ETV Bharat / business

চৰকাৰে আয়-ব্যয়ৰ কেনেদৰে ব্যৱস্থা কৰে : বাজেট সন্দৰ্ভত এক বিশ্লেষণ - India Budget 2024

Analysis on Budget 2024-25 : কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২৩ জুলাইত লোকসভাত দাখিল কৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট । এই বাজেটৰ আয়-ব্যয় সন্দৰ্ভত কৃষ্ণানন্দৰ এক নিৰ্মোহ বিশ্লেষণ ।

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 11:30 AM IST

Analysis on Budget 2024-25
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ফাইল ফটো (ETV Bharat)

বিশেষ প্ৰতিবেদন, ২৭ জুলাই : চলিত বিত্তীয় বৰ্ষৰ বাবে ২৩ জুলাইত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৪৮ কোটি টকাৰ অভিলেখ বাজেট সংসদত উত্থাপন কৰে । এই বাজেটে কেৱল কেন্দ্ৰৰ ৰাজহ প্ৰাপ্তি আৰু বছৰটোৰ ব্যয়ৰ বিৱৰণে প্ৰদান নকৰে, ই চৰকাৰী বিত্তীয় পৰিস্থিতিৰ বিষয়ে অতিৰিক্ত তথ্যও প্ৰদান কৰে ।

এই বাজেটে দেখুৱায় যে ভাৰত চৰকাৰে কেনেদৰে কৰ সংগ্ৰহ কৰি আৰু বজাৰৰ পৰা ঋণ লৈ বিত্তীয় ব্যৱস্থা পৰিচালনা কৰে । লগতে প্ৰতিবছৰে ঋণ দায়বদ্ধতাৰ বাবে সুত হিচাপে বৃহৎ পৰিমাণৰ বাজেটৰ ধন কেনেদৰে পৰিশোধ কৰে তাৰো ছবি প্ৰকাশ কৰে ।

এইটো সঁচা যে কেন্দ্ৰৰ মুঠ বাজেট ব্যয়ৰ আধাতকৈও অধিক চৰকাৰে সংগ্ৰহ কৰা ৰাজহৰ দ্বাৰা পূৰণ কৰা হয় । উদাহৰণ স্বৰূপে, এই বছৰ মুঠ 48.2 লাখ কোটি টকাৰ ব্যয়ৰ বিপৰীতে কেন্দ্ৰৰ মুঠ ৰাজহ সংগ্ৰহ 25.83 লাখ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে । ইয়াৰ অৰ্থ হৈছে কেন্দ্ৰৰ ৰাজহ সংগ্ৰহ এই বছৰৰ মুঠ ব্যয়ৰ প্ৰায় 54 শতাংশ হ'ব ।

কেন্দ্ৰৰ ৰাজহ সংগ্ৰহৰ ভিতৰত আছে আয়কৰ, কৰ্প'ৰেট কৰ, কাষ্টম আৰু আবকাৰী শুল্ক, জি এছ টিত চৰকাৰৰ অংশ আদিৰ দৰে কৰ সংগ্ৰহ । ৰাজহ সংগ্ৰহৰ উপৰি বিত্ত মন্ত্ৰীয়ে অনুমান কৰিছে যে চৰকাৰে এই বছৰ কৰবিহীন ৰাজহত 5.45 লাখ কোটি টকাৰো অধিক সংগ্ৰহ কৰিব । ইয়াৰ ভিতৰত আছে কেন্দ্ৰীয় চৰকাৰৰ কোম্পানী আৰু বেংকৰ সুত লাভ, ডিভিডেণ্ট আৰু লভ্যাংশ, বাহ্যিক অনুদান, অন্যান্য কৰবিহীন ৰাজহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা সংগ্ৰহীত ধন ।

লগতে পঢ়ক :এয়া ভাৰতৰ ফেডাৰেল গাঁথনিৰ মৰ্যাদাৰ ওপৰত আক্ৰমণ: বাজেট সন্দৰ্ভত ৰাহুল গান্ধী - India Budget 2024

