ETV Bharat / entertainment

ব্রজনাথ শর্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ - Drama festival

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 9:30 AM IST

Brajanath Sarma memorial drama festival: অসমৰ আধুনিক নাট্য যাত্ৰাৰ বাটকটীয়া ব্রজনাথ শৰ্মাৰ সোঁৱৰণত অনুষ্ঠিত হৈ আহিছে নাট সমাৰোহ । এইবাৰো চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে এই সমাৰোহৰ ।

Brajanath Sarma memorial drama festival
ব্রজনাথ শর্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ (ETV Bharat Assam)

গুৱাহাটী, ১১ ছেপ্টেম্বৰ : অহা ১২ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব পঞ্চদশ বার্ষিক ব্রজনাথ শর্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ । অপেছাদাৰী নাট্যদল 'সমাহাৰ নাট্য গোষ্ঠী'ৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে অহা ১২ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব এই আন্তঃৰাজ্যিক নাট সমাৰোহ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে উদ্যোক্তাসকলে ।

ব্রজনাথ শর্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ উদযাপন সমিতিৰ সভাপতি ললিত শর্মাই এই কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি কয়, "আমি সমাৰোহৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পোৱাটো অতি আনন্দৰ বিষয় । চৈধ্য বছৰে সফলতাৰে অনুষ্ঠিত হোৱা উক্ত সমাৰোহে অসমৰ এক অন্যতম সাংস্কৃতিক অনুষ্ঠান ৰূপে পৰিচিতি লাভ কৰিছে । সেয়েহে প্ৰতি বছৰে উক্ত সমাৰোহ সফল ভাবে আয়োজন কৰাটো আমাৰ গুৰু দায়িত্ব ।"

উল্লেখ্য যে ২০০৭ চনৰ পৰা প্ৰতি বছৰে সমাহাৰ নাট্য গোষ্ঠীৰ উদ্যোগত অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষ তথা অসমৰ আধুনিক নাট্য যাত্ৰাৰ বাটকটীয়া ব্রজনাথ শৰ্মাৰ সোঁৱৰণত এই নাট সমাৰোহ আয়োজন কৰি অহা হৈছে । অহা ১২ ছেপ্টেম্বৰৰ সন্ধিয়া ৬:৩০ বজাত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ বন্তি প্রজ্জ্বলন কৰিব ব্রজনাথ শৰ্মাৰ জীয়ৰী আৰু নাতিনী ক্রমে হিৰণবালা দেৱী আৰু নিলাক্ষী মিশ্ৰই । তদুপৰি নাট সমাৰোহখনি উদ্বোধন কৰিব প্রবীন বাওঁপন্থী ৰাজনীতিবিদ, লেখক হেমেন দাসে ।

  • দৰ্শকে কি কি নাট উপভোগ কৰিব পাৰিব ?

অহা ১২ ছেপ্টেম্বৰত মঞ্চস্থ কৰা হ'ব দ্রষ্টা নাট্য দলৰ উদ্যোগত নাট্যকাৰ-চিত্র নির্মাতা ড৹ সীতানাথ লহকৰ ৰচিত আৰু ইন্দ্রজিৎ কাকতি পৰিচালিত নাট 'PIL-99' ৷ ইপিনে, অহা ১৩ ছেপ্টেম্বৰত মঞ্চস্থ কৰা হ'ব সমাহাৰ নাট্য গোষ্ঠীৰ উদ্যোগত বিশিষ্ট নাট্যকাৰ ড৹ সীতানাথ লহকৰৰ ৰচনা আৰু পৰিচালনাৰে 'দ্রোহী'। ১৪ ছেপ্টেম্বৰত মঞ্চস্থ কৰা হ'ব জাগীৰোড নাট্যগোষ্ঠীৰ উদ্যোগত নাট্যকাৰ তৰুণ তালুকদাৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাট 'ইমান ধুনীয়া পৃথিৱীখন'।

ব্রজনাথ শর্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ উদযাপন সমিতিৰ সভাপতি ললিত শর্মাই উল্লেখ কৰা মতে, অহা ১৫ ছেপ্টেম্বৰত মঞ্চস্থ কৰা হ'ব গুৱাহাটীৰ সমাহাৰ নাট্য গোষ্ঠীৰ নাটক 'ন্যায়'। এই নাটকখনৰ ৰচনা আৰু পৰিচালনা ড৹ সীতানাথ লহকৰৰ ।

লগতে পঢ়ক:মুখাৰ উদ্যোগত নৱম বাৰ্ষিক বিষ্ণু জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ - Theatre Group Mukha Barpeta

আমেৰিকা, পোলেণ্ড, শ্ৰীলংকা, অষ্ট্ৰেলিয়াৰ নাটক চাই যদি কলাক্ষেত্ৰলৈ আহক - BBITF 2024 in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.