ETV Bharat / business

জানক কেনেকৈ প্ৰতিদিনে ৩৩৩ টকা বিনিয়োগ কৰি লাভ কৰিব ১৭ লাখ টকা - Post Office RD scheme

Post Office Recurring Deposit scheme: বৰ্তমান ডাকঘৰৰ সঞ্চয় আঁচনিবোৰ অধিক জনপ্ৰিয় হৈ পৰিছে । কম বিনিয়োগেৰে বেংকৰ তুলনা অধিক ধন লাভ কৰিবলৈ আপুনিও ডাকঘৰৰ আঁচনি গ্ৰহণ কৰিব পাৰে । তেনে এটা লাভজনক আঁচনিৰ বিষয়ে জানো আহক ।

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 1:20 PM IST

Post Office Recurring Deposit scheme
ডাকঘৰত ১০ বছৰ বিনিয়োগ কৰি লাভ কৰক ১৭ লাখ টকা (ETV Bharat)

নেশ্যনেল ডেস্ক,৪ মে': বৰ্তমান সময়ত সঞ্চয় হৈছে ভৱিষ্যৎ সুৰক্ষিত কৰাৰ প্ৰধান আহিলা । সকলো লোকে সঞ্চয় কৰিব বিচাৰে । সঞ্চয়ৰ বাবে বেংককে ধৰি বিভিন্ন মাধ্যম ব্যৱহাৰো কৰা দেখা যায় । সঞ্চয়ৰ বিভিন্ন আঁচনিও আছে । তাৰ ভিতৰত ডাকঘৰৰ ৰেকাৰিং ডিপোজিট আঁচনি অতি লাভজনক । এই আঁচনিৰ জৰিয়তে ১০ বছৰ বিনিয়োগ কৰিয়ে আপুনি লাভ কৰিব ১৭ লাখ টকা ! কিন্তু কেনেকৈ জানি লওঁক ।

ডাকঘৰৰ আৰ ডি আঁচনি : বৰ্তমান প্ৰজন্মই কাম কৰি হওঁক বা ব্যৱসায় কৰিয়েই হওঁক উপাৰ্জনৰ বেছিখিনি ধন সঞ্চয় কৰিবলৈ আগ্ৰহী । ভৱিষ্যতে কোনো ধৰণৰ আৰ্থিক অসুবিধাৰ পৰা হাত সাৰিবলৈ আৰু জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰ কৰিব পৰাকৈ সঞ্চয় কৰিবলৈ তেওঁলোক আগ্ৰহী । কিন্তু আমাৰ উপাৰ্জিত ধন বিনিয়োগ কৰিবলৈ উপলব্ধ অন্যতম শ্ৰেষ্ঠ বিনিয়োগ আঁচনি কি ? ডাকঘৰৰ আৰ ডি (Recurring Deposit) হৈছে এনে এক গুৰুত্বপূৰ্ণ আঁচনি । বৰ্তমান এই ৰেকাৰিং ডিপোজিট আঁচনি দেশৰ বিভিন্ন বেংকৰ লগতে ভাৰতীয় ডাকঘৰেও আগবঢ়াইছে । কিন্তু বেংকৰ তুলনাত বৰ্তমান প্ৰজন্মই ডাকঘৰতে বিনিয়োগ কৰিবলৈ অধিক আগ্ৰহী । কিয়নো যদি আপুনি ১০ বছৰত এই আঁচনিখনত বিনিয়োগ কৰে তেন্তে ১৭ লাখ টকা লাভ কৰিব ।

