ETV Bharat / business

এতিয়া আৰু চিন্তা নাই; UPI জৰিয়তে 5 লাখ টকালৈ কৰক লেনদেন - UPI Transaction Limit Increased

author img

By ETV Bharat Business Team

Published : Sep 14, 2024, 11:21 AM IST

UPI Transaction Limit Increased : অনলাইন লেনদেন কৰা সকলৰ বাবে এক ডাঙৰ খবৰ । এতিয়াৰে পৰা বদ্ধি কৰা হৈছে UPI ৰ জৰিয়তে লেনদেনৰ সীমা । কিন্তু ইয়াম মাজতো আছে কেতবোৰ নিষেধাজ্ঞা ৷ সবিশেষ জানিবলৈ সম্পূৰ্ণ খবৰ পঢ়ক...

UPI Transaction Limit Increased
UPI জৰিয়তে 5 লাখ টকালৈ কৰক লেনদেন (Getty Images)

নিউজ ডেস্ক, 14 ছেপ্টেম্বৰ : বৰ্তমান ডিজিটেল যুগ ৷ আজিৰ এই সময়ত অধিকাংশ মানুহেই লগত ধনৰ মোনা (Purse) লৈ নুফুৰে ৷ কিয়নো আজিকালি সকলো ধনৰ লেনদেন ম’বাইলৰ জৰিয়তে হয় ৷ অৰ্থাৎ য’তেই প্ৰয়োজন হয়, তাতেই UPI ৰ জৰিয়তে লেনদেন কৰিব পৰা যায় ৷

আগতে UPI ৰ জৰিয়তে ধন লেনদেনৰ সীমা আছিল মাত্ৰ 1 লাখ টকা ৷ কিন্তু এতিয়া এন পি চি আই (NPCI)য়ে এই সীমা বৃদ্ধি কৰিছে । UPI চলোৱা সংস্থা NPCI য়ে কিছুমান পৰিস্থিতিৰ বাবে এই সীমা বৃদ্ধি কৰিছে; যিটো 15 ছেপ্টেম্বৰ দেওবাৰৰ পৰা কাৰ্যকৰী হ’ব ।

এইখিনিতে কওঁ যে, এতিয়াৰে পৰা 5 লাখ টকা পৰ্যন্ত ধনৰ লেনদেন অতি সহজেই UPI ৰ জৰিয়তে কৰিব পৰা যাব । নতুন চাৰ্কুলাৰ (Circular) জাৰি কৰাৰ সময়ত NPCI য়ে কয় যে এই ধন কেৱল কিছুমান শিতানতহে কৰিব পৰা যাব ।

যোৱা ৮ আগষ্টত অনুষ্ঠিত হোৱা মুদ্ৰানীতি পৰ্যালোচনা বৈঠকত RBI ৰ ৰাজ্যপাল শক্তিকান্ত দাসে ঘোষণা কৰিছিল যে UPI ৰ জৰিয়তে লেনদেনৰ সীমা 1 লাখৰ পৰা 5 লাখ টকালৈ বৃদ্ধি কৰা হ’ব, যিটো এতিয়া দেওবাৰৰ পৰা কাৰ্যকৰী কৰা হ’ব । আগন্তুক সময়ত UPI ৰ জৰিয়তে ধন পৰিশোধৰ প্ৰক্ৰিয়া আৰু অধিক সহজ কৰি তোলা হ’ব বুলি তেওঁ কৈছিল ।

  • এই শ্ৰেণীসমূহত লেনদেন কৰিব পাৰিব :
  1. কৰ পৰিশোধ, এই নিয়ম কেৱল পঞ্জীয়নভুক্ত ব্যৱসায়ীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব ।
  2. এই সুবিধা চিকিৎসাৰ বিল পৰিশোধ কৰিবলৈ উপলব্ধ হ’ব ।
  3. শিক্ষানুষ্ঠানত মাচুল দিব পাৰিব ।
  4. IPO আৰু চৰকাৰী ছিকিউৰিটি ক্ৰয়ত ব্যৱহাৰ কৰা হ’ব ।

লগতে পঢ়ক : গুগল পে’ত একাউণ্ট নাথাকিলেও আপুনি লাভ কৰিব পাৰিব ধন ! কেনেকৈ ? - Google Pay

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.