ETV Bharat / bharat

ধঁপাতমুক্ত পৃথিৱী গঢ়াৰ দিশত এক প্ৰচেষ্টা - World No Tobacco Day 2024

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 7:36 AM IST

World No Tobacco Day 2024 : ভাৰতৰ বাবে ধঁপাত ব্যৱহাৰ কৰাতো ধূমপান আৰু অন্যান্য ইলেক্ট্ৰনিক ধঁপাতজাতীয় সামগ্ৰীতকৈ এক বৃহৎ উদ্বেগৰ বিষয় । ভাৰতৰ 28.6 শতাংশ প্ৰাপ্তবয়স্ক (15 বছৰ আৰু তাতকৈ অধিক) লোকে যিকোনো ধৰণৰ ধঁপাত সেৱন কৰে । দেশত 20 কোটি ধোঁৱাবিহীন ধঁপাত সেৱনকাৰী আৰু 10 কোটি ধূম্ৰপায়ীকে ধৰি প্ৰায় 27 কোটি লোকে ধঁপাত সেৱন কৰে । বিশ্ব ধঁপাত নিষিদ্ধ দিৱসৰ দিনটোত ইটিভি ভাৰতৰ সাংবাদিক গৌতম দেৱৰয়ৰ বিশেষ প্ৰতিবেদন----

World No Tobacco Day
ধঁপাতমুক্ত পৃথিৱী গঢ়াৰ দিশত এক প্ৰচেষ্টা (Etv bharat)

বিশেষ প্ৰতিবেদন, 31 মে’: 31 মে’ৰ দিনটো বিশ্বজুৰি পালন কৰা হয় বিশ্ব ধঁপাত নিষিদ্ধ দিৱস হিচাপে ৷ ইয়াৰ লক্ষ্য হৈছে ধঁপাত সেৱনৰ লগত জড়িত স্বাস্থ্যজনিত বিপদ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াৰ সেৱন হ্ৰাস কৰাৰ বাবে সুদৃঢ় নীতিৰ পোষকতা কৰা ।

ভাৰতৰ বাবে বিশ্ব ধঁপাত নিষিদ্ধ দিৱসৰ আছে বিশেষ তাৎপৰ্য ৷ কাৰণ দেশখন ধঁপাত উৎপাদনকাৰী তৃতীয়খন বৃহত্তম দেশ আৰু বিশ্বজুৰি ধঁপাতৰ দ্বিতীয় বৃহত্তম গ্ৰাহক । ধঁপাত সেৱনৰ ফলত ভাৰতত বছৰি 13 লাখতকৈ অধিক লোকৰ মৃত্যু হয় বুলি অনুমান কৰা হৈছে ।

নেশ্যনেল হেল্থ চিষ্টেমছ ৰিছ’ৰ্চ চেণ্টাৰৰ শীৰ্ষ জনস্বাস্থ্য উপদেষ্টা তথা স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰধান থিংক টেংক ডাঃ কে মদন গোপালে ই টিভি ভাৰতক জনায়, "ধঁপাত ব্যৱহাৰ কৰাতো ধূমপান আৰু ইলেক্ট্ৰনিক ধঁপাতজাতীয় সামগ্ৰীতকৈ ভাৰতৰ লগতে দক্ষিণ-পূৱ এছিয়াৰ অন্যান্য দেশসমূহৰ বাবেও এটা বৃহৎ চিন্তাৰ বিষয় ৷ যিটো পশ্চিম আৰু ইউৰোপীয় দেশসমূহৰ বাবেও চিন্তাৰ বিষয় ।

ইতিহাস আৰু তাৎপৰ্য:

