ETV Bharat / business

হিণ্ডেনবাৰ্গৰ অভিযোগ অস্বীকাৰ ছেবিৰ অধ্যক্ষ আৰু তেওঁৰ স্বামীৰ - Hindenburg New Revelation

author img

By ANI

Published : Aug 11, 2024, 5:53 PM IST

Hindenburg New Revelation: শেহতীয়াকৈ হিণ্ডেনবাৰ্গ ৰিছাৰ্চে আদানি গ্ৰুপৰ বিত্তীয় কেলেংকাৰীত ছেবিৰ অধ্যক্ষ আৰু তেওঁৰ স্বামী কেনেদৰে জড়িত সেই কথা পোহৰলৈ আনিছে । আদানিৱাচৰ প্ৰতিবেদনৰ উদ্ধৃতি দি হিণ্ডেনবাৰ্গে অভিযোগ উত্থাপন কৰিছিল । অৱশ্যে ছেবিৰ অধ্যক্ষ আৰু তেওঁৰ স্বামীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে ।

Hindenburg New Revelation
ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচ (ANI)

নেশ্যনেল ডেস্ক,১১ আগষ্ট : হিণ্ডেনবাৰ্গ ৰিছাৰ্চৰ নতুন প্ৰতিবেদনে পুনৰ এবাৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আদানীৰ বিত্তীয় কেলেংকাৰীত ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচ আৰু তেওঁ স্বামী জড়িত থকাৰ অভিযোগে সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । হিণ্ডেনবাৰ্গ ৰিছাৰ্চে কোৱা মতে আদানী মানি চিফনিং কেলেংকাৰীত ব্যৱহৃত অস্পষ্ট অফশ্বৰ ফাণ্ডত মাধৱী আৰু তেওঁৰ স্বামীৰ অংশ আছিল । অৱশ্যে ছেবিৰ অধ্যক্ষ আৰু তেওঁৰ স্বামীয়ে এই অভিযোগ অস্বীকাৰ কৰে । হিণ্ডেনবাৰ্গে তেওঁলোকক অপমান কৰিছে বুলিও অভিযোগ কৰে ।

ছেবিৰ অধ্যক্ষৰ আৰু স্বামীৰ প্ৰতিক্ৰিয়া :

মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামীয়ে এক বিবৃতিত কয়, "আমাৰ জীৱন আৰু বিত্তীয় স্থিতি এখন মুকলি কিতাপৰ দৰে । প্ৰয়োজন অনুসৰি সেই তথ্য ইতিমধ্যে ছেবিক বহু বছৰ ধৰি প্ৰদান কৰা হৈছে । যিকোনো বা সকলো বিত্তীয় নথিপত্ৰ প্ৰকাশ কৰাত কোনো দ্বিধা নাই । আমাৰ তথ্য যিকোনো কৰ্তৃপক্ষৰ ওচৰত আছে । এইটো দুৰ্ভাগ্যজনক যে হিণ্ডেনবাৰ্গ ৰিছাৰ্চ যাৰ বিৰুদ্ধে ছেবিয়ে এক আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে, তেওঁলোকে ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে আমাক অপমান কৰাৰ চেষ্টা চলাইছে ।"

আদানিৱাচৰ অনুসন্ধান :

ইফালে ৱেবছাইটত দাখিল কৰা প্ৰতিবেদনত হিণ্ডেনবাৰ্গে ছেবি অধ্যক্ষৰ বিৰুদ্ধে তেওঁলোকৰ অভিযোগবোৰ শক্তিশালী কৰিবলৈ বিভিন্ন উৎসৰ উদ্ধৃতি দিছে । হিণ্ডেনবাৰ্গৰ মতে তাৰ ভিতৰত অন্যতম হৈছে ডিচেম্বৰ ২০২৩ত আয়বিহীন প্ৰকল্প আদানিৱাচৰ এক অনুসন্ধান যিয়ে দেখুৱাইছে যে কেনেদৰে গৌতম আদানীৰ ভাতৃ বিনোদ আদানীৰ দ্বাৰা নিয়ন্ত্ৰিত অফশ্বৰ প্ৰতিষ্ঠানৰ এটা ৱেব, বিদ্যুৎ সঁজুলিৰ অত্যধিক চালানৰ পৰা পুঁজি লাভ কৰিছিল ।

