ETV Bharat / business

দশমবাৰৰ বাবে অপৰিৱৰ্তিত আৰ বি আইৰ ৰেপো ৰেট - RBI REPO RATE UNCHANGED

RBI Repo Rate : ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে বুধবাৰে ঘোষণা কৰে যে একেৰাহে দশমবাৰৰ বাবে ৰেপো ৰেট ৬.৫ শতাংশত অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।

RBI Repo Rate
আৰ বি আইৰ গৱৰ্ণৰ শশীকান্ত দাস (ANI)
author img

By ANI

Published : Oct 9, 2024, 1:27 PM IST

নিউজ ডেস্ক, 9 অক্টোবৰ : একেৰাহে দশমবাৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শশীকান্ত দাসে ঘোষণা কৰে যে মুদ্ৰা নীতি সমিতিৰ বৈঠকত বুধবাৰে একেৰাহে দশমবাৰৰ বাবে 6.5 শতাংশত ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

6 গৰাকী এম পি চি সদস্যৰ ভিতৰত 5 গৰাকীৰ সংখ্যাগৰিষ্ঠ ভোটত এই সিদ্ধান্তটো গ্ৰহণ কৰা হয় । আনহাতে, বৰ্তমানৰ স্থায়ী জমা সুবিধাৰ (এছ ডি এফ) হাৰো 6.25 শতাংশত স্থিৰ হৈ আছে । ইয়াৰ উপৰি মাৰ্জিনেল স্থায়ী সুবিধাৰ (এম এছ এফ) হাৰ আৰু বেংকৰ হাৰ দুয়োটা 6.75 শতাংশত বাহাল ৰখা হৈছে ।

শশীকান্ত দাসে আৰ বি আইৰ মুদ্ৰা নীতিৰ স্থিতিৰ পৰিৱৰ্তনৰ ওপৰতো আলোকপাত কৰি এক নিৰপেক্ষ দৃষ্টিভংগীলৈ আগবাঢ়ি যোৱাৰ কথা কয় । তেওঁ কয়, "এম পি চিয়ে মুদ্ৰা নীতিৰ স্থিতি নিৰপেক্ষলৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে আৰু স্পষ্টভাৱে লক্ষ্যৰ সৈতে মুদ্ৰাস্ফীতিৰ এক দীৰ্ঘম্যাদী সংৰেখনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বিকাশক সমৰ্থন কৰিছে ।"

এই নিৰপেক্ষ স্থিতিয়ে মুদ্ৰাস্ফীতিৰ চাপ নিয়ন্ত্ৰণ কৰাত আৰ বি আইৰ ভাৰসাম্যৰ কাৰ্য প্ৰতিফলিত কৰে আৰু নিশ্চিত কৰে যে অৰ্থনৈতিক বিকাশৰ সৈতে আপোচ কৰা নহয় ।

কেন্দ্ৰীয় বেঙ্কটোৰ গুৰুত্ব হৈছে ইয়াৰ দীৰ্ঘম্যাদী লক্ষ্যৰ সৈতে সংগতি ৰাখি এক স্থিৰ মুদ্ৰাস্ফীতিৰ হাৰ লাভ কৰা আৰু বহনক্ষম অৰ্থনৈতিক সম্প্ৰসাৰণ সৃষ্টি কৰা ।

বিশ্বজুৰি অৰ্থনৈতিক অনিশ্চয়তাৰ মাজত মুদ্ৰাস্ফীতিৰ বিপদাশংকা অব্যাহত থকাৰ মাজতে আৰ বি আইৰ এই দৃষ্টিভংগীয়ে ইয়াক প্ৰিমেচিঅ'ৰ নীতি পৰিৱৰ্তন নকৰাকৈ মুদ্ৰাস্ফীতিৰ প্ৰৱণতা আৰু বিকাশৰ প্ৰয়োজনীয়তা দুয়োটাৰে প্ৰতি সঁহাৰি দিয়াৰ নমনীয়তা প্ৰদান কৰিব ।

7 অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই বৈঠকে যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছে । কিয়নো আৰ বি আয়ে বিগত নখন বৈঠকত ৰেপো ৰেট ধাৰাবাহিকভাৱে 6.5 শতাংশত ৰাখিছে । আনহাতে, অৰ্থনৈতিক বিকাশত সহায় কৰাৰ প্ৰয়োজনীয়তাৰ সৈতে মুদ্ৰাস্ফীতিৰ বিপদাশংকাৰো সাৱধানতাৰে ভাৰসাম্য ৰাখিছে ।

মুদ্ৰা নীতি সমিতিয়ে (Monetary Policy Committee, MPC) নিৰন্তৰ মুদ্ৰাস্ফীতিৰ চাপ, বিশেষকৈ খাদ্যৰ মূল্য আৰু বিশ্বজুৰি অৰ্থনৈতিক অনিশ্চয়তাৰ দৰে মুখ্য কাৰকবোৰো মূল্যায়ন কৰি আছে ।

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যদিও আগষ্টত সৰ্বভাৰতীয় উপভোক্তা মূল্য সূচক (All India Consumer Price Index, CPI) মুদ্ৰাস্ফীতি 3.65 শতাংশলৈ হ্ৰাস পাইছে, ই আৰ বি আইৰ 2-6 শতাংশ লক্ষ্য পৰিসীমাৰ ভিতৰত, কিন্তু খাদ্য মুদ্ৰাস্ফীতি 5.65 শতাংশত উচ্চ হৈ আছে । এই ক্ষেত্ৰত কেন্দ্ৰীয় বেঙ্কটোৰ মধ্যম্যাদী লক্ষ্য 4 শতাংশ অতিক্ৰম কৰিছে ।

ইয়াৰ উপৰি পশ্চিম এছিয়াত সংঘটিত ভূ-ৰাজনৈতিক উত্তেজনাৰ ফলত বিশ্বজুৰি খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে মুদ্ৰাস্ফীতিৰ উদ্বেগ অধিক বৃদ্ধি কৰিছে ।

কিন্তু এই প্ৰত্যাহ্বানবোৰ সত্ত্বেও আৰ বি আয়ে ৰেপো ৰেটৰ ওপৰত নিজৰ স্থিতি বাহাল ৰাখিছে আৰু মহামাৰীৰ পিচত অৰ্থনৈতিক পুনৰুদ্ধাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছে ।

লগতে পঢ়ক :UPI লেনদেনৰ সীমা বৃদ্ধি ৰিজাৰ্ভ বেংকৰ; UPI লাইট ৱালেটৰ সীমাও বৃদ্ধি
লগতে পঢ়ক :সলনি হ’ল PPF একাউন্টৰ নিয়ম, নতুন সূদৰ হাৰ কিমান ? - PPF NEW RULES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.