ৰেকাৰিং ডিপোজিট হৈছে বিশেষ টাৰ্ম ডিপজিট আঁচনি । কিন্তু যিসকলে কম সময়ৰ ভিতৰতে বৃহৎ লাভ বিচাৰে তেওঁলোকৰ বাবে ডাকঘৰৰ ৰেকাৰিং ডিপোজিট এক ভাল বিকল্প । এই আঁচনিখনত আপুনি মাহেকীয়া ভিত্তিত সঞ্চয় কৰিব পাৰিব । এই আঁচনিৰ মেচিউৰিটি পিৰিয়ড মাত্ৰ ৫ বছৰ । এই আঁচনিৰ ওপৰত বৰ্তমান কেন্দ্ৰই ৬.৭ শতাংশ সুতৰ হাৰ আগবঢ়াইছে । লগতে এই আঁচনিখন মেচিউৰিটিৰ পিচত ইচ্ছা কৰিলে আৰু ৫ বছৰলৈ বৃদ্ধি কৰিব পাৰে ।

ইয়াত ন্যূনতম ১০০ টকাৰ পৰা বিনিয়োগ কৰিব পাৰিব । সৰ্বোচ্চ ধন ৰাখিব পাৰিব । ইয়াৰ কোনো সীমা নাই । ধৰি লওক আপুনি ৫ বছৰলৈ প্ৰতিমাহে ১০০০ টকাৰ হাৰত বিনিয়োগ কৰে তেন্তে আপোনাৰ মুঠ বিনিয়োগ ৬০ হাজাৰ টকা পৰ্যন্ত হ'ব । যদি আপুনি ইয়াক আৰু ৫ বছৰ বৃদ্ধি কৰি ১০ বছৰৰ পিচত লয় তেন্তে সুতৰ লগতে ১.৭০ লাখ টকা পৰ্যন্ত পাব ।

যদি আপোনাক মাহিলী আয়ৰ প্ৰয়োজন । ডাকঘৰত বিনিয়োগ কৰিলে ৯ হাজাৰ টকা আয় পাব ! ১০ বছৰত ১৭ লাখ টকা পাবলৈ আপুনি এই আঁচনিখন গ্ৰহণ কৰিব পাৰে, তাৰ বাবে প্ৰতিদিনে ৩৩৩ টকা বিনিয়োগ কৰিব লাগিব । অৰ্থাৎ আপোনাৰ বিনিয়োগ প্ৰতিমাহে ১০ হাজাৰ টকা হ'ব । যিহেতু এই আঁচনিৰ মেচিউৰিটি পিৰিয়ড ৫ বছৰ । এই সময়লৈকে সুতৰ সৈতে আপোনাৰ মুঠ বিনিয়োগ হ'ব ৭ লাখ ১৩ হাজাৰ টকা ।

কিন্তু যদি আপুনি এই আঁচনি আৰু ৫ বছৰৰ বাবে বৃদ্ধি কৰে তেন্তে ১০ বছৰৰ মেচিউৰিটিৰ পিচত আপোনাৰ বিনিয়োগ ১২ লাখ টকা আৰু ইয়াৰ সুত ৫ লাখ ৮ হাজাৰ ৫৪৬ টকা হ'ব । অৰ্থাৎ ১০ বছৰৰ পিচত আপুনি মূলধন আৰু সুতৰ লগতে ১৭ লাখ ৮ হাজাৰ ৫৪৬ টকা পাব । বিশেষজ্ঞসকলে কয় যে এই আঁচনিখন বিপদমুক্ত বিনিয়োগৰ বাবে সৰ্বোত্তম বিকল্প ।

বি:দ্ৰ: ওপৰৰ সকলো তথ্য আৰু নিৰ্দেশনা কেৱল আপুনি বুজি পাবলৈ । বাণিজ্যিক বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি আমি এই তথ্য আগবঢ়াইছো । গতিকে এই পৰিকল্পনাত বিনিয়োগ কৰাৰ পূৰ্বে সম্পূৰ্ণ সবিশেষ জানি বিনিয়োগ কৰাটো ভাল ।

লগতে পঢ়ক :২০২৩-২৪ বিত্তীয় বৰ্ষত ইপিএফত জমা ধনৰ সুত কেতিয়া পাব কৰ্মচাৰীয়ে ? - EPF Interest For FY2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.