ETV Bharat / business

বাজেট 2024-25: চাৰিটা মূল গোটৰ ওপৰত গুৰুত্ব আৰোপৰ সম্ভাৱনা - UNION BUDGET 2024 25

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 5:12 PM IST

Finance Minister Nirmala Sitharaman : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বৰ্ষৰ জুলাইত লোকসভাত দাখিল কৰিব তেওঁৰ সপ্তমখন কেন্দ্ৰীয় বাজেট ৷ 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ গুৰুত্ব চাৰিটা মূলগোটৰ ওপৰত ন্যস্ত থাকিব ৷ কৃষ্ণানন্দে চলিত বৰ্ষৰ বাজেট সন্দৰ্ভত কি লিখিছে, পঢ়ক আমাৰ প্ৰতিবেদনত ৷

UNION BUDGET 2024 25
22 জুলাইৰ পৰা বাজেট অধিৱেশন (ANI PHOTOS)

নেশ্যনেল ডেস্ক, 10 জুলাই: জুলাই মাহতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব তেওঁৰ সপ্তমখন বাজেট ৷ যিখন হ’ব নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট ৷ স্বাভাৱিকতে এই বাজেটৰ ওপৰত সকলোৰে দৃষ্টি আৱদ্ধ থকাটো ধূৰূপ ৷

লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে, সীতাৰমণে অন্তৱৰ্তীকালীন বাজেট উত্থাপন কৰিছিল, য’ত চৰকাৰে পৰৱৰ্তী দুই-তিনি মাহৰ বাবে চৰকাৰী ব্যয় বহন কৰাৰ বাবে সংসদৰ অনুমোদন গ্ৰহণ কৰে ৷ যাতে নতুন লোকসভা গঠনৰ পিছত নিয়মীয়া বাজেট উত্থাপন কৰিব পৰা যায় ।

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেট: ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে ৬.২৪ লাখ কোটি টকা আৱন্টন - Union Budget

অৱশ্যে, যিহেতু বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কেন্দ্ৰত এয়া তৃতীয়টো কাৰ্যকাল, সেয়ে উত্থাপন কৰিবলগীয়া বাজেটখনত কোনো বৃহৎ পৰিৱৰ্তন আশা কৰিব পৰা নাযায় ৷ অৱশ্যে অন্তৱৰ্তীকালীন বাজেটৰ দৰে চাৰিটা মূল গোটৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ আশা আছে ৷ এই গোটকেইটা হৈছে ক্ৰমে দৰিদ্ৰ লোকসকল, কৃষক, মহিলা আৰু যুৱসকল ৷

বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কৈছিল যে, এই চাৰিটা গোটৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ আকাংক্ষা আৰু কল্যাণ চৰকাৰৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ । এই গোটকেইটা আগবাঢ়ি গ’লেহে দেশ আগবাঢ়িব ৷ চাৰিওটা গোটৰ জীৱন প্ৰণালী উন্নত কৰাৰ বাবে চৰকাৰৰ সমৰ্থন প্ৰয়োজন ৷ তেওঁলোকৰ সশক্তিকৰণ আৰু কল্যাণে দেশখনক আগুৱাই নিব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰিছিল ৷

  • দৰিদ্ৰৰ কাষত উপস্থিত হোৱা

ক’ভিড মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈ ভাৰতত প্ৰায় 5.33 লাখৰো অধিক লোকৰ মৃত্যু হৈছিল ৷ সেই কাল বিভীষিকাৰ সময়ত চৰকাৰে দেশৰ জনসংখ্যাৰ 55 শতাংশতকৈও অধিক লোকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া খাদ্য বিতৰণ কাৰ্যসূচী আৰম্ভ কৰে । 2020 চনৰ মাৰ্চ মাহত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা 2028 চনৰ শেষলৈকে সম্প্ৰসাৰিত কৰা হৈছে ।

ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ ৰাজভঁৰালৰ এক বহুল মাত্ৰাত ধনৰ ব্যয় হয় ৷ কিয়নো নোডেল মন্ত্ৰালয়, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ বাবে আৱণ্টন আঁচনিখন আৰম্ভ হোৱাৰ পিছত ব্যয় যথেষ্ট বৃদ্ধি পাইছে ৷

লগতে পঢ়ক: মোডী ৩.০: আগন্তুক ৫ বছৰলৈ দেশৰ অৰ্থনীতিৰ ভেটি গঢ়াৰ দায়িত্ব পুনৰ নিৰ্মলা সীতাৰমণৰ হাতলৈ - FM Nirmala Sitharaman

উদাহৰণস্বৰূপে, ক’ভিডৰ বিভীষিকা আৰম্ভ হোৱাৰ পূৰ্বে 2019-20 বিত্তীয় বৰ্ষৰ বাবে খাদ্য ৰাজসাহায্য বিধেয়কৰ নামত আৱণ্টন দিয়া হৈছিল মাত্ৰ 1.09 লাখ কোটি টকা ৷ অৱশ্যে, 2020-21 বিত্তীয় বৰ্ষত 1.16 লাখ কোটি টকাৰ বাজেট মোকলাই দিয়াৰ বিপৰীতে খাদ্য ৰাজসাহায্য বিল 5.41 লাখ কোটি টকালৈ বৃদ্ধি হয় । এই বৃদ্ধিৰ মুখ্য কাৰণ আছিল অন্যান্য বিষয়ৰ উপৰিও কেন্দ্ৰীয় বাজেটত বিগত বছৰবোৰৰ বাজেট বহিৰ্ভূত খাদ্যক ৰাজসাহায্যত অন্তৰ্ভুক্ত কৰাটো ৷

ক’ভিড মহামাৰীয়ে বিভীষিকা সৃষ্টি কৰাৰ প্ৰথমটো বছৰৰ পিছত, 2021-22 বিত্তীয় বৰ্ষত বাবে খাদ্য ৰাজসাহায্য বিধেয়কত কিছু পৰিমাণে সালসলনি ঘটোৱা হয় ৷ 2022-23 বিত্তীয় বৰ্ষৰ বাবে এই বাজেটত নিৰ্ধাৰণ কৰা ধনৰ পৰিমাণ আছিল 2.73 লাখ কোটি টকা আৰু 2023-24 বিত্তীয় বৰ্ষত ইয়াৰ সংশোধন ঘটাই নিৰ্ধাৰণ কৰা হয় 2.12 লাখ কোটি টকা ৷

  • কৃষকসকল

কেন্দ্ৰীয় চৰকাৰে 2021 চনৰ নৱেম্বৰ মাহত প্ৰত্যাহাৰ কৰিছিল তিনিখনকৈ বিতৰ্কিত কৃষি আইন ৷ কিন্তু চৰকাৰখনে বিভিন্ন কাৰণত কৃষক সম্প্ৰদায়ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সন্মুখীন হ’বলগীয়া হয় ৷ যাৰ ফল স্পষ্টকৈ পৰিলক্ষিত হয় 2024 চনৰ লোকসভা নিৰ্বাচনত ৷ কৃষিভিত্তিক ৰাজ্য পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত শাসকীয় দলে বহু চেষ্টা কৰিও কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ হ’ব নোৱাৰিলে ৷

কৃষক সম্প্ৰদায়ৰ সমৰ্থন পুনৰ ঘূৰাই পাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰামাঞ্চলসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এক বৃহৎ সম্প্ৰসাৰণ ঘোষণা কৰি তৃতীয়টো কাৰ্যকাল আৰম্ভ কৰে ৷ তৃতীয়বাৰৰ বাবে দেশৰ শাসনভাৰৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে তেওঁৰ সমষ্টি বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কিস্তিও মুকলি কৰে । এই বাজেটত বিত্তমন্ত্ৰীয়ে কৃষক সম্প্ৰদায়ক উদ্দেশ্যে গ্ৰহণ কৰা কল্যাণমূলক আৰু জলসিঞ্চন আঁচনিবোৰ অধিক সম্প্ৰসাৰিত কৰিব পাৰে ।

