ETV Bharat / business

১০০ বিলিয়ন ডলাৰৰ লক্ষ্যৰে ৪ ইউৰোপীয় দেশৰ সৈতে ভাৰতৰ বাণিজ্য চুক্তি

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 8:35 AM IST

India signed trade agreement: ভাৰতে ইউৰোপৰ ৪ খন ৰাষ্ট্ৰ ক্ৰমে আইচলেণ্ড, লিকটেনষ্টাইন, নৰৱে আৰু চুইজাৰলেণ্ডৰ সৈতে এক বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে । ভাৰতৰ লক্ষ্য ১৫ বছৰত ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগ আৰু ১ নিযুত পোনপটীয়া নিযুক্তি ।

India signed trade agreement
৪ ইউৰোপীয় দেশৰ সৈতে ভাৰতৰ বাণিজ্য চুক্তি

নেশ্যনেল ডেস্ক, ১১ মাৰ্চ : অহা ১৫ বছৰত ভাৰতে ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগ আৰু ১ নিযুত পোনপটীয়া নিযুক্তিৰ লক্ষ্য আগত ৰাখিছে । সেই লক্ষ্যত উপনীত হ'বলৈ ভাৰতে আইচলেণ্ড, লিকটেনষ্টাইন, নৰৱে আৰু চুইজাৰলেণ্ডৰ সৈতে এক বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে । ভাৰতে ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা বা ইএফটিএ অন্তৰ্ভুক্ত এই ৪ খন ইউৰোপীয় দেশৰ পৰা ঔদ্যোগিক সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

"ভাৰত আৰু ইএফটিএৰ মাজত হোৱা এই যুগান্তকাৰী চুক্তিয়ে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক লাভালাভ আনিবলৈ সাজু হৈছে । এই চুক্তিৰ ফলত উন্নত একত্ৰিত আৰু অধিক স্থিতিস্থাপক যোগান শৃংখলা, দুয়োফালৰ ব্যৱসায় আৰু ব্যক্তিসকলৰ বাবে নতুন সুযোগ ৷ যাৰ ফলত বাণিজ্য আৰু বিনিয়োগৰ প্ৰবাহ বৃদ্ধি, নিযুক্তি সৃষ্টি আৰু অৰ্থনৈতিক বিকাশ হ'ব বুলি ইএফটিএৰ এক বিজ্ঞপ্তিত কোৱা হৈছে ।

ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে ভাৰতে প্ৰথমবাৰৰ বাবে ইউৰোপৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্থাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে । ভাৰতে ব্ৰিটেইন আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে বাণিজ্য চুক্তিৰ ওপৰতো কাম কৰি আছে । চুক্তিখনত সামগ্ৰী আৰু সেৱাৰ বাণিজ্য, বিনিয়োগৰ প্ৰচাৰ আৰু সহযোগিতা, বৌদ্ধিক সম্পত্তি, চৰকাৰী ক্ৰয়, বাণিজ্য আৰু বহনক্ষম উন্নয়ন লগতে বিবাদ নিষ্পত্তি অন্তৰ্ভুক্ত আছে । ই ভাৰতীয় ৰপ্তানিকৰ্তাসকলক ইউৰোপীয় আৰু বিশ্বৰ বজাৰত প্ৰৱেশ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব বুলি গোৱেলে বিবৃতিত উল্লেখ কৰে ।

নতুন দিল্লীত ভাৰতৰ মন্ত্ৰী পীয়ুষ গোৱেল, চুইজাৰলেণ্ডৰ উদ্যোগ মন্ত্ৰী গাই পাৰমেলিন, আইচলেণ্ডৰ বৈদেশিক মন্ত্ৰী বজৰ্নি বেনেডিকটছন, লিকটেনষ্টাইনৰ বৈদেশিক মন্ত্ৰী ডমিনিক হেছলাৰ আৰু নৰৱেৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী জান ক্ৰিষ্টিয়ান ভেষ্ট্ৰেৰ দ্বাৰা এই চুক্তিখন স্বাক্ষৰিত হয় ।

চুইজাৰলেণ্ডৰ মন্ত্ৰী পাৰমেলিনে ইএফটিএ সদস্য ৰাষ্ট্ৰসমূহৰ হৈ বক্তব্য ৰাখি কয় যে ইএফটিএ দেশসমূহে এক মুখ্য উন্নয়ন বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰিছে । তেওঁলোকৰ কোম্পানীবোৰে যোগান শৃংখলাত বৈচিত্ৰতা আনিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক অধিক স্থিতিস্থাপক কৰি তুলিব । ইয়াৰ বিনিময়ত ভাৰতে ইএফটিএ-ৰ পৰা অধিক বিদেশী বিনিয়োগ লাভ কৰিব । ফলস্বৰূপে নিযুক্তি বৃদ্ধি হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা চাব্ৰুম স্থল বন্দৰ দেশৰ বাবে কিমান গুৰুত্বপূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.