ETV Bharat / entertainment

তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 4:58 PM IST

5th Adingiri Rashtriya Natyo Utsav : অহা ১ মাৰ্চৰ পৰা ৩ মার্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ৷ অহা ১ আৰু ২ মাৰ্চত গুৱাহাটীৰ মালিগাঁওস্থিত শংকৰদেৱ নগৰৰ আদিংগিৰি পাহাৰৰ অভিজ্ঞানম নাট্যক্ষেত্ৰত আৰু ৩ মার্চৰ অনুষ্ঠান ঐতিহ্যমণ্ডিত মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হ'ব ।

5th Adingiri Rashtriya Natyo Utsav
পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ
পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত অভিজ্ঞানমে অহা ১ মাৰ্চৰ পৰা ৩ মার্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ আয়োজন কৰিছে । এইবাৰ গুৱাহাটীৰ দুটা স্থানত আয়োজন কৰা হ'ব এই নাট্য উৎসৱ ৷

অহা ১ আৰু ২ মাৰ্চত গুৱাহাটীৰ মালিগাঁওস্থিত শংকৰদেৱ নগৰৰ আদিংগিৰি পাহাৰৰ অভিজ্ঞানম নাট্যক্ষেত্ৰত মুকলি আকাশৰ তলত অনুষ্ঠানৰ আয়োজন কৰা হ'ব ৷ আনহাতে, ৩ মার্চৰ অনুষ্ঠান ঐতিহ্যমণ্ডিত মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হ'ব ।

উল্লেখ্য যে, গুৱাহাটীৰ মালিগাঁওস্থিত অভিজ্ঞানম নাট্যক্ষেত্ৰত আয়োজন কৰা হৈছিল প্ৰথম ৪ টা সংস্কৰণ । আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ ৰ পঞ্চম সংস্কৰণৰ প্ৰথম দিনা অভিজ্ঞানমে সাংস্কৃতিক ক্ষেত্ৰৰ দুগৰাকী প্ৰসিদ্ধ ব্যক্তিক অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সম্বৰ্ধনা জ্ঞাপন কৰিব ৷

প্ৰয়াত দেৱস্তুত চৌধুৰীৰ সোঁৱৰণী নাট্য ব্যক্তিত্ব সন্মান ২০২৪ আগবঢ়োৱা হ'ব প্ৰসিদ্ধ নাট্য সমালোচক অতুল মজুমদাৰক ৷ প্ৰয়াত বর্ণালী চৌধুৰীৰ সোঁৱৰণীত প্ৰদান কৰা লোকশিল্প সাধনা সন্মান ২০২৪ আগবঢ়োৱা হ’ব বৰ বিহুৱা ৰন্টু শইকীয়াক । তথ্য অনুসৰি, আদিংগিৰি ৰাষ্ট্ৰীয় নাট উৎসৱ মুঠ চাৰিখন নাটক প্ৰদৰ্শন কৰা হ'ব ।

১ মার্চ 'মেনকা' নাটেৰে শুভাৰম্ভণিৰ হ'ব উৎসৱৰ । সাহিত্যিক হোমেন বৰগোহাঁইৰ মৎস্যগন্ধা উপন্যাসক নাট্যৰূপ দিয়া হৈছে । 'বা' থিয়েটাৰৰ দ্বাৰা পৰিৱেশিত হ'ব লগা মেনকা নাটখনিৰ নাট্যৰূপ দিছে পাকিজা বেগম আৰু জিমনী চৌধুৰীয়ে ৷ পাকিজা বেগমে এই নাটকখন পৰিচালনা কৰিছে ।

সন্ধিয়া ৬ বজাত এই নাটখন মঞ্চস্থ হ'ব ৷ ২ মার্চ অনুষ্ঠানটোৰ দ্বিতীয় দিনা দুখন নাটক পৰিৱেশন কৰা হ'ব ৷ প্ৰথমখন নাট উইলিয়াম ছেক্সপীয়েৰৰ জনপ্ৰিয় হেমলেট আৰু উৰিপাডিজৰ মেডিয়া নাটকৰ ওপৰত আধাৰিত 'টু কিল অৰ নট টু কিল । দিল্লীৰ অর্ণব আৰ্টৰ হৈ জিলমিল হাজৰিকাৰ অভিনয়েৰে মঞ্চস্থ হ'ব এই নাটখন ৷ এই নাটখন পৰিচালনা কৰিছে উজবেকিস্তানৰ ওভলিয়াকুলি খোদজাকুলিয়ে ।

২ মার্চ শনিবাৰে সন্ধিয়া ৫.৩০ বজাৰ পৰা আৰম্ভ হ'ব নাটখন ৷ আনহাতে, দিনটোৰ দ্বিতীয়খন নাটক অভিজ্ঞানমে পৰিৱেশন কৰিব লগা 'গান্ধী বনাম গডছে' । ৰণহাং চৌধুৰীৰ ৰচনা আৰু পৰিচালনা প্ৰস্তুত কৰা নাটখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব ৷

আনহাতে, ৩ মার্চ দেওবাৰে অনুষ্ঠিত বলগীয়া অনুষ্ঠানটোৰ তৃতীয় দিনা অভিজ্ঞানমে সন্ধিয়া ৬ বজাৰ পৰা 'তৃতীয়' শীর্ষক নাটকখনপৰিৱেশন কৰিব । নাটকখনৰ ৰচনা, পৰিচালনা আৰু পৰিকল্পনা ৰণহাং চৌধুৰীৰ । উৎসৱত নাটক পৰিৱেশনৰ উপৰি নাটক, চিনেমা, অভিনয় আৰু এই বিষয়ত সম্পৰ্কিত কলাৰ বিভিন্ন দিশৰ ওপৰত কৰ্মশালাৰ আয়োজন কৰা হ'ব ।

গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰে সংবাদমেল সম্বোধন কৰি পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ দায়িত্ববাহী ৰণহাং চৌধুৰীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ৰ আয়োজন কৰিবলৈ আমি সাজু হৈছো । আৰম্ভণিৰে পৰা নাটক আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমক এখন উমৈহতীয়া মঞ্চত সামৰি ল'ব পৰাকৈ এই নাট্য উৎসৱৰ আয়োজন কৰি অহা হৈছে আৰু এনে চিন্তাৰেই যোৱা ৪টা সংস্কৰণ সফলভাৱে সমাপন কৰা হৈছে । এইবাৰ আমি দুটা পৃথক স্থানত এই উৎসব আয়োজনৰ দিহা কৰিছোঁ । আমাৰ নিজৰ অভিজ্ঞানম নাট্যক্ষেত্ৰৰ লগতে গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত আই টি এ মাছখোলাত নাট প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছোঁ’’ ।

লগতে পঢ়ক : ইন্দ্ৰাণী মুখাৰ্জীৰ তথ্যচিত্ৰ মুক্তিত চিবিআইৰ বাধা, নেটফ্লিক্সলৈ জাননী জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.