ETV Bharat / bharat

ইউটিউবত ভিডিঅ’ চাই পাথৰৰ অস্ত্ৰোপচাৰ: ৰোগীয়ে প্ৰাণ হেৰুওৱাত পলায়ন চিকিৎসকৰ - Patient died during operation

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 7:10 PM IST

Operation via YouTube video: ভুৱা চিকিৎসকৰ বিষয়ে আপুনি শুনিছে বা ভিডিঅ’ও দেখিছে ৷ এইবাৰ এজন চিকিৎসকৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ ৷ ইউটিউবত ভিডিঅ’ চাই ৰোগীৰ কিডনীৰ পাথৰৰ অস্ত্ৰোপচাৰ কৰাৰ অভিযোগ ৷ চিকিৎসকৰ ভুলৰ বাবে প্ৰাণ গ’ল ৰোগীৰ ৷ পঢ়ক সবিশেষ...

Operation via YouTube video
Representational image (ETV Bharat)

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: মুন্নাভাই এম বি বি এছ, ভুৱা চিকিৎসক বা চিকিৎসাৰ ক্ষেত্ৰত সচৰাচৰ ব্যৱহাৰ কৰা হয় এই বিশেষণটো ৷ সঞ্জয় দত্ত অভিনীত মুন্নাভাই এম বি বি এছ নামৰ চিনেমাখনে বহুল জনপ্ৰিয়তা লাভ কৰাৰ পিচতেই ভুৱা চিকিৎসাৰ ক্ষেত্ৰত এই বিশেষণৰ ব্যৱহাৰ আৰম্ভ হোৱা দেখা যায় ৷ বিভিন্ন সময়ত ভুৱা চিকিৎসকৰ বিষয়ে বাতৰি আপুনি নিশ্চয় পঢ়িছে ৷ তেনে এক ভুৱা চিকিৎসাৰ কথাই এই প্ৰতিবেদনত ক’বলৈ লৈছোঁ ৷ য’ত এজন চিকিৎসকে এগৰাকী ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলি মৃত্যুৰ মুখলৈ থেলি দিলে ৰোগীগৰাকীক ৷

ইউটিউব হৈছে এক জনপ্ৰিয় ভিডিঅ’ প্লেটফৰ্ম, য’ত ভিন্ন বিষয়ৰ ভিডিঅ’ সহজেই উপলব্ধ হয় ৷ কিন্তু ইউটিউবত ভিডিঅ’ চাই অস্ত্ৰোপচাৰ কৰাৰ দৰে ঘটনা আশ্চৰ্যজনক তথা ভয়ংকৰ নহয়নে বাৰু ! পিচে এয়াই হৈছে ৷ এজন কিশোৰৰ শৰীৰৰ পৰা পাথৰ আঁতৰাবলৈ এজন চিকিৎসকে ইউটিউব চাই অস্ত্ৰোপচাৰ কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে ৷

বিহাৰৰ সাৰণ জিলাৰ গড়খা থানাৰ অধীনৰ মোতীৰাজপুৰৰ গণপতি সেৱা সদনত এজন কিশোৰৰ পাথৰৰ অস্ত্ৰোপচাৰৰ পিচতে মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰোগীৰ পৰিয়ালে চিকিৎসকৰ বিৰুদ্ধে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ ৷

মৃত কিশোৰজন সাৰণ জিলাৰ মঢ়োৰা থানাৰ অন্তৰ্গত ভুৱালপুৰ গাঁৱৰ কৃষ্ণ কুমাৰ ওৰফে গলু বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিচতে গণপতি সেৱা সদনৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোকে গলুৰ মৃতদেহ ঘৰলৈ লৈ যায় আৰু ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে ৷

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত গড়খা থানাৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো জিম্মাত লৈ গোচৰ ৰুজু কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ছপৰা সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । গড়খা থানাৰ দায়িত্বত থকা ডি এছ পি ঈশা গুপ্তাই ফোনযোগে এই ঘটনা নিশ্চিত কৰিছে । আনহাতে, মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক গতাই দিয়া হৈছে ।

অস্ত্ৰোপচাৰৰ সময়ত উপস্থিত থকা কিশোৰজনৰ পৰিয়ালৰ লোকে জনোৱা মতে, অস্ত্ৰোপচাৰটো গণপতি সেৱা সদনৰ চিকিৎসক অজিত কুমাৰ পুৰীয়ে কৰিছিল । অস্ত্ৰোপচাৰৰ সময়ত তেওঁ বাৰে বাৰে মোবাইলত ইউটিউব চাই আছিল । অস্ত্ৰোপচাৰৰ পিছত যেতিয়া বিষ বাঢ়িবলৈ ধৰিলে, তেতিয়া তেওঁলোকে নিজেই কিশোৰটিক এম্বুলেন্সত পাটনালৈ লৈ গ’ল, কিন্তু বাটত তেওঁৰ মৃত্যু ঘটাত চিকিৎসকজনৰ লগতে চিকিৎসাকৰ্মীয়ে পলায়ন কৰে ৷

"যেতিয়া মোৰ ল'ৰাৰ পেটৰ বিষ হৈছিল, তেতিয়া তেওঁক আমি পৰীক্ষাৰ বাবে গণপতি সেৱা সদনৰ ডাক্তৰ অজিত কুমাৰ পুৰীৰ ওচৰলৈ লৈ গৈছিলো । য'ত তেওঁ আমাক পানী আনিবলৈ পঠিয়াইছিল আৰু ইউটিউব চোৱাৰ পিছত আমাক নজনোৱাকৈয়ে আমাৰ ল'ৰাটোৰ অস্ত্ৰোপচাৰ কৰিছিল । তেতিয়াই তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল । তেওঁলোকে তেওঁক এম্বুলেন্সত উঠাই পাটনালৈ লৈ যায়, এই সময়ছোৱাত মোৰ ল'ৰাটোৱে বাটতে মৃত্যুবৰণ কৰিলে আৰু তেওঁলোকে তেওঁক এৰি পলাই যায় ।" মৃতকৰ পিতৃয়ে কয় ৷

লগতে পঢ়ক: Fraud doctor in Morigaon:চিনেমাতহে ভাল, ৰিয়েল লাইফত কাল

Fraud Doctor arrested: ডিব্ৰুগড়ৰ চাউলখোৱাত মুন্নাভাইৰূপী চিকিৎসকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.