ETV Bharat / entertainment

নৱ-বিবাহিত অনন্ত-ৰাধিকাক আশীৰ্বাদ দিবলৈ মুম্বাইত উপস্থিত কামাখ্যা মন্দিৰৰ দলৈ - Anant Ambani Weds Radhika Merchant

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 2:08 PM IST

Anant Ambani Weds Radhika Merchant: তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অনন্ত আম্বানী- ৰাধিকা মাৰ্চেণ্টৰ বিয়াখনৰ আজি দ্বিতীয়টো দিন ৷ আজিৰ দিনটো আশীৰ্বাদ অনুষ্ঠান হিচাপে ৰখা হৈছে য’ত বয়োজ্যেষ্ঠসকলৰ পৰা নৱ-বিবাহিত দম্পতীয়ে আশীৰ্বাদ গ্ৰহণ কৰিব ৷ এই অনুষ্ঠানৰ বাবে গুৱাহাটীৰ পৰা মুম্বাই পালেগৈ কামাখ্যা মন্দিৰৰ দলৈ সমাজ ৷

Anant Ambani Weds Radhika Merchant
নৱ-বিবাহিত দম্পতী (Photo: ANI)

গুৱাহাটী, ১৩ জুলাই : প্ৰতীক্ষাৰ অন্ত পেলাই কালি অনন্ত আম্বানীয়ে ৰাধিকা মাৰ্চেণ্টৰ শিৰত আঁকিলে ৰঙা সেন্দুৰ ৷ হাজাৰজন শুভাকাংক্ষীৰ উপস্থিতিত প্ৰেমিক যুগলে পাতনি মেলিলে যুগ্ম জীৱনৰ ৷ বিয়াখনৰ পৰা ইতিমধ্যে বহু ফটো-ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ আম্বানী-মাৰ্চেণ্ট পৰিয়ালৰ এই বিয়াত সমগ্ৰ বলীউড একেলগে জিলিকি উঠা দেখা গ’ল ৷ লগতে টলীউডৰ তাৰকাসকলেও নিজৰ উপস্থিতিৰে অনুষ্ঠানৰ শোভাবৰ্ধন কৰে ৷ অতিথিৰ তালিকাত হলীউডৰ ষ্টাৰসকলৰ লগতে বহুতো নামী-দামী বিদেশী কোম্পানীৰ বিশিষ্ট ব্যক্তিসকলেও নিমন্ত্ৰণ লাভ কৰে ৷ উল্লেখ কৰিবলগীয়া কথাটো হ’ল যে বহুত চৰ্চিত তাৰকাযুক্ত এই বিয়াখনলৈ ৰাজনৈতিক ক্ষেত্ৰৰ দেশী-বিদেশী বহু ব্যক্তি উপস্থিত থাকে ৷

অনন্ত-ৰাধিকাৰ আড়ম্বৰপূৰ্ণ বিয়াৰ আজিৰ আশীৰ্বাদ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিছে কামাখ্যৰ দলৈ সমাজে ৷ শনিবাৰৰ শুভ আশীৰ্বাদ অনুষ্ঠানত উপস্থিত থাকিব কামাখ্যাৰ দলৈ সমাজ । আম্বানী পৰিয়ালৰ নিমন্ত্ৰণ ৰক্ষা কৰি শনিবাৰে মুম্বাইত উপস্থিত হৈছে কামাখ্যা বৰদেউৰী সমাজৰ বৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মা, সৰু দলৈ হিমাদ্ৰী শৰ্মা আৰু কৰ্মকৰ্তা তাৰিণী শৰ্মা । আজি পুৱাই মুম্বাইলৈ উৰা মাৰে বৰ দলৈসহ তিনিজন প্ৰতিনিধিয়ে ।

লগতে পঢ়ক : আম্বানী-মাৰ্চেণ্টৰ বিয়াৰ বিতং তথ্য : সকলো জানক মাত্ৰ এটা ক্লিকতে - ambani marchent wedding cost

অনন্ত-ৰাধিকাক আশীৰ্বাদ দি তেওঁলোক দেওবাৰে উভতি আহিব বুলি জনাই বৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই । কামাখ্যাৰ দলৈ সমাজৰ মুম্বাইলৈ অহা-যোৱাৰ বিমানৰ টিকট, পঞ্চতাৰকা হোটেলত থকাৰ সকলো ব্যৱস্থা আম্বানী পৰিয়ালৰ তৰফৰ পৰা কৰি দিয়া হৈছে । ইতিপূৰ্বে জামনগৰত অনুষ্ঠিত হৈ যোৱা প্ৰাক্-বিবাহ অনুষ্ঠানলৈয়ো কামাখ্যাৰ দলৈ সমাজে আমন্ত্ৰণ লাভ কৰিছিল আৰু অংশগ্ৰহণ কৰিছিল । আম্বানী পৰিয়াল কামাখ্যা দেৱীৰ একান্ত ভক্ত আৰু সময় পালেই নীলাচললৈ আহি মাৰ আশীৰ্বাদ গ্ৰহণ কৰে তেওঁলোকে । বিবাহৰ পূৰ্বে চলিত বৰ্ষৰ এপ্ৰিল মাহত অনন্ত আম্বানীয়েও কামাখ্যা মন্দিৰত পূজা-অর্চনা আগবঢ়াইছিল ।

উল্লেখ্য যে, অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্ঠানলৈ তিৰুপতি, কেদাৰনাথ মন্দিৰ কমিটীকে ধৰি দেশৰ বহুসংখ্যক আগশাৰীৰ মন্দিৰ কমিটীক আমন্ত্ৰণ জনোৱা হৈছে । সেই আমন্ত্ৰণ ৰক্ষা কৰি নৱ-দম্পতীক আশীৰ্বাদ দিবলৈ শুকুৰবাৰৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তৰ পূজাৰীৰ সোঁত বৈছে মুম্বাইলৈ ।

লগতে পঢ়ক : সুন্দৰতা-গ্লেমাৰ-পৰম্পৰাৰে চিহ্নিত হ’ল অনন্ত-ৰাধিকাৰ বিবাহ - Anant Ambani Weds Radhika Merchant

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.