ETV Bharat / bharat

দুই সন্তানসহ গৰ্ভপাতত মৃত্যু ঘটা মহিলাৰ মৃতদেহ নদীত দলিয়ালে স্বামীয়ে - WOMAN ILLEGAL ABORTION IN PUNE

Pune abortion death: সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা ৷ যি ঘটনাই চকু কপালত তুলিব আপোনাৰো ৷ অবৈধভাৱে গৰ্ভপাত কৰিবলৈ গৈ মৃত্যুমুখত পৰা এগৰাকী মহিলাৰ মৃতদেহ নদীলৈ দলিয়াই দিয়ে স্বামীয়ে ৷ দুই সন্তানকো নদীলৈ নিক্ষেপ ব্যক্তিৰ ৷ প্ৰকৃত ঘটনা কি ?

WOMAN ILLEGAL ABORTION IN PUNE
দেশত বাঢ়িছে অপৰাধমূলক কাৰ্যকলাপ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 4:11 PM IST

নেশ্যনেল ডেস্ক, 24 জুলাই: বৰ্তমানৰ সময়ত দেশত যে কি কি নঘটে ৷ অপৰাধীৰ অপৰাধ সংঘটিত কৰাৰ কৌশল সলনি হোৱাৰ ধৰণে চকু কপালত তুলিব আপোনাৰ ৷ বন্ধুৰ সহযোগত এনে এক আচৰিত ঘটনা সংঘটিত কৰিছে এজন ব্যক্তিয়ে ৷ অবৈধভাৱে গৰ্ভপাত কৰিবলৈ গৈ মৃত্যুমুখত পৰা এগৰাকী মহিলাৰ মৃতদেহ নদীলৈ দলিয়াই দিয়াৰ ঘটনা সংঘটিত হৈছে এইখন দেশতে ৷ মাত্ৰ এই কাণ্ডতে ক্ষান্ত নাথাকি দুই সন্তানকো নদীলৈ দলিয়াই পেলাই ব্যক্তিজনে ৷

এই কাণ্ড পোহৰলৈ অহাৰ পিচতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত দুজনক ৷ তদুপৰি এগৰাকী চিকিৎসকৰ বিৰুদ্ধে অপৰাধমূলক নৰহত্যাৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ যিগৰাকী চিকিৎসকৰ হস্তক্ষেপত মহিলাগৰাকীয়ে গৰ্ভপাত কৰিবলৈ চিকিৎসালয়লৈ গৈছিল ৷

লগতে পঢ়ক: ব্ৰেক-আপৰ পিচত আমোদজনক প্ৰতিশোধ : অনলাইন অৰ্ডাৰৰ জৰিয়তে হাৰাশাস্তি প্ৰাক্তন প্ৰেমিকাক - Revenge on ex lover

আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, স্বামীৰ পৰা আঁতৰি বেলেগে থাকিবলৈ লোৱা সদ্যপ্ৰয়াত মহিলাগৰাকীয়ে স্বামীৰে এগৰাকী বন্ধুৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপনৰ ফলত গৰ্ভৱতী হৈছিল ৷ পৰৱৰ্তী সময়ত স্বামীয়ে এই কথা জানিব পৰাত মহিলাগৰাকীক গৰ্ভপাত কৰাবলৈ হেঁচা প্ৰয়োগ কৰে ৷ কিন্তু দুৰ্ভাগ্যবশতঃ গৰ্ভপাতৰ সময়তে মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি লয় ৷ মহিলাগৰাকীৰ মৃত্যুৰ পিচত চিকিৎসকে কোনো আইনী প্ৰক্ৰিয়া অবিহনে মৃতদেহটো চমজাই দিছিল স্বামীক ৷

এই সকলো প্ৰক্ৰিয়া গোপনে চলা বুলি পৰৱৰ্তী সময়ত পোহৰলৈ আহে ৷ মহিলাগৰাকীৰ মৃত্যুৰ পিচত স্বামীয়ে মৃতদেহটো নিজৰ বাহনতে আনি আদবাটতে থকা এখন নৈত দলিয়াই পেলাই দিয়ে ৷ পিতৃৰ এই কাণ্ড দেখি কণ কণ দুই সন্তানে মাতৃক বিচাৰি হাহাকাৰ কৰি উঠে ৷ পিছে সন্তানৰ এই আৰ্তনাদকো নেওচা দি পিতৃয়ে দুই সন্তানকো নদীলৈ দলিয়াই দিয়ে ৷

লগতে পঢ়ক: অবিশ্বাস্য ! অষ্টমবাৰৰ বাবে সাপে দংশন কৰিলে উত্তৰ প্ৰদেশৰ বিকাশক - Snake Bites youth for 8 Times

প্ৰথমাৱস্থাত এই ঘটনা পোহৰলৈ অহা নাছিল যদিও মহিলাগৰাকীৰ মাতৃয়ে কন্যাক বিচাৰি আৰক্ষীৰ কাষ চাপে ৷ আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা আৰু লগে লগে কৰায়ত্ত কৰে দুই অভিযুক্তক ৷ মহিলাগৰাকীৰ লগতে দুই শিশুৰ মৃতদেহ বিচাৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই ৷ পৰৱৰ্তী 30 জুলাইলৈকে দুই অভিযুক্ত আৰক্ষীৰ জিম্মাতে থাকিব বুলি তদন্তকাৰী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ৷

তদুপৰি আৰক্ষীয়ে আটক কৰা চিকিৎসকগৰাকীৰ সৈতে এগৰাকী মহিলা জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ যিগৰাকী মহিলাই এজেণ্ট হিচাপে কাম কৰি অভিযুক্তৰ সৈতে গৰ্ভপাতৰ বিষয়টোত ধনৰ লেনদেন কৰিছিল ৷ অৱশ্যে এতিয়ালৈকে কাকো কৰায়ত্ত কৰা নাই আৰক্ষীয়ে ৷

উল্লেখ্য যে, এই ঘটনাটো 9 জুলাইৰ দিনা মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে ৷ ঘটনাটোত জড়িত থকা চিকিৎসকগৰাকী নৱী মুম্বাইৰ এখন চিকিৎসালয়ত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: মুখ্য়মন্ত্ৰীলৈ বিশেষ পত্ৰ লিখি আত্মঘাতী হ’ল আই এ এছ বিষয়াৰ পত্নী - Suicide note addressed to CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.