নেশ্যনেল ডেস্ক,১৯ এপ্ৰিল : দেশত আজিৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । শুকুৰবাৰে দেশৰ ২১ খন ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । ইফালে নাগপুৰকে ধৰি মহাৰাষ্ট্ৰৰ ৫ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । নাগপুৰত পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দীঘলীয়া শাৰী দেখা গৈছে । ইফালে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা জ্যোতি আমগেও ভোটদান কৰিবলৈ ওলাই আহিল ।
বিশ্বৰ আটাইতকৈ চাপৰ মহিলা হিচাপে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে জ্যোতি আমগেয়ে । ৩০ বছৰীয়া আমগে প্ৰায় দুই ফুট তিনি ইঞ্চি ওখ । তেওঁ পৰিয়ালৰ সৈতে ভোটদান কৰিবলৈ ভোটকেন্দ্ৰত উপস্থিত হয় । তেওঁৰ উপস্থিতিয়ে আন ভোটাৰসকলকো উৎসাহিত কৰে । সংবাদ মাধ্যমৰ সন্মুখত জ্যোতি আমগেয়ে ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনায় । সকলোকে এই অধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁ আহ্বান জনায় ।
ইফালে ভোটদানৰ মাজতে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত জ্যোতি আমগেৰ ফটো ভাইৰেল হৈ পৰে আৰু তেওঁ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ভোটদানৰ প্ৰতি তেওঁৰ আগ্ৰহক বিভিন্নজনে প্ৰশংসাও কৰিছে ।
জ্যোতি আমগেৰ জন্ম ১৯৯৩ চনৰ ১৬ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ নাগপুৰত হৈছিল । তেওঁক 'বিগ বছ ৬'ত দেখা গৈছিল । তেওঁ আমেৰিকান এক টিভি শৃংখলাতো অভিনয় কৰিছে । জ্যোতি আমগে ৬২.৮ চেণ্টিমিটাৰ ওখ । গীনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, তেওঁ হৈছে বিশ্বৰ আটাইতকৈ চাপৰ জীৱিত মহিলা । ২০১১ চনত আমগেক তেওঁৰ ১৮ বছৰীয়া জন্মদিনৰ পিচত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা হিচাপে স্বীকৃতি দিছিল ।