ETV Bharat / business

বীমা প্ৰিমিয়ামৰ কৰ হ্ৰাসৰ সিদ্ধান্তৰ দিশে জি এছ টি পৰিষদ - GST COUNCIL

ছুইগি আৰু জমাটোৰ দৰে খাদ্য বিতৰণ প্লেটফৰ্মত বৰ্তমানৰ জি এছ টিৰ হাৰ 18 শতাংশৰ পৰা 5 শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে ।

Taxes on Insurance Premium
বীমা প্ৰিমিয়ামৰ কৰ হ্ৰাসৰ সিদ্ধান্তৰ দিশে জি এছ টি পৰিষদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 5:23 PM IST

জয়ছালমেৰ : শনিবাৰৰ বৈঠকত জি এছ টি পৰিষদে জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ওপৰত কৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । আনহাতে, উচ্চ মানৰ হাতঘড়ী, জোতা আৰু পোছাকৰ ওপৰত জি এছ টি বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সামগ্ৰীৰ বাবে পৃথক 35 শতাংশ কৰ শ্লেব বিবেচনা কৰাৰো সম্ভাৱনা আছে ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত আৰু ৰাজ্যিক বিত্তমন্ত্ৰীসকলক লৈ গঠিত জিএছটি পৰিষদৰ ৫৫ সংখ্যক বৈঠকত প্ৰায় ১৪৮ টা সামগ্ৰীৰ হাৰ পুনৰ নিৰ্ধাণৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰি বিমান উদ্যোগ পৰিচালনাৰ এক মুখ্য ব্যয় উপাদান এভিয়েচন টাৰ্বাইন ফুৱেল (এ টি এফ) সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) এক নতুন বিভাগত অনাৰ বিষয়েও আলোচনা কৰিব ।

জি এছ টিৰ হাৰ ছুইগি আৰু জমাটোৰ দৰে খাদ্য বিতৰণ প্লেটফৰ্মত বৰ্তমানৰ 18 শতাংশৰ পৰা 5 শতাংশলৈ (ইনপুট কৰ ক্ৰেডিট অবিহনে) হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । অৱশ্যে ফিটমেণ্ট কমিটীয়ে (কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ কৰ বিষয়াসকলক লৈ গঠিত) ব্যৱহৃত বৈদ্যুতিক বাহনৰ লগতে সৰু পেট্ৰ'ল আৰু ডিজেল বাহনৰ বিক্ৰীৰ ওপৰত বৰ্তমানৰ 12 শতাংশৰ পৰা 18 শতাংশলৈ হাৰ বৃদ্ধিৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে ।

সূত্ৰ অনুসৰি, এই বৃদ্ধিয়ে ব্যৱহৃত আৰু পুৰণি সৰু গাড়ী আৰু বৈদ্যুতিক বাহনবোৰ পুৰণি ডাঙৰ বাহনৰ সমান কৰিব । লগতে জি এছ টি ক্ষতিপূৰণ উপকৰ সন্দৰ্ভত মন্ত্ৰী মণ্ডলীয়ে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ জুন, 2025 লৈকে ছয় মাহৰ সময়সীমা সম্প্ৰসাৰণ লাভ কৰাৰ সম্ভাৱনা আছে ।

সাধাৰণতে ক্ষতিপূৰণ উপকৰ ব্যৱস্থা মাৰ্চ, 2026-ত সমাপ্ত হয় আৰু জি এছ টি পৰিষদে কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীৰ অধীনত উপকৰৰ ভৱিষ্যতৰ গতিপথ নিৰ্ধাৰণ কৰিবলৈ মন্ত্ৰী মণ্ডলীৰ এক পেনেল গঠন কৰিছে ।

জি এছ টি ব্যৱস্থাত 28 শতাংশ কৰৰ উপৰি বিলাসী, স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত বিভিন্ন হাৰত ক্ষতিপূৰণ উপকৰ আৰোপ কৰা হয় । জি এছ টি আৰম্ভ হোৱাৰ পিছত বা জুন, 2022 লৈকে পাঁচ বছৰৰ বাবে পৰিকল্পনা কৰা উপকৰৰ পৰা লাভ কৰা ধন জি এছ টি প্ৰৱৰ্তনৰ পিছত ৰাজ্যবোৰে হোৱা ৰাজহ লোকচানৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।

