ETV Bharat / business

UPI লেনদেনৰ সীমা বৃদ্ধি ৰিজাৰ্ভ বেংকৰ; UPI লাইট ৱালেটৰ সীমাও বৃদ্ধি - UPI TRANSACTION

Reserve Bank of India : ৰিজাৰ্ভ বেংকে MPC বৈঠকত UPI লেনদেনৰ সীমা ১০,০০০ টকালৈ বৃদ্ধি কৰে । UPI লাইট ৱালেটৰ লেনদেনৰ সীমাও বৃদ্ধি পাইছে ।

Reserve Bank of India
প্ৰতিনিধিত্বমূলক ছবি (Getty Image)
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2024, 12:08 PM IST

নিউজ ডেস্ক, ৯ অক্টোবৰ : ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰ বি আই) গৱৰ্ণৰ শক্তিকান্ত দাসে ঘোষণা কৰে যে ইউ পি আই (UPI) লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে । আনহাতে, শক্তিকান্ত দাসৰ নেতৃত্বত ছয়জনীয়া মুদ্ৰা নীতি সমিতিয়ে ৰেপো ৰেট ৬.৫ শতাংশত অপৰিৱৰ্তিত ৰাখে ।

ইয়াৰ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ঘোষণা কৰিছিল যে ইউ পি আই লেনদেনৰ সীমা বৃদ্ধি কৰা হ'ব । তেওঁ কয় যে ইউ পি আয়ে উদ্ভাৱন আৰু অনুকূলতাৰ জৰিয়তে ডিজিটেল ধন পৰিশোধ সুলভ আৰু সামগ্ৰিক কৰি ভাৰতৰ বিত্তীয় দৃশ্যপট সলনি কৰিছে ।

ইউ পি আই লেনদেনৰ সীমা বৃদ্ধি

মুদ্ৰা নীতি সমিতিৰ বৈঠকত প্ৰতিটো লেনদেনৰ সীমা 5,000 টকাৰ পৰা 10,000 টকালৈ বৃদ্ধি কৰা হৈছে । লগতে ইউ পি আই লাইট ৱালেটৰ সীমা বৃদ্ধি কৰা হৈছে আৰু ইউ পি আই লাইট লেনদেনৰ সীমাও বৃদ্ধি কৰা হৈছে । আৰ বি আয়ে ইউ পি আই লাইট ৱালেটৰ সীমা 2,000 টকাৰ পৰা 5,000 টকালৈ বৃদ্ধি কৰিছে ।

ইউ পি আই 123-পে'ৰ সুবিধা কি ?

উল্লেখ্য যে ইউ পি আই 123-পে' হৈছে ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে এক তাৎক্ষণিক পৰিশোধ ব্যৱস্থা । যাৰ দ্বাৰা এক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য উপায়েৰে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (Unified Payment Interface, UPI) পৰিশোধ সেৱা ব্যৱহাৰ কৰিব পাৰে । ইউ পি আই 123-পেটৰ জৰিয়তে ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলে চাৰিটা প্ৰযুক্তি বিকল্পৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকাৰৰ লেনদেন কৰিব পাৰে । ইয়াত অন্তৰ্ভুক্ত আছে আই ভি আৰ (Interactive Voice Response ) নম্বৰত কল কৰা, ফিচাৰ ফোনত এh ট্ৰেপ, মিছ কল-ভিত্তিক পদ্ধতি আৰু প্ৰক্সিমিটি ছউণ্ড বেছ পেমেণ্ট (Proximity Sound Base Payment) ।

লগতে পঢ়ক :শিশুৰ বাবে আধাৰ কাৰ্ড তৈয়াৰ কৰোঁতে এই ভুলবোৰ নকৰিব, অন্যথা ভৱিষ্যতে হ'ব সমস্যা
লগতে পঢ়ক :সলনি হ’ল PPF একাউন্টৰ নিয়ম, নতুন সূদৰ হাৰ কিমান ? - PPF NEW RULES

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.