নেশ্যনেল ডেস্ক, 25 মাৰ্চ : সকলোকে আচৰিত কৰি বিবাহপাশত আৱদ্ধ হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী তাপসী পান্নু ৷ যোৱা ২৩ মাৰ্চত উদয়পুৰত এক গোপন অনুষ্ঠানত তাপসীয়ে তেওঁৰ দীৰ্ঘসময়ৰ প্ৰেমিক তথা বেডমিণ্টন খেলুৱৈ মাথায়াছ বোৰ লগত বিবাহপাশত আৱদ্ধ হয় ৷ এই বিবাহৰ অনুষ্ঠানত কেৱল তাপসীৰ কেইগৰাকীমান ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ লোকহে উপস্থিত আছিল বুলি জানিব পৰা গৈছে ৷
অৱশ্যে এই বিবাহৰ অনুষ্ঠানত কেইগৰাকীমান তাৰকাৰ সৈতে পৰিচালক অনুৰাগ কাশ্যপ আৰু কণিকা ধীলন উপস্থিত আছে। ইয়াৰ লগতে তাপসীৰ সৈতে থকা 'থাপ্পড়'ৰ সহ-অভিনেতা পাভেল গুলাটীয়ে এখন বিবাহৰ ফটো শ্বেয়াৰ কৰিছে য'ত ব্যংগ কৰি কেপশ্যনটো লিখা হৈছিল ৷
বাতৰি অনুসৰি, তাপসীয়ে শীঘ্ৰেই বন্ধু আৰু সহকৰ্মীসকলৰ বাবে মুম্বাইত বিবাহৰ অভ্যৰ্থনা পাৰ্টী আয়োজন কৰিব । এতিয়া সকলোৱে তেওঁলোকৰ বিবাহৰ অভ্যৰ্থনাৰ তাৰিখ ঘোষণা কৰালৈ বাট চাই আছে ।
বিয়াৰ ৰহস্য বজায় ৰাখি পাভেল গুলাটিয়ে পোষ্ট শ্বেয়াৰ কৰে- টুইংকল টুইংকল লীটল ষ্টাৰ, উই ডন্ট ন' হোৱেৰ উই আৰ !
উল্লেখ্য যে, তাপসী পান্নু আৰু মাথায়াছ বোৱে প্ৰায় 12 বছৰতকৈও অধিক সময় ধৰি ডেট কৰি আছে । যদিও তেওঁলোকে কেতিয়াও তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱাভাৱে ঘোষণা কৰা নাছিল, তেওঁলোকক প্ৰায়েই একেলগে দেখা গৈছিল ৷
বিগত কেইসপ্তাহমানৰ পূৰ্বে দুয়োগৰাকীয়ে শিখ-খ্ৰীষ্টান দুয়ো ধৰ্মৰ ৰীতি-নীতি মতে বিবাহ অনুষ্ঠিত কৰিব বুলি বাতৰি প্ৰকাশ হৈছিল । বিবাহৰ পূৰ্বৰ নীতি-নিয়মসমূহ যোৱা ২০ মাৰ্চৰ পৰা আৰম্ভ হৈছিল ৷ তাৰ পিচতে 23 মাৰ্চত বিবাহ সম্পন্ন হয় ৷
তেওঁলোকৰ বিবাহৰ অনুষ্ঠানত তাপসী পান্নুৰ সৈতে কেইবাখনো চলচ্চিত্ৰত কাম কৰা কণিকা ধিলন তেওঁৰ স্বামী হিমাংশু শৰ্মাৰ সৈতে উপস্থিত আছিল । ছ'চিয়েল মিডিয়াত কণিকাই কিছু ফটো শ্বেয়াৰ কৰিছিল । এই ছবিসমূহ উদয়পুৰত অনুষ্ঠিত হোৱা তাপসীৰ বিয়াৰ বুলি জানিব পৰা গৈছিল ।
২০১৩ চনত ইণ্ডিয়ান বেডমিণ্টন লীগৰ উদ্বোধনী অনুষ্ঠানত তাপসী পান্নু আৰু মাথায়াছ বোয়ে প্ৰথমবাৰৰ বাবে ইজনে সিজনক লগ পাইছিল । তাপসীক শেহতীয়াকৈ শ্বাহৰুখ খানৰ বিপৰীতে পৰিচালক ৰাজকুমাৰ হিৰাণীৰ ছবি 'ডাংকিত' দেখা গৈছিল ৷
লগতে পঢ়ক: ছলমানৰ পৰা ইমৰাণ হাছমীলৈকে; বাবা ছিদ্দিকীৰ ইফটাৰ পাৰ্টিত তাৰকাৰ মেলা - Baba Siddique Iftar Party