পৰিষদৰ কাৰ্যসূচীৰ এটা মুখ্য বিষয় হ'ল স্বাস্থ্য আৰু জীৱন বীমাৰ ওপৰত জি এছ টিৰ হাৰ নিৰ্ধাৰণ কৰা । বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ অধীনত পৰিষদে গঠন কৰা এক সমিতিয়ে (জি অ' এম) নৱেম্বৰত ইয়াৰ বৈঠকত টাৰ্ম জীৱন বীমা আঁচনিৰ বাবে পৰিশোধ কৰা বীমা প্ৰিমিয়ামক জি এছ টিৰ পৰা ৰেহাই দিয়াৰ ক্ষেত্ৰত সন্মত হৈছিল ।

লগতে জ্যেষ্ঠ নাগৰিকসকলে স্বাস্থ্য বীমা ক'ভাৰেজৰ বাবে পৰিশোধ কৰা প্ৰিমিয়ামক কৰৰ পৰা ৰেহাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে । ইয়াৰ উপৰি জ্যেষ্ঠ নাগৰিকৰ বাহিৰে আন ব্যক্তিয়ে 5 লাখ টকালৈকে ক'ভাৰেজ থকা স্বাস্থ্য বীমাৰ বাবে পৰিশোধ কৰা প্ৰিমিয়ামৰ ওপৰত জি এছ টি ৰেহাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে ।

অৱশ্যে 5 লাখ টকাৰ অধিক স্বাস্থ্য বীমা ক'ভাৰেজৰ আঁচনিৰ বাবে পৰিশোধ কৰা প্ৰিমিয়ামৰ ওপৰত 18 শতাংশ জি এছ টি অব্যাহত থাকিব । পৰিষদৰ সন্মুখত আন এটা মুখ্য বিষয় হৈছে জি এছ টি হাৰ যৌক্তিককৰণ পেনেলৰ প্ৰতিবেদন । এই পেনেলে 148 বিধ সামগ্ৰীৰ হাৰ সলনি কৰাৰ পৰামৰ্শ দিছে ।

এই মাহৰ আৰম্ভণিতে জি এছ টি হাৰ যৌক্তিককৰণৰ ওপৰত জি অ' এমে পৰিষদৰ সন্মুখত ক্ষতিকাৰক সামগ্ৰী যেনে সুৰাজাতীয় পানীয়, চিগাৰেট, ধঁপাত আৰু ইয়াৰ সৈতে সম্পৰ্কিত সামগ্ৰীৰ ওপৰত কৰ বৰ্তমানৰ ২৮ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ প্ৰদানৰ সিদ্ধান্ত লৈছে । জিএছটিৰ অধীনত ৫, ১২, ১৮ আৰু ২৮ শতাংশৰ চাৰিস্তৰীয় কৰ শ্লেব অব্যাহত থাকিব আৰু জি অ' এমৰ দ্বাৰা কেৱল ক্ষতিকাৰ সামগ্ৰীৰ বাবে ৩৫ শতাংশৰ নতুন হাৰৰ প্ৰস্তাৱ দিয়া হৈছে ।

বিহাৰৰ উপ-মুখ্যমন্ত্ৰীৰ অধীনত হাৰ যুক্তিসংগতকৰণ সন্দৰ্ভত মন্ত্ৰী মণ্ডলীয়ে পোছাকৰ ওপৰত কৰৰ হাৰ যুক্তিসঙ্গত কৰাৰ প্ৰস্তাৱ দিয়াৰ সিদ্ধান্ত লয় । সিদ্ধান্ত অনুসৰি, 1,500 টকালৈকে ব্যয়ৰ ৰেডিমেড পোছাকত 5 শতাংশ জি এছ টি, 1,500 টকাৰ পৰা 10,000 টকাৰ ভিতৰত থকা পোছাকত 18 শতাংশ জি এছ টি থাকিব ।

আনহাতে, 10,000 টকাৰ ওপৰৰ মূল্যৰ পোছাকত 28 শতাংশ কৰ আৰোপ কৰিব । বৰ্তমান 1,000 টকালৈকে মূল্যৰ পোছাকত 5 শতাংশ জি এছ টি আছে । আনহাতে, তাৰ ওপৰৰ পোছাকত 12 শতাংশ কৰ আছে । জি অ' এমে প্ৰতিযোৰাত ১৫,০০০ টকাৰ ওপৰৰ জোতাৰ ওপৰত জি এছ টি ১৮ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল । ১৯ অক্টোবৰৰ বৈঠকত ২৫,০০০ টকাৰ ওপৰৰ হাতঘড়ীৰ জি এছ টিৰ হাৰ ১৮ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল ।

