ETV Bharat / entertainment

উভালি পৰিল ১৫০ বছৰীয়া ‘চিনে ট্ৰী’ : ৩০০তকৈও অধিক ছবিৰ গুৰুত্বপূৰ্ণ অংশ গছজোপা - Iconic three uprooted - ICONIC THREE UPROOTED

150 years old tree falls : ৩০০তকৈও অধিক ছবিত দেখা গৈছিল বিশেষ গছজোপা ৷ কিন্তু চৰকাৰে সংৰক্ষণ কৰিব নোৱাৰিলে ১৫০ বছৰীয়া ‘চিনে ট্ৰী’ক ৷ বহু প্ৰখ্যাত পৰিচালকৰ পচন্দৰ আছিল গছজোপা ৷

150 years old tree falls
উভালি পৰিল ১৫০ বছৰীয়া ‘চিনে ট্ৰী’ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 7:31 PM IST

নিউজ ডেস্ক, 6 আগষ্ট : এজোপা বিশেষ গছ ৷ গছজোপা এইবাবেই বিশেষ যে গছজোপা জড়িত হৈ আছে 300 তকৈও অধিক চলচ্চিত্ৰৰ লগত ৷ চলচ্চিত্ৰৰ লগত জড়িত বিশেষ গছজোপাৰ বয়স প্ৰায় 150 বছৰ ৷ যিজোপা গছ আছিল শ শ পক্ষীৰ আশ্ৰয়স্থলো ৷

উভালি পৰিল ১৫০ বছৰীয়া ‘চিনে ট্ৰী’ (ETV Bharat)

গছজোপাৰ কথা ওলালেই মনলৈ আহে বহু চলচ্চিত্ৰৰ নাম ৷ যিজোপা গছৰ চাৰিওফালে বহু চিনেমাৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷ প্ৰায়সকল প্ৰখ্যাত পৰিচালকে বিশ্বাস কৰিছিল যে যদি উক্ত গছজোপাৰ দৃশ্য ৰাখি এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়, তেন্তে নিশ্চিতভাৱে ছবিখন সফল হ’ব ৷ সেয়েহে পৰিচালকসকলে চিনেমাৰ কোনো এটা দৃশ্যত হ’লেও গছজোপা ৰাখিবলৈ চেষ্টা কৰিছিল ৷ ফলত গছজোপাই পৰিচিতি লাভ কৰিছিল ‘চিনে ট্ৰী’ হিচাবে ৷ কিন্তু প্ৰাকৃতিক দুৰ্যোগ অথবা শাসকপক্ষৰ বিষয়াৰ অৱহেলাৰ ফলত সময়ৰ লগে লগে হেৰাই যায় ‘চিনে ট্ৰী’ ৷

বহু প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা শ শ চলচ্চিত্ৰৰ চিনাকি বিশাল গছজোপা অৱশেষত উভালি পৰিল ৷ অন্ধ্ৰপ্ৰদেশৰ পূব গোদাৱৰী জিলাৰ কোভভুৰুৰ গোদাৱৰী নদীৰ কাষত সৌন্দৰ্য বৰ্ধন কৰা নিদ্ৰাগান্নেৰু গছজোপা ৫ আগষ্ট অৰ্থাৎ সোমবাৰে পুৱা উভালি পৰে ৷ যিজোপা গছক কেন্দ্ৰ হিচাবে ৰাখি প্ৰায় ৩০০ খন চলচ্চিত্ৰৰ উপৰিও বহু ভিডিঅ’ গীতৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷

প্ৰখ্যাত পৰিচালক বাপু, কে বিশ্বনাথ, কে ৰাঘৱেন্দ্ৰ ৰাওৰ উপৰিও বহু পৰিচালকৰ পৰিচালনাত চলচ্চিত্ৰ নিৰ্মাণ হৈছিল বিশেষ গছজোপাৰ পৰিৱেশত ৷ আক্কিনেনি নাগেশ্বৰ ৰাও, চিৰঞ্জীৱী, কৃষ্ণা, কৃষ্ণমৰাজু, বালাকৃষ্ণ আৰু মোহন বাবুৱে এইজোপা গছৰ পৰিৱেশত ছবিৰ দৃশ্যগ্ৰহণ কৰিছিল ৷ ১৯৭৫ চনত গছজোপাই দুগ্ধজাত শস্যৰ বাবে বিশেষ স্বীকৃতি লাভ কৰিছিল ৷ শংকৰভৰণম, ত্ৰিশূলম, সীতাৰামায়া গৰী মানাভাৰালু আৰু অন্যান্য ছবিৰ গুৰুত্বপূৰ্ণ দৃশ্যসমূহ এই গছজোপাৰৰ পৰিৱেশত লোৱা হৈছিল ৷

কিন্তু চৰকাৰে বিশেষ গছজোপাৰ ক্ষেত্ৰত মনোযোগ দিয়া পৰিলক্ষিত নহ’ল ৷ প্ৰতি বছৰে গোদাৱৰী নদীয়ে সষ্টি কৰা বানৰ ফলত গছজোপাৰ ভূমি খহিবলৈ আৰম্ভ হৈছিল আৰু অৱশেষত গছজোপা দুটা ভাগত বিভক্ত হৈ উভালি পৰে ৷

লগতে পঢ়ক : কৃত্ৰিম বুদ্ধিমত্তা বিপ্লৱ : অন্ধ্ৰপ্ৰদেশ এক প্ৰযুক্তি শক্তিকেন্দ্ৰ হোৱাৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.