এই দুটা আয় মুঠ বাজেট 48.2 লাখ কোটি টকাৰ ভিতৰত 31.28 লাখ কোটি টকা, যি হৈছে এই বছৰৰ মুঠ ব্যয়ৰ প্ৰায় 65 শতাংশ । মুঠ ব্যয়ৰ এক-তৃতীয়াংশতকৈ অধিক ধন ঋণ লৈ পূৰণ কৰা হয় । এই বছৰ চৰকাৰে ইয়াৰ ব্যয় পূৰণ কৰিবলৈ ১৬.১৩ লাখ কোটি টকা ঋণ ল'ব বিচাৰিছে । অৰ্থাৎ চৰকাৰে খৰচ কৰা প্ৰতি 100 টকাৰ ভিতৰত বজাৰ আৰু অন্যান্য উৎসৰ পৰা 35 টকা ঋণ হিচাপে লৈ ইয়াৰ ব্যৱস্থা কৰা হৈছে ।

চৰকাৰে কেনেদৰে টকা ঋণত লয়

1934 চনৰ ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আইনৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংক হৈছে ভাৰত চৰকাৰৰ বেংকাৰ আৰু মুদ্ৰা পৰিচালক । ৰিজাৰ্ভ বেংকে এবছৰৰ বাবে চৰকাৰৰ ঋণ লোৱাৰ কেলেণ্ডাৰ প্ৰস্তুত কৰে । চৰকাৰৰ ঋণ বিত্তীয় যোগানৰ কেইবাটাও উৎস আছে ।

আটাইতকৈ ডাঙৰটো হৈছে চৰকাৰী ছিকিউৰিটিৰ জৰিয়তে বজাৰৰ পৰা লোৱা ঋণ, যাক জি-ছেক (government securities or G-Secs) বুলি কোৱা হয় । এই বছৰ চৰকাৰে এই পথেৰে ১১.৬৩ লাখ কোটি টকাৰো অধিক ঋণ ল'ব বুলি আশা কৰা হৈছে ।

তাৰ পিচত চৰকাৰে হ্ৰস্বম্যাদী ঋণৰ বাবে কোষাগাৰৰ বিল বা টি-বিলো (treasury bills or T-bills) জাৰি কৰে । এই বছৰ টি-বিলৰ বাবদ 50,000 কোটি টকা ঋণ ল'ব বুলি আশা কৰা হৈছে । তৃতীয় উৎসটো হৈছে ক্ষুদ্ৰ সঞ্চয় পুঁজিৰ (small saving funds or SSFs) বিপৰীতে ছিকিউৰিটি ।

এই বছৰ চৰকাৰে এই পথেৰে ৪.২ লাখ কোটি টকাৰ ব্যৱস্থা কৰিব । তাৰ পিচত চৰকাৰে অন্যান্য প্ৰাপ্তি বা আভ্যন্তৰীণ ঋণ, বাহ্যিক ঋণ আৰু নগদ ধনৰ পৰিমাণ হ্ৰাস কৰাৰ জৰিয়তে ধনৰ ব্যৱস্থা কৰে ।

এই সমগ্ৰ ঋণ, চৰকাৰৰ মুঠ ব্যয় আৰু ইয়াৰ প্ৰাপ্তিৰ মাজৰ পাৰ্থক্যক বিত্তীয় ঘাটি বুলি কোৱা হয় । ই এবছৰত চৰকাৰৰ ঋণ লোৱাৰ প্ৰয়োজনীয়তাক সূচায় । এইটো ১৬.১৩ লাখ কোটি টকাৰো অধিক বা দেশৰ জিডিপিৰ ৪.৯ শতাংশ বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক :বাজেট বিতৰ্ক: বিৰোধীৰ সমালোচনাৰ বিপৰীতে চৰকাৰৰ সাফল্যৰ গুণগান বিজেপি সাংসদৰ - India Budget 2024

