ETV Bharat / entertainment

লালবাগচা ৰাজাৰ শিৰত কোটি টকীয়া সোণৰ মুকুট - Ganesh Chaturthi 2024

author img

By ETV Bharat Entertainment Team

Published : Sep 7, 2024, 1:08 PM IST

ANANT AMBANI LALBAUGCHA RAJA : অনন্ত আম্বানীয়ে গণেশ চতুৰ্থী উপলক্ষে লালবাগচা ৰাজালৈ সোণৰ মুকুট আগবঢ়াইছে । এই মুকুটৰ ওজন 20 কেজি আৰু ইয়াৰ মূল্য কোটিৰো ওপৰত ।

Ganesh Chaturthi 2024: Anant Ambani Gifts 20 kg Gold Crown to Lalbaugcha Raja  worth rs 15 crore
গণেশ চতুৰ্থী উদযাপন (ETV Bharat/ANI)

চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ : প্ৰতি বছৰৰ দৰে এইবাