেওঁৱো বিচাৰিছিল যাতে পৰিয়ালৰ অন্য সদস্যসকলৰ দৰে কঠোৰ পৰিশ্ৰম কৰি, ডিগ্ৰী লাভ কৰি চিকিৎসা বিজ্ঞানত কেৰিয়াৰ গঢ়িব পাৰো ।

মিছ ৱৰ্ল্ড মুকুটৰ লগতে আছে বহু স্মৰণীয় চিনেমা

ঐশ্বৰ্যই ১৯৯৪ চনত মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধে । তাৰ পিছত তেওঁ ১৯৯৭ চনত মণি ৰত্নমৰ ছবি ইৰুভাৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰে । তাৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৷ তেওঁৰ বিশেষ বিশেষ চিনেমাবোৰৰ ভিতৰত আছে ঔৰ প্যাৰ হো গয়া, হাম দিল দে চুকে চনম, দেৱদাস, গুজাৰিস, মহব্বতে, এ দিল হে মুস্কিল, গুৰু, যোধা আকবৰ, পন্নিয়িন ছেলভান ১ আৰু পন্নিয়িন ছেলভান ২ ।

ঐশ্বৰ্য ৰায় বচ্চন ২০০৭ চনত অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০১১ চনত তেওঁলোকৰ কন্যা আৰাধ্যা তেওঁলোকৰ জীৱনলৈ আহে । পিছে, বিগত কিছু সময় ধৰি ঐশ্বৰ্য আৰু অভিষেকৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে ছ’চিয়েল মিডিয়া তোলপাৰ লগাই আছে ৷ বিভিন্ন অনুষ্ঠানত তেওঁলোক পৃথকে উপস্থিত হোৱাৰ লগতে দুয়োকে বহু সময় ধৰি পাপাৰাজ্জীয়ে একেলগে কেমেৰাত বন্দী কৰিব পৰা নাই ৷ অৱশ্যে দুয়ো পক্ষই এই সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ বিবৃতি প্ৰদান কৰা নাই ৷

লগতে পঢ়ক : ছ’চিয়েল মিডিয়াত অভিষেকৰ কৰ্মই ইন্ধন যোগাইছিল বিবাহ বিচ্ছেদৰ বাতৰিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.