1987 চনতেই বিশ্ব স্বাস্থ্য সংস্থাই (WHO) এটা প্ৰস্তাৱ গ্ৰহণ কৰি 1988 চনৰ 7 এপ্ৰিলক সংস্থাটোৰ 40 বছৰীয়া জয়ন্তী উপলক্ষে "বিশ্ব ধূমপান নিষিদ্ধ দিৱস" হিচাপে পালন কৰিবলৈ আহ্বান জনায় । ধূমপান নিষিদ্ধ দিৱসৰ ব্যাপক সফলতাৰ পিছত 1988 চনত ডব্লিউ এইচ অ’ই আন এক প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰতি বছৰে 31 মে’ৰ দিনটো বিশ্ব ধঁপাত নিষিদ্ধ দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ধূমপানকে ধৰি ধঁপাত সেৱনৰ লগত জড়িত স্বাস্থ্যজনিত বিপদৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত বিশ্ব ধঁপাত নিষেধ দিৱসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ধঁপাতে কেইবাটাও স্বাস্থ্যজনিত সমস্যা যেনে মুখৰ কৰ্কট ৰোগ, হৃদৰোগ, ষ্ট্ৰোক, শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু বহু ৰোগৰ উদ্ভৱ ঘটায় ।

2024 চনৰ বিশ্ব ধঁপাত নিষিদ্ধ দিৱসৰ বিষয়বস্তু :

"ধঁপাত উদ্যোগৰ হস্তক্ষেপৰ পৰা শিশুক সুৰক্ষা দিয়া"- এইবাৰ বিশ্ব ধঁপাত নিষিদ্ধ দিৱসৰ বিষয়বস্তু । ইয়াৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু ধঁপাতৰ সেৱন যাতে হ্ৰাস পায় তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে ।

যুৱ প্ৰজন্ম ইলেক্ট্ৰনিক সামগ্ৰীৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে WHO ৰ উদ্বেগ প্ৰকাশ :

ইলেক্ট্ৰনিক সামগ্ৰীৰ সহজ উপলব্ধতাও বিশ্বজুৰি এক বৃহৎ উদ্বেগৰ বিষয় । WHO ৰ তথ্য অনুসৰি 13-15 বছৰ বয়সৰ 3.7 কোটি শিশুৱে ধঁপাত সেৱন কৰে আৰু বিশ্বজুৰি ইয়াক জুখিব পৰা বেছিভাগ দেশতে এই উদ্যোগৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱহাৰ যুৱক-যুৱতীসকলৰ মাজত অধিক প্ৰচলিত ।

যুৱক-যুৱতীসকলক আকৰ্ষিত কৰিবলৈ উদ্যোগটোৱে ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰিসৰ বহু পৰিমাণে সম্প্ৰসাৰিত হৈছে যেনে- চিগাৰেট, চিগাৰিলো আৰু ছিছাৰৰ পৰা আৰম্ভ কৰি ই-চিগাৰেট, গৰম কৰা ধঁপাতজাতীয় সামগ্ৰী আৰু নিকোটিনৰ পাউচৰ দৰে নতুন সামগ্ৰী পৰ্যন্ত ।

সোৱাদযুক্ত সামগ্ৰী আৰু যোগকৰণ, চিকচিকিয়া ডিজাইন আৰু শিশুৰ বাবে উপযোগী পেকেজিং আৰু চিত্ৰকল্পই নিচাযুক্ত সামগ্ৰীৰ প্ৰতি কিশোৰ-কিশোৰীৰ আকৰ্ষণ বৃদ্ধি কৰে ৷

WHO’s পৰামৰ্শ :

ধঁপাতৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সক্ষম হোৱাৰ পিছতো ই-চিগাৰেট আৰু অন্যান্য নতুন ধঁপাত আৰু নিক’টিনজাতীয় সামগ্ৰীৰ উত্থানে যুৱক-যুৱতী আৰু ধঁপাত নিয়ন্ত্ৰণ ক্ষেত্ৰলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে । এই সামগ্ৰীসমূহ নিষিদ্ধ বা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰি ধঁপাত, ই-চিগাৰেট আৰু অন্যান্য নিকোটিন সামগ্ৰী গ্ৰহণৰ পৰা যুৱক-যুৱতীসকলক ৰক্ষা কৰিবলৈ WHO-এ চৰকাৰসমূহলৈ আহ্বান জনাইছে ।

