ETV Bharat / bharat

লগ কৰিবলৈ গৈছিল প্ৰেমিকাক, যুৱকক বিবস্ত্ৰ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ প্ৰেমিকাৰ ভাতৃৰ

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 12:27 PM IST

Moral policing incident : প্ৰেমিকাক লগ কৰিবলৈ গৈ প্ৰহাৰৰ বলি হ’ল এজন যুৱক ৷ প্ৰেমিকাৰ ভাতৃ আৰু তেওঁৰ এজন সহযোগীয়ে মিলি যুৱকজনক ঘৰৰ সন্মুখতে থকা এটা খুঁটাত বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে বিবস্ত্ৰ কৰি ভিডিঅ’ কৰে ৷ পঢ়ক সবিশেষ...

Moral policing incident
যুৱকক বিবস্ত্ৰ কৰি গুৰুলা-গুৰুল প্ৰহাৰ প্ৰেমিকাৰ ভাতৃৰ

আগৰতলা, 27 ফেব্ৰুৱাৰী : ত্ৰিপুৰাৰ ৰাণীবাৰী গাঁৱত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ৷ প্ৰেমিকাক লগ কৰিবলৈ গৈ প্ৰহাৰৰ বলি হ’ল এজন যুৱক ৷ ভুক্তভোগী যুৱকজনৰ নাম অনুপ দাস বুলি জানিব পৰা গৈছে ৷ এই সমগ্ৰ ঘটনা বন্দী হৈছে মোবাইলৰ কেমেৰাত ৷ যি দৃশ্যই আপোনাৰো গাৰ নোম শিয়ৰাই তুলিব ৷

ঘটনাৰ বিৱৰণী অনুসৰি, অনুপ দাস নামৰ যুৱকজনে নিজ প্ৰেমিকাক লগ কৰিবলৈ গাঁওখনলৈ আহিছিল ৷ কিন্তু সেইদিনা দিন বেয়া আছিল অনুপৰ ৷ অনুপৰ প্ৰেমিকাৰ ভাতৃয়ে তেওঁ অহালৈহে যেন বাট চাই আছিল ৷ লগে লগে প্ৰেমিকাৰ ভাতৃ দৈত্য আকুৰা আৰু তেওঁৰ এজন সহযোগীয়ে মিলি অনুপক ঘৰৰ সন্মুখতে থকা এটা খুঁটাত বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ ইয়াৰ পিচতে কেৱল‌ প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি অনুপ দাসক বিবস্ত্ৰ কৰি প্ৰহাৰ কৰি কৰি তেজেৰে লুটুৰি পুতুৰি কৰি তোলে দুই যুৱকে ৷

তাৰ পিচতে এই ঘটনাৰ খবৰ লাভ কৰি কদমতলা আৰক্ষী ততালিকে ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীৰ লোকে প্ৰথমে অনুপ দাসক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত কদমতলা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অনুপৰ শাৰীৰিক অৱস্থা সংকটজনক হোৱাত তেওঁক ধৰ্মগৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰে । মঙলবাৰলৈ অনুপৰ শৰীৰ পূৰ্বতকৈ সুস্থ হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে এই ঘটনাৰ পিচতে অনুপ দাসৰ পৰিয়ালে কদমতলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত কদমতলা আৰক্ষীয়ে শনিবাৰে নিশাৰ ভাগত অভিযুক্ত দুই যুৱকক আটক কৰিছে । আৰক্ষীয়ে সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এই সমগ্ৰ ঘটনা মোবাইলৰ কেমেৰাত বন্দী কৰিছিল ধৃত যুৱকৰ লগৰ বন্ধুৱে ৷

লগতে পঢ়ক: হাফলং শ্মশানত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন সেনা জোৱান কমল যোশীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.