ETV Bharat / bharat

চাৰধাম যাত্ৰাক লৈ চৰকাৰৰ নতুন চিন্তা ! - Chardham Yatra 2024

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 6:24 PM IST

Chardham Yatra 2024: উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰাই এইবাৰ নতুন অভিলেখ সৃষ্টি কৰিছে । এতিয়ালৈকে ৮ লাখতকৈও অধিক ভক্তই চাৰধাম যাত্ৰা কৰিছে । কিন্তু ইয়াৰ মাজতে চাৰধাম যাত্ৰাৰ সমগ্ৰ ব্যৱস্থাটো বিশৃংখল হৈ পৰিছে । যাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে ।

Chardham Yatra 2024
চাৰধাম যাত্ৰাক লৈ চৰকাৰৰ নতুন চিন্তা (ETV Bharat)

নেশ্যনেল ডেস্ক,২৪ মে': চাৰধাম যাত্ৰাক লৈ প্ৰতিবছৰে দেশজুৰি ব্যাপক উছাহ দেখিবলৈ পোৱা যায় । চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে উত্তৰাখণ্ডৰ পৰ্যটনস্থলী আৰু ধৰ্মীয় স্থানসমূহত পৰ্যটক তথা ভক্তৰ ভিৰ পৰিলক্ষিত হয় । ইফালে বছৰি এই ভক্তৰ ভিৰ বৃদ্ধি হোৱা দেখা গৈছে । যাৰ বাবে চৰকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । কেৱল ৰাজ্য চৰকাৰেই নহয় ভক্তৰ বৰ্ধিত সংখ্যাই প্ৰশাসন ব্যৱস্থাকো প্ৰভাৱিত কৰিছে ।

লাখ লাখ ভক্তৰ আগমনৰ উপৰিও ভক্তৰ নিৰন্তৰ মৃত্যু, ৰাজপথত যানজঁটৰ বাবে প্ৰশাসনে নতুন চিন্তা কৰিবলৈ বাধ্য হৈছে । উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নতুন প্ৰাধিকৰণ গঠন কৰিবলৈ সাজু হৈছে । অৱশ্যে, ত্ৰিবেন্দ্ৰ চৰকাৰৰ সময়তো এই ধৰণৰ প্ৰাধিকৰণৰ প্ৰয়োজন আছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে দেৱস্থানম বোৰ্ড গঠন কৰি তীৰ্থযাত্ৰী পুৰোহিতসকলৰ ৰোষৰো সন্মুখীন হৈছিল ।

ধামী চৰকাৰো একে দিশত আগবাঢ়িছে । কিয়নো উত্তৰাখণ্ডত মেলা আৰু যাত্ৰা সন্দৰ্ভত এক নতুন প্ৰাধিকৰণ গঠনৰ পৰিকল্পনা আৰম্ভ হৈছে । যাৰ ভিতৰত আছে মুখ্য চাৰধাম যাত্ৰা, হৰিদ্বাৰত কাৱাদ মেলা, অৰ্ধ কুম্ভ মেলা, কুম্ভ মেলা, নন্দা দেৱী ৰাজ জাট যাত্ৰা আৰু কৈঞ্চি ধামত বছৰি সমবেত হোৱা লাখ লাখ ভক্তই যাতে কোনো সমস্যা নোহোৱাকৈ ভ্ৰমণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে । অৱশ্যে, এই প্ৰাধিকৰণে কেনেদৰে কাম কৰিব সেয়া লক্ষণীয় হ'ব ।

প্ৰাধিকৰণ গঠনৰ প্ৰয়োজন কি ?

গঙ্গোত্ৰী আৰু যমুনোত্ৰীৰ পৰ্টেল মুকলি হোৱাৰ পিছৰে পৰা চাৰধাম যাত্ৰাক লৈ দেশত ব্যাপক চৰ্চা হৈছে । বিৰোধীয়ে নিৰন্তৰ অভিযোগ কৰি আছে যে সমগ্ৰ চৰকাৰ নিৰ্বাচনী কাৰ্যসূচীত ব্যস্ত হৈ আছে আৰু উত্তৰাখণ্ডত লাখ লাখ ভক্ত সমস্যাৰ সন্মুখীন হৈছে । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিৰ্বাচনী কাৰ্যসূচী সামৰি উত্তৰাখণ্ডলৈ ৰাওনা হৈছিল আৰু সকলো ব্যৱস্থাৰ বুজ লৈছিল । কিন্তু সমগ্ৰ ব্যৱস্থাটোৰ অৱনতি হোৱাত চৰকাৰে ৩১ মে'লৈকে পঞ্জীয়ন বন্ধ কৰিব লগা হয় ।

সেয়েহে, মুখ্যমন্ত্ৰীয়ে দীঘলীয়া পৰিকল্পনাৰ বাবে বিষয়াসকলৰ সৈতে আলোচনা কৰিছিল । প্ৰস্তাৱটোত কোৱা হৈছিল যে যদি ৰাজ্যখনৰ সকলো তীৰ্থযাত্ৰা পৰিচালনা কৰাৰ বাবে এক প্ৰাধিকৰণ গঠন কৰা হয় তেন্তে এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্যখনৰ ওচৰত পৰ্যাপ্ত সম্পদ থাকিব । ইয়াৰ পিচতে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ প্ৰস্তাৱত মোহৰ লগাই আৰু বিষয়াসকলক ইয়াৰ ওপৰত কাম কৰিবলৈ নিৰ্দেশ দিয়ে ।

