ETV Bharat / entertainment

মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ অন্ধকাৰ দিশ উদঙালে হেমা কমিটীৰ প্ৰতিবেদনে - Malayalam Film Industry Dark Side

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 12:29 PM IST

Malayalam film industry: ‘‘অভিনেত্ৰীসকলক শাস্তি দিয়া হৈছে, বহুতৰ মুখ বন্ধ কৰি দিয়া হৈছে’’, হেমা কমিটীৰ প্ৰতিবেদনে মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰিছে ৷

Hema Committee Report
চলচ্চিত্ৰ উদ্যোগৰ অন্ধকাৰ দিশ (ETV Bharat)

চিটাৰা ডেস্ক, 20 আগষ্ট : দাখিল কৰাৰ পাঁচ বছৰৰ পাচত প্ৰকাশ পোৱা ন্যায়াধীশ হেমা কমিটীৰ প্ৰতিবেদনত মালায়ালম চলচ্চিত্ৰ উদ্যোগত চলি থকা তীব্ৰ শোষণ আৰু কাষ্টিং কাউচৰ বিষয়ে উন্মোচন কৰা হৈছে । প্ৰতিবেদন অনুসৰি অভিনেত্ৰীসকলে যৌন প্ৰস্তাৱ, নিয়ম মানি নচলাৰ বাবে শাস্তি, হাৰাশাস্তিৰ খবৰ দিয়াৰ বাবে ভাবুকিৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ উপৰিও কোৱা হৈছে যে উদ্যোগটোত পুৰুষৰ আধিপত্য অব্যাহত আছে লগতে অপৰাধীৰ নিয়ন্ত্ৰণো আছে ।

সোমবাৰে কেৰালা চৰকাৰে মালায়ালম চলচ্চিত্ৰ জগতৰ মহিলা অভিনেত্ৰীসকলৰ ওপৰত চলি থকা অত্যাচাৰ সন্দৰ্ভত চাঞ্চল্যকৰ প্ৰকাশৰ সৈতে ন্যায়াধীশ হেমা সমিতিৰ তথ্য প্ৰকাশ কৰে । প্ৰতিবেদনত গোপনীয়তা উলংঘা কৰা তথ্য নাই যদিও ইয়াৰ পৰা প্ৰকাশ পাইছে যে কাষ্টিং কাউচ মালায়ালম চলচ্চিত্ৰ উদ্যোগত এক উল্লেখযোগ্য বিষয় হৈ আছে । ই 233 পৃষ্ঠাৰ এখন দস্তাবেজ ।

প্ৰতিবেদনখন 31 ডিচেম্বৰ, 2019 তাৰিখে দাখিল কৰাৰ পাঁচ বছৰ পিচত প্ৰকাশ কৰা হৈছে । প্ৰতিবেদনখনৰ এটা প্ৰতিলিপি পাঁচজন লোকক দিয়া হৈছে, যাৰ ভিতৰত আছে প্ৰতিবেদন বিচাৰি তথ্য আয়োগৰ ওচৰলৈ যোৱা সাংবাদিকসকল । মালায়ালম উদ্যোগত মহিলা শিল্পীসকলৰ সমস্যা অধ্যয়নৰ বাবে ন্যায়াধীশ হেমা সমিতি গঠন কৰা হৈছিল । কেৰালা উচ্চ ন্যায়ালয়ে একক ন্যায়াধীশ বিচাৰপীঠে প্ৰতিবেদন প্ৰকাশৰ অনুমতি দিয়া আদেশৰ বিৰুদ্ধে অভিনেত্ৰী ৰঞ্জিনীয়ে দাখিল কৰা আবেদন খাৰিজ কৰাৰ পিচতে এই প্ৰতিবেদন প্ৰকাশ পাইছে ।

প্ৰতিবেদনৰ মুখ্য ফলাফলসমূহ:

  1. যৌন প্ৰস্তাৱ মানি নচলা অভিনেত্ৰীসকলক সুযোগৰ পৰা বঞ্চিত কৰা হয়
  2. অভিনেত্ৰীসকলে ভূমিকা পাবলৈ আপোচ কৰিব লাগে
  3. অপৰাধীৰ ভিতৰত বিশিষ্ট অভিনেতা, প্ৰযোজক, পৰিচালক আদিও আছে
  4. এই উদ্যোগটোত পুৰুষৰ আধিপত্য আছে
  5. অমান্য কৰা অভিনেত্ৰীসকলক বাৰে বাৰে শ্বট দিবলৈ বাধ্য কৰোৱা হয়; কিছুমান অভিনেত্ৰীয়ে সাক্ষ্য দিছিল যে তেওঁলোকক শাস্তি হিচাপে 17 টা লৈকে বাৰে বাৰে শ্বট দিবলৈ কোৱা হৈছিল
  6. পুৰুষ অভিনেতাসকলৰ মাজত এটা সাধাৰণ ধাৰণা আছে যে অভিনেত্ৰীসকলে সকলো কথা মানি চলিব লাগে
  7. কেৱল যুৱ অভিনেত্ৰীসকলক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰোৱা হয়
  8. সহযোগ কৰিবলৈ ইচ্ছুকসকলক স্বীকৃতি দিয়া হয়; যিসকলে নকৰে তেওঁলোকক একাষৰীয়া কৰি ৰখা হয়
  9. অভিযোগ কৰিলে নিজৰ জীৱন আৰু পৰিয়ালৰ প্ৰতি ভাবুকি আহি পৰে
  10. অপৰাধীয়ে মালায়ালম চলচ্চিত্ৰ উদ্যোগ নিয়ন্ত্ৰণ কৰে
  11. উদ্যোগটোত বাহিৰৰ পৰা দেখা পোৱা গ্লেমাৰৰ অভাৱ আছে
  12. সহযোগ কৰিবলৈ সন্মত হোৱা অভিনেত্ৰীসকলক কেৱল ক’ড নামেৰেহে জনা যায়
  13. অভিনেত্ৰীসকলে অভিযোগ দাখিল কৰিবলৈ ভয় কৰে
  14. আয়োগে অভিনেত্ৰীসকলৰ এই প্ৰকাশক আচৰিত পাইছে
  15. শোষণৰ পৰিসৰ দেখি আয়োগ আচৰিত হৈ পৰিছিল

প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভয়ৰ বাবেই বহুতে হাৰাশাস্তিৰ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিব পৰা নাছিল

লগতে পঢ়ক : IFFM ৰ ৰাষ্ট্ৰদূত ৰাম চৰণে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা - Ram Charan Ambassador at IFFM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.