  • মহিলাসকল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ চাৰিটা গুৰুত্বপূৰ্ণ গোটৰ ভিতৰত অন্যতম এক গোট হৈছে মহিলাসকল ৷ শেহতীয়া বছৰবোৰত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ বাবে চৰকাৰে দিয়া ধনৰ আৱণ্টন ক্ৰমান্বয়ে বৃদ্ধি পাইছে ।

এই বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব লাখপতি দিদি আঁচনিত ৷ কিয়নো বিত্তমন্ত্ৰী সীতাৰমণে পূৰ্বৰ বাজেটত ঘোষণা কৰা লাখপতি দিদি আঁচনি শক্তিশালী কৰাৰ উপায় ঘোষণা কৰিব পাৰে । আঁচনিখনে 90 লাখতকৈও অধিক আত্মসহায়ক গোটৰ (এছ এইচ জি) সৈতে জড়িত প্ৰায় 10 কোটি মহিলাক সামৰি লোৱাৰ লক্ষ্য কৰি লৈছে ।

  • যুৱপ্ৰজন্ম

বিত্তমন্ত্ৰীয়ে অন্তৱৰ্তীকালীন বাজেটত এক লাখ কোটি টকাৰ পুঁজি সৃষ্টিৰ কথা ঘোষণা কৰিছিল । সমান্তৰালকৈ তেওঁ কৈছিল যে, এই গোটটোত পঞ্চাশ বছৰৰ সূতমুক্ত ঋণৰ সৈতে অথবা একেবাৰে নিম্ন পৰিমাণৰ বা শূন্য সূতৰ হাৰৰ সৈতে দীঘলীয়া সময়ৰ বাবে দীৰ্ঘম্যাদী বিত্তীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

চৰকাৰৰ মতে, ই ব্যক্তিগত খণ্ডক অৰ্থনীতিৰ গৱেষণা আৰু উদ্ভাৱন বৃদ্ধি কৰিবলৈ উৎসাহিত কৰিব । আমাৰ যুৱ আৰু প্ৰযুক্তিৰ শক্তি একত্ৰিত কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব বুলিও বিত্তমন্ত্ৰী সীতাৰমণে উল্লেখ কৰে ৷

বিত্তমন্ত্ৰীগৰাকীয়ে কৈছিল যে, "আমাৰ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলৰ বাবে এয়া এক সোণালী যুগ হ’ব । চৰকাৰে দেশৰ ষ্টাৰ্টআপ আৰু উদ্যোগ সংস্কৃতিক অধিক শক্তিশালী কৰিবলৈ আগন্তুক বাজেটত অতিৰিক্ত ব্যৱস্থা ঘোষণা কৰিব বুলি আশা কৰা হৈছে । তদুপৰি, চৰকাৰে বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষাৰ বাবে বাজেট বৃদ্ধিৰ কথা ঘোষণা কৰিছে ।

উল্লেখ্য যে, বিদ্যালয় শিক্ষাৰ বাবে বাজেট আৱণ্টনৰ ক্ষেত্ৰত 2022-23 বিত্তীয় বৰ্ষত প্ৰায় 97,000 কোটি টকাৰ পৰা আৰম্ভ কৰি চলিত বিত্তীয় বৰ্ষত প্ৰায় 1.28 লাখ কোটি টকা বৃদ্ধি কৰা হৈছে ৷ 2022-23 বিত্তীয় বৰ্ষত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাজেট 53,000 কোটি টকাৰ পৰা আৰম্ভ কৰি চলিত বিত্তীয় বৰ্ষত 63,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে ।

আশা কৰা হৈছে যে, বিত্তমন্ত্ৰী সীতাৰমণে আগন্তুক বাজেটত দেশত উচ্চ শিক্ষা আৰু গৱেষণা অধিক শক্তিশালী কৰাৰ বাবে নতুন ব্যৱস্থা ঘোষণা কৰিব পাৰে ।

লগতে পঢ়ক: ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন - Union Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.