ETV Bharat / bharat

পুনৰ জ্বলিছে মণিপুৰ : বোমা বিস্ফোৰণত কেবাগৰাকী লোকৰ মৃত্যু - Manipur crisis

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 12:44 PM IST

Manipur crisis : বিগত সপ্তাহৰ পৰা কেইবাটাও ৰকেট আক্ৰমণ আৰু ড্ৰোণৰ জৰিয়তে বোমা বিস্ফোৰণে মণিপুৰক জোকাৰি গৈছে । শনিবাৰে পুৱা জিৰিবাম জিলাত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত প্ৰায় ৫ গৰাকী লোক নিহত হয় ।

Manipur crisis
পুনৰ জ্বলিছে মণিপুৰ (ANI)

নেশ্যনেল ডেস্ক,৭ ছেপ্টেম্বৰ : শেহতীয়াকৈ মণিপুৰৰ পৰিস্থিতি কিছু উন্নত হৈছিল যদিও উত্তৰ-পূৱৰ ৰাজ্যখনত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে । শনিবাৰে পুৱা মণিপুৰৰ জিৰিবাম জিলাত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত ৫ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । তাৰ ভিতৰত ৪ জন সশস্ত্ৰ লোক বুলি আৰক্ষীয়ে জনাইছে ।

আৰক্ষীয়ে জনোৱা মতে উগ্ৰপন্থীয়ে জিলা সদৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত এক নিৰ্জন স্থানত অকলশৰীয়াকৈ বাস কৰা লোক এজনৰ ঘৰত প্ৰৱেশ কৰে আৰু শুই থকা অৱস্থাতে তেওঁক গুলীয়াই হত্যা কৰে ।

এই হত্যাকাণ্ডৰ পিচত জিলা সদৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত পাহাৰত আন এক ঘটনা সংঘটিত হয় । সশস্ত্ৰ লোকসকলৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ হয় । যাৰ ফলত ৩ টা উগ্ৰপন্থীসহ ৪ জন সশস্ত্ৰ লোকৰ মৃত্যু হয় ।

এই ঘটনাবোৰ সংঘৰ্ষগ্ৰস্ত উত্তৰ-পূৱৰ ৰাজ্যখনত হিংসাৰ পুনৰুত্থানৰ অংশ আছিল । যোৱা বছৰ মে' মাহত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘটিত জাতিগত হিংসাৰ পিচত যোৱা কেইসপ্তাহমানত সংঘটিত ৰকেট আক্ৰমণ আৰু ড্ৰোণৰ দ্বাৰা বোমা বিস্ফোৰণে ৰাজ্যখন কঁপাই তুলিছে ।

  • পুনৰ হিংসাত্মক ঘটনা

১ ছেপ্টেম্বৰৰ পৰা মণিপুৰত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে । সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ড্ৰোণ ব্যৱহাৰ কৰি ৰকেট চালিত গ্ৰেনেড আক্ৰমণত ৩১ বছৰীয়া এগৰাকী লোক নিহত হয় । ইম্ফল পশ্চিমৰ কৌট্ৰুকত হোৱা এই আক্ৰমণত দুগৰাকী আৰক্ষীসহ ৩ গৰাকী সাধাৰণ নাগৰিক আহত হয় । ইফালে ৰকেট চালিত গ্ৰেনেড আক্ৰমণক লৈ আৰক্ষী তথা নিৰাপত্তা বাহিনী শংকিত হৈ পৰিছে । এই ক্ষেত্ৰত তৃতীয় পক্ষৰ অন্তৰ্ভুক্তিৰো অনুমান কৰা হৈছে ।

মণিপুৰ আৰক্ষীয়ে এই আক্ৰমণক ভয়ংকৰ বুলি অভিহিত কৰিছে আৰু কাৰিকৰী দক্ষতা আৰু সমৰ্থনৰ সন্দেহ কৰিছে । আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে পৰিস্থিতি নিৰন্তৰভাৱে নিৰীক্ষণ কৰি আছে আৰু যিকোনো আকস্মিক পৰিস্থিতিৰ প্ৰতি সঁহাৰি দিবলৈ আৰক্ষী সাজু বুলিও উল্লেখ কৰিছে ।

১ ছেপ্টেম্বৰৰ আক্ৰমণৰ পিচত ২ ছেপ্টেম্বৰত অনুৰূপ বোমা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । মণিপুৰ আৰক্ষীয়ে জনোৱা মতে ইম্ফল পশ্চিম জিলাৰ চেঞ্জাম চিৰাং মণিং লেইকাইত ড্ৰোণৰ জৰিয়তে কৰা আক্ৰমণত ৩ জন সাধাৰণ লোক আহত হয় ।

ইফালে শুকুৰবাৰে পুনৰ হিংসা বৃদ্ধি পায় । কুকি উগ্ৰপন্থীয়ে ৰাজ্যখনৰ প্ৰথম মুখ্যমন্ত্ৰী মাইৰেম্বাম কইৰেং সিঙৰ মৈৰাং চহৰ বিষ্ণুপুৰ জিলাত থকা বাসগৃহকে ধৰি দুটাকৈ স্থানত ৰকেট নিক্ষেপ কৰে য'ত এগৰাকী লোক নিহত হয় আৰু আন ৬ গৰাকী আহত হয় । কুকি উগ্ৰপন্থীয়ে চুৰাচান্দপুৰৰ সমীপৰ পাহাৰৰ পৰা ৰকেট নিক্ষেপ কৰাৰ সন্দেহ কৰা হৈছে ।

আৰক্ষীয়ে জনোৱা মতে এই আক্ৰমণৰ পিচত সুৰক্ষা বাহিনীয়ে মুয়ালচাং গাঁৱত দুটা বাংকাৰ আৰু চুৰাচান্দপুৰৰ লাইকা মুয়ালচাউ গাঁৱত থকা এটা বাংকাৰ ধ্বংস কৰে ।

  • উত্তেজনাময় পৰিস্থিতি

বিষ্ণুপুৰ আৰু ইম্ফল পূব জিলাৰ প্ৰান্তীয় অঞ্চলৰ লোকসকলে শুকুৰবাৰে নিশা একাধিক ড্ৰোণ প্ৰত্যক্ষ কৰাৰ পিচতে আতংকিত হৈ পৰিছে । ৰাজ্যখনত হিংসাত্মক ঘটনা পুনৰ আৰম্ভ হোৱাৰ লগে লগে চৰকাৰে শনিবাৰে মণিপুৰৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে ।

ইফালে, মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিয়ে (COCOMI) বৰ্ধিত হিংসাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে । ক'ক'মিৰ মুখপাত্ৰ খুৰাইজাম আথৌবাই কয় যে কুকি আক্ৰমণ বৃদ্ধি পাইছে । সমন্বয় সমিতিয়ে মণিপুৰত অনিৰ্দিষ্টকালৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে । লগতে নিৰাপত্তা বাহিনীক পৰিস্থিতি নিয়ন্ত্ৰণৰ আহ্বান জনাইছে ।

লগতে পঢ়ক :বিজাপুৰত বিস্ফোৰকসহ ৩ মাওবাদী কৰায়ত্ত, দুজনৰ আত্মসমৰ্পণ - Naxalites arrested in Chhattisgarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.