ETV Bharat / bharat

মুখ্যমন্ত্ৰীলৈ বিশেষ পত্ৰ লিখি আত্মঘাতী হ’ল আই এ এছ বিষয়াৰ পত্নী - Suicide note addressed to CM

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 2:20 PM IST

Updated : Jul 24, 2024, 7:51 PM IST

Wife of IAS officer committed suicide: পোহৰলৈ আহিছে এগৰাকী আই এ এছ বিষয়াৰ পত্নীৰ অবৈধ প্ৰেম কাহিনী ৷ যাৰ বাবে মুখলজ্জাৰ ভয়ত আত্মহত্যাৰ দৰে জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে বিষয়াগৰাকীৰ পত্নীয়ে ৷ আত্মহত্যাৰ পূৰ্বে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এক টোকা সম্বলিত বিশেষ পত্ৰ ৷ কি আছে এই পত্ৰখনত, জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ৷

IAS officer's wife committed suicide by writing a suicide note to Tamil Nadu Chief Minister
আই এ এছ বিষয়াৰ পত্নীৰ আত্মহত্যা (ANI)

নেশ্যনেল ডেস্ক, 24 জুলাই: এগৰাকী আই এ এছ বিষয়াৰ পত্নীৰ আত্মহত্যাৰ ঘটনাই জোকাৰিছে সচেতন মহলক ৷ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি আত্মহত্যা কৰে বিষয়াগৰাকীৰ পত্নীয়ে ৷ যাৰ বাবে সমগ্ৰ ঘটনাটোৱে ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷

জানিব পৰা মতে, আই এ এছ বিষয়াগৰাকীৰ পত্নীৰ আছিল এজন যুৱকৰ সৈতে অবৈধ প্ৰেম ৷ স্বামীৰ অজ্ঞাতে মহিলাগৰাকীয়ে এই অবৈধ প্ৰেম চলাই গৈছিল ৷ আনকি প্ৰেমিকৰ সৈতে মিলি লুণ্ঠনৰ দৰে অপৰাধ কাৰ্যও সংঘটিত কৰিছিল মহিলাগৰাকীয়ে ৷ দুয়োগৰাকীয়ে মিলি বহুকেইগৰাকী ব্যক্তিৰ পৰা সংগ্ৰহ কৰিলে প্ৰায় 75 লাখ টকা ৷

লগতে পঢ়ক: সঁচাকৈয়ে ৰবটে আত্মহত্যা কৰিব পাৰেনে ? - robot suicide in south korea

পিছে জানেই নহয়, এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ দিন আছিল বেয়া, আৰক্ষীৰ হাতত ধৰা পৰিল প্ৰেমিক ৷ যাৰ বাবে তেওঁৰ নতুন ঠিকনা হ’ল কাৰাগাৰ ৷ প্ৰেমিক কাৰাৰুদ্ধ হ’বলগীয়া হোৱাত অকলশৰীয়া হৈ পৰিল মহিলাগৰাকী ৷ ধন ধাৰে অনা লোকসকলক ধন উভতাই দিয়াৰ সমস্ত বোজা পৰিল মহিলাগৰাকীৰ মূৰত ৷

ধন পৰিশোধ কৰিব নোৱাৰি মহিলাগৰাকীয়ে দুটাকৈ সম্পত্তি বিক্ৰী কৰিবলগীয়া হয় ৷ তাৰপিছতো কিন্তু সুদখোৰৰ পৰা পৰিত্ৰাণ নাপালে তেওঁ ৷ ইফালে কাৰাগাৰৰ পৰা মুকলি হোৱা প্ৰেমিকৰো মহিলাগৰাকীৰ প্ৰতি হৈছিল মোহভংগ ৷ যাৰ বাবে মহিলাগৰাকীৰ সন্তান দুটিক অপহৰণ কৰে তেওঁৰেই প্ৰেমিকে ৷

লগতে পঢ়ক: ফোন চোৱাত মাতৃয়ে দিছিল বাধা: আত্মহত্য়া ১১ বছৰীয়া কিশোৰীৰ - Mobile Phone Addiction

অপহৰণকাৰীয়ে সন্তান দুটিৰ মুক্তিৰ বাবদ ধনদাবী কৰে ৷ ঘটনাটো আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় মহিলাগৰাকীৰ প্ৰেমিকক ৷ প্ৰেমিকে এই ঘটনাত মহিলাগৰাকী জড়িত থকা বুলি ভাষ্য প্ৰদানৰ পিছতে লাগে অথন্তৰ ৷ এই ঘটনাৰ সৈতে মহিলাগৰাকীৰ নাম সাঙোৰ খোৱাত বিহপান কৰি আত্মহত্যাৰ দৰে চূড়ান্ত পন্থা অৱলম্বন কৰে মহিলাগৰাকীয়ে ৷

এক সুখী বৈবাহিক জীৱন কটোৱা মহিলাগৰাকীয়ে নিজে জ্বলোৱা জুইকুৰাতে জাপ দি প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৷ যি কাহিনী সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে ৷ অৱশ্যে পত্নীয়ে বিহপান কৰাৰ কথা ততালিকে জানিব পাৰি আই এ এছ বিষয়াগৰাকীয়ে চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসাধীন অৱস্থাতে মহিলাগৰাকীয়ে মৃত্যুবৰণ কৰে ৷ চিকিৎসাধীন অৱস্থাত মূৰ্ছা গৈ থকাৰ বাবে মহিলাগৰাকীৰ ভাষ্যও গ্ৰহণ কৰিব নোৱাৰিলে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰিছে ৷ বিহপান কৰাৰ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল এখন বিশেষ চিঠি ৷

লগতে পঢ়ক: ফেচবুক লাইভত চৰম সিদ্ধান্ত গ্ৰহণ ফটোগ্রাফাৰৰ - Suicide during FB live

এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ গান্ধীনগৰত ৷ মৃত্যুৰ পূৰ্বে মহিলাগৰাকীয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনলৈ প্ৰেৰণ কৰে এক বিশেষ পত্ৰ ৷ মহিলাগৰাকীয়ে স্বামীৰ কৰ্মসূত্ৰে গান্ধীনগৰত বাস কৰি আহিছিল যদিও তেওঁলোকৰ প্ৰকৃত ঘৰ তামিলনাডুতহে ৷ গান্ধীনগৰত থকাৰ সময়তে মহিলাগৰাকীয়ে এজন ইমামৰ প্ৰেমত পৰি বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ।)

লগতে পঢ়ক: প্ৰথমে মৃত যুৱকক পৰিয়ালৰ অজ্ঞাতে কৰিলে সৎকাৰ, তাৰ পিচত আত্মহত্যা : নামৰূপত ভয়ংকৰ কাণ্ড - Consequences of drug addiction

Last Updated : Jul 24, 2024, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.