ডব্লিউ এইচ অ’ৰ পৰামৰ্শসমূহৰ ভিতৰত আছে 100 শতাংশ ধোঁৱামুক্ত ঘৰক ৰাজহুৱা স্থানলৈ পৰিৱৰ্তিত কৰা, সোৱাদযুক্ত ই-চিগাৰেট নিষিদ্ধ কৰা, বিপণন, বিজ্ঞাপন আৰু প্ৰচাৰ নিষিদ্ধ কৰা, অধিক কৰ, উদ্যোগটোৱে ব্যৱহাৰ কৰা প্ৰতাৰণামূলক কৌশলৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা আৰু যুৱক-যুৱতী নেতৃত্বাধীন শিক্ষা আৰু সজাগতাক সমৰ্থন কৰা পদক্ষেপসমূহ ।

ভাৰতীয় দৃষ্টিভংগী :

"ধঁপাত সেৱনে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুতৰ অসুবিধাৰ সৃষ্টি কৰে । ধঁপাত সেৱনেই হৈছে বিশ্বজুৰি মৃত্যুৰ একক প্ৰতিৰোধযোগ্য কাৰণ । ভাৰতবৰ্ষ ধঁপাত উৎপাদনকাৰী তৃতীয় বৃহত্তম দেশ আৰু ধঁপাত সেৱনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ" - এই মন্তব্য নিটি আয়োগৰ সদস্য ড° ভি কে পেইলেৰ ।

ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ প্ৰিভেনটিভ এণ্ড ছ’চিয়েল মেডিচিনৰ (IAPSM) শেহতীয়া প্ৰতিবেদন অনুসৰি, বিশ্বজুৰি ধঁপাতৰ ফলত 70 লাখ লোকৰ মৃত্যু হয় আৰু ভাৰতত বছৰি প্ৰায় 12.8 জন লোকৰ মৃত্যু হয় (যক্ষ্মা, এইডছ, মেলেৰিয়া) আৰু দৈনিক 3500 লোকৰ মৃত্যু হয় ৷

"ধঁপাত সেৱন চাৰিটা মূল অসংক্ৰামক ৰোগ (এন চি ডি) - হৃদযন্ত্ৰৰ ৰোগ, কেন্সাৰ, দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগ আৰু ডায়েবেটিছৰ বাবে এটা ডাঙৰ বিপদজনক কাৰক, যাৰ ফলত এই অৱস্থাত থকা লোকসকল Covid-19 ত আক্ৰান্ত হ'লে বৃহৎ জটিলতাই দেখা দিয়াৰ আশংকা অধিক" আই এ পি এছ এমৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ড৹ সুনীলা গাৰ্গে এনেদৰে কয় ।

ভাৰতত ধঁপাত সেৱনৰ প্ৰাদুৰ্ভাৱ :

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চলোৱা গ্ল’বেল এডাল্ট ট’বেক’ সমীক্ষা 2016-17 অনুসৰি ভাৰতৰ 28.6 শতাংশ প্ৰাপ্তবয়স্ক (15 বছৰ আৰু তাৰ ওপৰৰ) লোকে যিকোনো ধৰণৰ ধঁপাত সেৱন কৰে । ধোঁৱাবিহীন ধঁপাত সেৱনকাৰী আৰু 10 কোটি ধূম্ৰপায়ীকে ধৰি প্ৰায় 27 কোটি ধঁপাত সেৱনকাৰী । 3.2 কোটি প্ৰাপ্তবয়স্কই ধূমপান কৰাৰ লগতে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে । ধঁপাত সেৱনৰ প্ৰাদুৰ্ভাৱ ত্ৰিপুৰাত সৰ্বাধিক আৰু গোৱাত সৰ্বনিম্ন ।

পশ্চিমবংগ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ছত্তিশগড় আৰু উত্তৰ-পূৱৰ ৰাজ্যত ধঁপাত সেৱনৰ প্ৰাদুৰ্ভাৱ ৰাষ্ট্ৰীয় গড় 29 শতাংশতকৈ অধিক ।