আদানিৱাচৰ উদ্ধৃতি দি হিণ্ডেনবাৰ্গে অভিযোগ কৰে যে এক জটিল গাঁথনিত বিনোদ আদানি নিয়ন্ত্ৰিত কোম্পানী এটাই ব্ৰিটিছ বিদেশী অঞ্চল আৰু কৰ আশ্ৰয় স্থল বাৰ্মুডাত "গ্লোবেল ডাইনেমিক অপাৰচুনিটিজ ফাণ্ড" ("জিডিঅ'এফ")ত বিনিয়োগ কৰিছিল, যি তেতিয়া মৰিচাছত পঞ্জীয়ন কৰা এক পুঁজি আইপিই প্লাছ ফাণ্ড ১ত বিনিয়োগ কৰিছিল ।

হিণ্ডেনবাৰ্গৰ অভিযোগ :

হিণ্ডেনবাৰ্গে অভিযোগ কৰে, "বৰ্তমানৰ ছেবি অধ্যক্ষ আৰু তেওঁৰ স্বামী ধাৱল বুচে একেটা অস্পষ্ট অফশ্বৰ বাৰ্মুডা আৰু মৰিচাছ পুঁজিত অংশ লুকুৱাই ৰাখিছিল, যিটো বিনোদ আদানীৰ দ্বাৰা ব্যৱহৃত একেই জটিল নেষ্টেড গাঁথনিত পোৱা গৈছিল ।" হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ফাইনেন্সিয়েল টাইমছৰ এক পৃথক অনুসন্ধানৰ উদ্ধৃতি দিয়া হৈছে যে জিডিঅ'এফৰ মূল পুঁজি - বাৰ্মুডা-আধাৰিত গ্লোবেল অপাৰচুনিটিজ ফাণ্ড আদানীৰ দুজন সহযোগীয়ে "আদানী গ্ৰুপৰ শ্বেয়াৰত বৃহৎ পদ সংগ্ৰহ আৰু ব্যৱসায় কৰিবলৈ ব্যৱহাৰ কৰিছিল । এই প্ৰতিবেদনটো আদানী গ্ৰুপৰ দ্বাৰাও নাকচ কৰা হৈছিল ।

আদানিৱাচ কি ?

ৱেবছাইটত কৰা দাবী অনুসৰি আদানিৱাচ হৈছে বব ব্ৰাউন ফাউণ্ডেচনৰ দ্বাৰা বিশ্বজুৰি 'আদানী গ্ৰুপৰ অপকৰ্ম'ৰ ওপৰত আলোকপাত কৰিবলৈ স্থাপন কৰা এক আয়বিহীন প্ৰকল্প । ইয়াত কোৱা হৈছে যে আদানিৱাচে আদানীৰ আন্তৰ্জাতিক আৰু অষ্ট্ৰেলিয়ান কাৰ্যকলাপৰ বিষয়ে তথ্য উন্মোচন কৰিবলৈ গোলকীয় সংযোগ ব্যৱহাৰ কৰিব । আদানিৱাচ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন চিনেটৰ বব ব্ৰাউনৰ দ্বাৰা পৰিচালিত আৰু যোৱা কেইবছৰমানত আদানি গ্ৰুপক এককভাৱে লক্ষ্য কৰি লৈছে ।

লগতে পঢ়ক :আদানী কেলেংকাৰীত নাম সাঙোৰ ছেবিৰ অধ্যক্ষ মাধৱী বুচৰ: হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত প্ৰকাশ - Hindenburg New Revelation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.