জি অ' এমে ২০ লিটাৰ আৰু তাতকৈ অধিক পেকেটযুক্ত খোৱাপানীৰ ওপৰত জি এছ টি ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছিল আৰু ১০,০০০ টকাৰ কম মূল্যৰ চাইকেলৰ কৰ হাৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছিল । লগতে লিখা বহীৰ ওপৰত জি এছ টি 12 শতাংশৰ পৰা 5 শতাংশলৈ হ্ৰাস কৰা হ'ব পাৰে ।

মুঠতে হাৰ যৌক্তিককৰণৰ ওপৰত জি অ' এমে জি এছ টি পৰিষদক 148 বিধ সামগ্ৰীৰ কৰ হাৰ সলনি কৰাৰ প্ৰস্তাৱ দিছে । এগৰাকী বিষয়াই পূৰ্বতে কৈছিল, "হাৰ পুনৰ নিৰ্ধাৰণৰ মুঠ ৰাজহ প্ৰভাৱ ইতিবাচক হ'ব ।"

জি এছ টিৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰীবোৰ হয় ৰেহাই দিয়া হয়, বা নিম্নতম শ্লেবত কৰ দিয়া হয় । আনহাতে, বিলাসী আৰু ক্ষতিকাৰক সামগ্ৰীবোৰত সৰ্বোচ্চ কৰ শ্লেব নিৰ্ধাৰণ কৰা হয় । গাড়ী, ৱাছিং মেচিন আৰু সুৰাজাতীয় পানীয় আৰু ধঁপাতযুক্ত সামগ্ৰীৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ দৰে বিলাসী সামগ্ৰীবোৰত সৰ্বাধিক 28 শতাংশ শ্লেবৰ ওপৰত উপকৰ লগোৱা হয় ।

জি এছ টিৰ অধীনত এ টি এফ অনা সন্দৰ্ভত পৰিষদে সময়সীমা নিৰ্ধাৰণ আৰু ৰাজ্যসমূহৰ মাজত সহমত গঢ়ি তোলাৰ সম্ভাৱনা আছে । যেতিয়া 2017 চনৰ 1 জুলাই তাৰিখে জি এছ টি প্ৰৱৰ্তন কৰা হৈছিল, এক ডজনতকৈও অধিক কেন্দ্ৰীয় আৰু ৰাজ্যিক শুল্ক একত্ৰিত কৰি পাঁচবিধ সামগ্ৰী- খাৰুৱা তেল, প্ৰাকৃতিক গেছ, পেট্ৰ'ল, ডিজেল আৰু বিমান টাৰ্বাইন ইন্ধন (এ টি এফ) জি এছ টি আইনত অন্তৰ্ভুক্ত কৰা হৈছিল । কিন্তু সিদ্ধান্ত লোৱা হৈছিল যে পৰৱৰ্তী তাৰিখত ইয়াৰ ওপৰত জি এছ টিৰ অধীনত কৰ আৰোপ কৰা হ'ব ।

ইয়াৰ অৰ্থ হৈছে যে কেন্দ্ৰীয় চৰকাৰে সেইবোৰৰ ওপৰত আবকাৰী শুল্ক আৰোপ কৰা অব্যাহত ৰাখিছে । আনহাতে, ৰাজ্য চৰকাৰে ভেট আদায় কৰিছে । এই কৰবোৰ বিশেষকৈ আবকাৰী শুল্কৰ সৈতে সময়ে সময়ে বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক :২০২৫ বৰ্ষত ফেডাৰেল ৰিজাৰ্ভৰ হাৰ কৰ্তনৰ প্ৰভাৱ: সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ হ্ৰাস টকাৰ মূল্য - RUPEE FALLS TO ALL TIME LOW
লগতে পঢ়ক :বিশেষজ্ঞৰ দৃষ্টিত 2024 : এই বছৰটো ভাল আছিল, অহা বছৰে অৰ্থনীতিৰ ওপৰত অধিক স্পষ্টতা দিব - YEARENDER 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.