তাৎপৰ্যপূৰ্ণভাৱে, আই এ পি এছ এম-এ নিজ নিজ অঞ্চলত ধঁপাতৰ বোজা আৰু অধিক হ্ৰাস কৰাৰ বাবে সকলো ৰাজ্যতে কমিউনিটি মেডিচিন বিভাগৰ সংযোগকে ধৰি স্বাস্থ্য মন্ত্ৰণালয়ক কেইবাটাও পৰামৰ্শ দিয়াৰ পিছত চৰকাৰে পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিছে ।

ড৹ গাৰ্গে কয় যে, "সকলো এইমছতে ধঁপাত নিয়ন্ত্ৰণৰ বাবে ন'ডেল বিষয়া নিযুক্তি দিয়া হৈছে আৰু অন্যান্য চৰকাৰী মহাবিদ্যালয়সমূহতো এই প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে চলি আছে । চৰকাৰে কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক পদক্ষেপৰ বিষয়ে সংবেদনশীল কৰিবলৈও প্ৰতিশ্ৰুতিবদ্ধ অধ্যাপকৰ সমিতি গঠন কৰি আছে ।"

ভাৰতত সেৱন কৰা ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰকাৰ :

ভাৰতত অসংখ্য ধৰণৰ ধঁপাত উৎপাদন আৰু সেৱন কৰা হয় । প্ৰতিখন ৰাজ্যতে বহুতো স্থানীয় ধঁপাত আছে । ধঁপাতৰ ধূমপান প্ৰকাৰৰ ভিতৰত বিড়ি, চিগাৰেট, চিগাৰ, চেৰুট, চুট্টা, ৰিভাৰ্ছ চুট্টা, ধুমতি, ৰিভাৰ্ছ ধুমতি, পাইপ, হুকলি, চিল্লুম আৰু হুকা আদি ।

ধোঁৱাবিহীন ধঁপাতৰ প্ৰধান ৰূপসমূহৰ ভিতৰত ধঁপাতৰ সৈতে পান (বেটেল কুইড), ধঁপাত আৰু গুটখাৰ সৈতে পাণমছলা, ধঁপাত আৰু স্লেকড লাইম (খাইনী), স্নুছ, ধঁপাতৰ পানী (টুইবুৰ) ধঁপাত, আৰেকা বাদাম আৰু স্লেকড চূণৰ প্ৰস্তুতি, মইনপুৰী ধঁপাত, মাৱা ৷ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু দন্ত চিকিৎসাৰ বাবে ধঁপাতজাতীয় সামগ্ৰীৰ ভিতৰত মিশ্ৰি, গুল, বজ্জাৰ, লালদন্ত মঞ্জন, গুদাখু, ক্ৰীমযুক্ত এনফ্ ।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত সাধাৰণতে ব্যৱহৃত তিনিবিধ ধঁপাতজাতীয় সামগ্ৰী খাইনী, বিড়ি আৰু গুটখা ।

ধঁপাত সেৱনৰ স্বাস্থ্যজনিত প্ৰভাৱ :

ধঁপাত সেৱন কেন্সাৰ, হৃদযন্ত্ৰৰ ৰোগ (CVD), ডায়েবেটিছ, ক্ৰনিক হাওঁফাওঁৰ ৰোগ, ষ্ট্ৰোক, বন্ধ্যাত্ব, অন্ধতা, যক্ষ্মা, মুখগহ্বৰ আদিৰ বাবে এটা প্ৰধান বিপদজনক কাৰক ৷