পূৰ্বৰ ঋণৰ ওপৰত সুত পৰিশোধ কৰিবলৈ নতুনকৈ ঋণ লোৱা

চৰকাৰী বিত্তীয় স্বাস্থ্যত আন এক টুইষ্ট আছে । তথ্যই দেখুৱাইছে যে মুঠ বাজেটৰ প্ৰায় এক-চতুৰ্থাংশ কেৱল সুত পৰিশোধ কৰোঁতেই যায় । বাজেটৰ পূৰ্বানুমান অনুসৰি, চৰকাৰে কেৱল সুত পৰিশোধৰ বাবে এই বছৰ 11.63 লাখ কোটি টকা দিব লাগিব । ইয়াৰ অৰ্থ হৈছে যে এই বছৰ মুঠ 16.13 লাখ কোটি টকাৰ ঋণৰ ভিতৰত, ভাৰত চৰকাৰে পূৰ্বতে লোৱা ঋণৰ বাবে সুত পৰিশোধ কৰিবলৈ 11.63 লাখ কোটি বা মুঠ ঋণৰ 72 শতাংশৰ অধিক ব্যৱহাৰ কৰা হ'ব ।

বাজেট তথ্যই দেখুৱাইছে যে তিনি বছৰৰ ম্যাদত (২০২২-২৩-ৰ পৰা ২০২৪-২৫ সময়ছোৱাত) কেন্দ্ৰৰ সুত পৰিশোধৰ দায়বদ্ধতা ৩১ লাখ কোটি টকাতকৈও অধিক । তদুপৰি, কেৱল সুত পৰিশোধৰ দায়বদ্ধতা দেশৰ মূলধনী ব্যয়তকৈ বহু বেছি, যিটো এই বিত্তীয় বৰ্ষত অভিলেখ 11.11 লাখ কোটি টকা বুলি অনুমান কৰা হৈছে ।

উচ্চ মাত্ৰাত ঋণ লোৱাটো ভাল নে বেয়া ?

যিকোনো চৰকাৰৰ বাবে এইটো এটা কঠিন নীতিগত পছন্দ । সাধাৰণতে ঋণ লোৱাটো অৰ্থনীতিবিদসকলে অনুকূল বুলি নকয় । কিয়নো ই প্ৰদৰ্শন কৰে যে চৰকাৰে নিজৰ ব্যয় পূৰণ কৰিবলৈ আৰু ইয়াৰ উন্নয়নমূলক কাম আৰু কল্যাণমূলক কাৰ্যসূচী চলাবলৈ পৰ্যাপ্ত সম্পদ সৃষ্টি কৰিবলৈ সক্ষম নহয় ।

অৱশ্যে যদি চৰকাৰে ধাৰে লোৱা ধন উন্নয়নমূলক কাম যেনে আন্তঃগাঁথনি সৃষ্টিৰ বাবে ব্যয় কৰে, যাৰ ফলত কৰ্মসংস্থাপন সৃষ্টি হয় আৰু দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে বহুগুণে প্ৰভাৱ পেলায়; তেনেহ'লে বৃহৎ মাত্ৰাত ঋণ লোৱাটো বেয়া বুলি গণ্য কৰা নহয় ।

উদাহৰণ স্বৰূপে, ২০২০ চনত বিশ্বজুৰি কোভিড-১৯ মহামাৰীয়ে আঘাত কৰাৰ পিচত চৰকাৰে যথেষ্ট পৰিমাণে ঋণ লৈ আছে । কিয়নো ২০২০-২১ বৰ্ষত দেশৰ বিত্তীয় ঘাটি জিডিপিৰ ৯.২ শতাংশলৈ বৃদ্ধি পাইছে । অৱশ্যে এই সময়ছোৱাত দেশৰ মূলধনী ব্যয়ত আন এক দৃষ্টান্তমূলক পৰিৱৰ্তন ঘটিছিল । বাজেট পূৰ্বানুমান অনুসৰি, ই ২০২০-২১ বিত্তীয় বৰ্ষত ৪.২৬ লাখ কোটি টকাৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত ১১.১১ লাখ কোটি টকালৈ বৃদ্ধি পাইছিল ।

লগতে পঢ়ক :বাজেট ২০২৪ : ৰে'লত শ্লিপাৰ-সাধাৰণ শ্ৰেণীৰ দবা হ্ৰাস কৰাটো দৰিদ্ৰবিৰোধী পদক্ষেপ - India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.