গড়ৱালৰ আয়ুক্ত বিনয় শংকৰ পাণ্ডেৰ মতে উত্তৰাখণ্ডত কেৱল চাৰধাম যাত্ৰাৰ সময়তে নহয় গোটেই বছৰজুৰি গঙ্গাৰ পাৰৰ বিভিন্ন মন্দিৰত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয় যাৰ বাবে ভক্তৰ সমাৱেশ হয় । এনে পৰিস্থিতিত এই ভ্ৰমণৰ বাবে এক সম্পূৰ্ণ পৃথক প্ৰণালী প্ৰস্তুত কৰাটো প্ৰশাসনে বিচাৰে । ইয়াৰ অধীনত পূৰ্বে নকৰা বহুতো পদক্ষেপ লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁৰ মতে ই দেৱস্থানম বোৰ্ডৰ দৰে নহয় বা তাত যিকোনো মন্দিৰ পৰিচালনা কৰা তীৰ্থযাত্ৰী পুৰোহিতসকলৰ সৈতে সম্পৰ্কিত সিদ্ধান্ত ল'ব নোৱাৰিব ।

তেওঁ উল্লেখ কৰা মতে এই প্ৰাধিকৰণে কোনো মন্দিৰৰ সৈতে সম্পৰ্কিত অভিযান বা ব্যৱস্থাত হস্তক্ষেপ নকৰে । ইয়াৰ লগতে আৰক্ষী আৰু যান-বাহন আৰক্ষীয়ে সিদ্ধান্ত ল'ব যে যান-বাহন ব্যৱস্থাপনাৰ বাবে কোন কৰ্মচাৰী নিয়োজিত কৰিব লাগে । যদি ২ মাহৰ যাত্ৰাৰ সময়ত চামোলীত কোনো কৰ্মচাৰী নিয়োজিত থাকে তেন্তে সেই কৰ্মচাৰীয়ে ২ মাহৰ বাবে গঙ্গোত্ৰী ধামত দায়িত্ব পালন কৰিব লাগিব । অৰ্থাৎ আৰক্ষী জোৱানসকলক এনে প্ৰশিক্ষণ দিয়া হ'ব যাতে তেওঁলোকে গোটেই বছৰটো যিকোনো স্থানতে কৰ্তব্য পালন কৰিব পাৰে । যাত্ৰা সমাপ্ত হোৱাৰ পিচত যদি সেই কৰ্মচাৰীজনে আৰক্ষী থানা, চৌকি বা আন ঠাইত কৰ্তব্য পালন কৰে তেন্তে যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে সেই কৰ্মচাৰীজনক পুনৰ চাৰধাম যাত্ৰাৰ কামত নিয়োগ কৰা হ'ব ।

একেদৰে যাত্ৰাৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা বিভাগতো কিছু পৰিৱৰ্তন কৰা হ'ব । চামোলি বা উত্তৰকাশীৰ ভৌগোলিক অৱস্থানৰ বিষয়ে অৱগত এছডিআৰএফ কৰ্মীসকলক উদ্ধাৰ অভিযানৰ বাবে সেই স্থানলৈ প্ৰেৰণ কৰা হ'ব ।

একেদৰে পিডব্লিউডি, জলসিঞ্চন বিভাগ, স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভাগৰ কৰ্মচাৰীসকলকো প্ৰশিক্ষণ দিয়া হ'ব । চাৰধাম যাত্ৰাত অভিজ্ঞতা থকা চিকিৎসকসকলকো তাত নিযুক্তি দিয়া হ'ব ।

অৰ্থাৎ এটা প্ৰাধিকৰণ গঠন কৰি চৰকাৰে নিশ্চিত কৰিব বিচাৰে যে যদি ৰাজ্যখনত নিৰ্বাচন বা এনে ধৰণৰ আন কোনো আন্দোলন বা উৎসৱ থাকে তেন্তে সম্পূৰ্ণ ব্যৱস্থাৰ অধীনত কৰ্মচাৰী, বিষয়াৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু সেই বিষয়া-কৰ্মচাৰীসকলে সকলো কাম এৰি চাৰধাম যাত্ৰা, যান-জঁট ব্যৱস্থাপনা আদিৰ দায়িত্ব ল'ব । ইয়াৰ লগতে এক সম্পূৰ্ণ প্ৰণালী প্ৰস্তুত হ'ব আৰু চৰকাৰে বাৰ্ষিক প্ৰস্তুতি কৰিব নালাগিব ।

ইফালে মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি গণেশ গোদিয়ালে কয় যে যদি চৰকাৰে এনেধৰণৰ কিবা কৰাৰ কথা ভাবি আছে তেন্তে সকলো লোকৰ সৈতে কথা পাতিব লাগিব ।

লগতে পঢ়ক :চাৰধাম যাত্ৰালৈ গৈ ১৩ দিনত ৪২ গৰাকী ভক্তৰ মৃত্যু - Devotees Died In Chardham Yatra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.