ধঁপাত (চিগাৰেট, বিড়ি আদি) আৰু ছেকেণ্ড হেণ্ড ধুম্ৰপান (SHS)ত 7000 ৰো অধিক ৰাসায়নিক পদাৰ্থ থাকে আৰু ইয়াৰে কমেও 70 টা ৰাসায়নিক পদাৰ্থৰ দ্বাৰা কেন্সাৰ হ’ব পাৰে । একেদৰে গুটখা, খাইনি, জৰ্দা আদি ধোঁৱাবিহীন ধঁপাততো প্ৰায় 3095 টা ৰাসায়নিক পদাৰ্থ থাকে, ইয়াৰে 28 টা প্ৰমাণিত কাৰ্চিনোজেন ।

ধঁপাত খেতি কৰা শ্ৰমিকসকলে ‘সেউজ ধঁপাতৰ ৰোগ (জিটিএছ)’ নামেৰে জনাজাত বৃত্তিগত ৰোগত আক্ৰান্ত । জি টি এছ হৈছে ছালৰ মাজেৰে নিক’টিন শোষণৰ ফলত হোৱা বিষক্ৰিয়াৰ এক তীব্ৰ ৰূপ আৰু সাধাৰণতে সেউজীয়া ধঁপাতৰ পাতৰ অবিৰত সংস্পৰ্শলৈ অহাৰ কেইবাঘণ্টাৰ পিছত ই হোৱা দেখা দিয়ে । এই ৰোগৰ বৈশিষ্ট্য হ’ল মূৰৰ বিষ, বমি বমি ভাৱ, মূৰ ঘূৰোৱা, ভোক কমি যোৱা, ভাগৰুৱা, দুৰ্বলতা, আৰু কেতিয়াবা ৰক্তচাপ (BP) বা হৃদস্পন্দনৰ উঠা-নমা ।

ধঁপাত নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰৰ পদক্ষেপ :

ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ আৰু এছ এইচ এছৰ সংস্পৰ্শৰ পৰা মানুহক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন 2003 (COTPA) প্ৰণয়ন কৰিছে ।

আইনৰ 4 নং ধাৰা অনুসৰি, ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ । আইনখনৰ অন্যান্য বিভিন্ন ধাৰাত পৃষ্ঠপোষকতা আৰু প্ৰচাৰকে ধৰি ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰত্যক্ষ আৰু পৰোক্ষ বিজ্ঞাপনত নিষেধাজ্ঞা, নাবালক (18 বছৰৰ কম বয়সৰ) লৈ আৰু ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷

শিক্ষানুষ্ঠানসমূহৰ পৰা 100 গজৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । ধঁপাতজাতীয় সামগ্ৰীৰ টোপোলাত চিত্ৰাংকিত সতৰ্কবাণী প্ৰদৰ্শনৰ কথাও আইনখনত উল্লেখ কৰা হৈছে ।

এন এইচ এছ আৰ চিৰ পৰা ড৹ মদনে কয় যে, "চৰকাৰে নিজৰ দায়িত্ব পালন কৰি আছে । ক'টপা উলংঘা কৰাৰ ক্ষেত্ৰতো শাস্তি আৰোপ কৰিছে । কিন্তু, মানুহে এনে সামগ্ৰীক উৎসাহিত নকৰাৰ বাবে দায়বদ্ধ হোৱা উচিত আৰু এনে সামগ্ৰীৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা কাৰ্যকৰী কৰা উচিত" ৷

ধঁপাত আৰু অন্যান্য ধৰণৰ গুটকা যেনে ৰজনীগন্ধা, পাণ পৰাগ আদি সকলোতে সহজে আৰু সস্তা খৰচত পোৱা যায় বুলিও তেওঁ কয় ।

ডাঃ মদনে কয়, "ভাৰতৰ কেইবাটাও স্থানত 10-12 বছৰ বয়সৰ পৰা ধঁপাত সেৱন আৰম্ভ হয় । শিশুবোৰে পাণৰ দোকানলৈ গৈ খুব সহজে ধঁপাত খায় । ধঁপাত সেৱন কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে পাণ, গুটখা আদিৰ নিচাত অভ্যস্ত হৈ পৰে ।"

লগতে পঢ়ক: পথিকৰ উদ্যোগত ধঁপাত বিৰোধী সজাগতা অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.