ETV Bharat / entertainment

প্ৰয়াত খগেন মহন্তৰ জনপ্ৰিয় গীতে ৰূপ ল’লে নাটকৰ; দুৰ্গাপূজাৰ সুন্দৰ উপহাৰ যোৰহাটবাসীলৈ - JORHAT THEATRE PLAY ON DURGA PUJA

Kolore patote kauri pore: ষাঠিৰ দশকৰ এটা জনপ্ৰিয় গীতে ৰূপ ল’লে নাটকৰ । বিশিষ্ট সংগীত শিল্পী প্ৰয়াত খগেন মহন্তই কণ্ঠদান কৰিছিল গীতটিত ৷

jorhat theatre
গানৰ পৰা নাটক (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Oct 9, 2024, 3:17 PM IST

যোৰহাট, 9 অক্টোবৰ : ষাঠিৰ দশকৰ এটা জনপ্ৰিয় গীত, যিটো আজিৰ দিনটো সমানেই জনপ্ৰিয়, সেই গীতটোৰ আলম লৈ নাট্যকাৰে লিখি উলিয়ালে এখন নাটক ৷ ষাঠিৰ দশকৰ অন্যতম জনপ্ৰিয় সুৰীয়া গীত ‘কলৰে পাততে কাউৰী পৰে’ এতিয়া দৰ্শকৰ আগত উপস্থাপন হ’ব নাটক ৰূপে । কেশৱ মহন্তৰ ৰচনা, ৰুদ্ৰ বৰুৱাই সুৰ কৰা জনপ্ৰিয় গীতটিত কণ্ঠদান কৰিছিল খগেন মহন্তই । এতিয়া এই পুৰণি গীতটিক নাটক আকাৰে দৰ্শকৰ মাজলৈ উলিয়াই দিব শতবৰ্ষ গৰকা যোৰহাট থিয়েটাৰে ।

শাৰদীয় দুৰ্গাপূজাৰ দিনা যোৰহাট থিয়েটাৰ হলৰ প্ৰাংগণত ‘কলৰে পাততে কাউৰী পৰে’ নাটকখন মঞ্চস্থ কৰা হ’ব । কলৰে পাততে কাউৰী পৰে নাটকখনৰ পৰিচালনা আৰু পৰিকল্পনাৰ দায়িত্বত থকা জনপ্ৰিয় অভিনেতা পৱিত্ৰ বৰুৱাই কয় যে খগেন মহন্তই কণ্ঠদান কৰা ‘কলৰে পাতত কাউৰী পৰে’ ষাঠিৰ দশকৰ এই পুৰণি গীতটো প্ৰত্যকজন অসমীয়াৰ মনত এতিয়াও ভাহি আছে ।

নাটখন সন্দৰ্ভত সকলোৰে ভাষ্য (ETV Bharat Assam)

কলৰে পাতত কাউৰী পৰে গীতটো শুনিলেই মনলৈ এটাই ধাৰণা আহে যে ইয়াত এটা কাহিনী লুকাই আছে আৰু কাহিনীটো হৈছে ডাকোৱালৰ আৰু নাট্যকাৰে গীতটোক নাটক আকাৰে ৰূপ দিছে । গীতটিক নাটকলৈ পৰিৱৰ্তন কৰাৰ উদ্দেশ্য এটাই মানুহখিনিক ষাঠিৰ দশকৰ মাজলৈ লৈ যোৱা আৰু ষাঠি দশকৰ মানুহৰ আৱেগ-অনুভূতি, মৰম-চেনেহ আৰু ভালপোৱা কিমান আছিল সেই কথা আজিৰ প্ৰজন্মৰ মাজত বিয়পাই দিয়া ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত ‘ফেঁহুজালি’ এতিয়া ইউটিউবতো উপলব্ধ

কলৰে পাততে কাউৰী পৰে নামৰ গীতটো নাটক আকাৰত যোৰহাট থিয়েটাৰে মঞ্চস্থ কৰিবলৈ ওলোৱাৰ খবৰটোৱে সুখী কৰি তুলিছে পাপনক ৷ খবৰটো পোৱাৰ পাছতে অংগৰাগ পাপন মহন্ত, কেশৱ মহন্তৰ জীয়াৰী আৰু ৰুদ্ৰ বৰুৱাৰ পুত্ৰ নৱনীল বৰুৱাই শুভেচ্ছা জ্ঞাপন কৰিছে যোৰহাট থিয়েটাৰে পৰিয়ালবৰ্গক ।

13 আৰু 14 তাৰিখে এই নাটকখন যোৰহাট থিয়েটাৰ হলত মঞ্চস্থ কৰা হ’ব আৰু প্ৰত্যক দিনাই দুটাকৈ দৰ্শনী থাকিব । নাটকখনৰ সংগীতৰ দায়িত্বত থকা জয়ন্ত নাথে কয়, “কলৰে পাততে কাউৰী পৰে গীতটি ষাঠিৰ দশকৰ এটা খুব জনপ্ৰিয় গীত আছিল আৰু গীতটি ধাৰাবাহিকভাৱে শুনি থাকিলে সকলোৰে চকু সেমেকি উঠে ৷ এই সকলো সামৰি আৰু দুই এটা চৰিত্ৰ সন্নিৱিষ্ট কৰি নাটকখন সৃষ্টি কৰা হৈছে, নাটকখনৰ মাজে মাজে ‘কলৰে পাততে কাউৰী পৰে’ গীতটি আহি থাকিব, কাল্পনিক চৰিত্ৰৰ লগত মিলাই ইয়াত সংগীতৰ ব্যৱস্থা কৰা হৈছে । উক্ত নাটকখনত পাচটা চৰিত্ৰ সন্নিৱিষ্ট কৰা হৈছে ।”

নাট্যকাৰ প্ৰশান্ত কটকীয়ে কয়, “এটা গীতক নাটকলৈ ৰূপান্তৰ কৰা ক্ষেত্ৰত কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিলো আৰু সৰুৰে পৰাই কলৰে পাততে কাউৰী পৰে গীতটো শুনি আহিছিলো আৰু গীতটোত শ্ৰমজীৱী ৰাইজ আৰু ডাক বিভাগৰ ডাকোৱালৰ কাহিনী আছে । এই দুটা কাহিনীৰ মাজত আৰু এটা উপ-কাহিনী নাটকখনত সংযোগ কৰা হৈছে । এই নাটকখনত কোনো জটিলতা নাই, সাধাৰণ কাহিনীহে সংযোগ কৰা হৈছে । এইখন মোৰ সম্ভৱত 24 নম্বৰ নাটক ।” ইয়াৰ লগতে নাট্যকাৰগৰাকীয়ে অন্য নাটক সন্দৰ্ভতো আলোকপাত কৰে ।

লগতে পঢ়ক : ৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ হেঙুলগোষ্ঠীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.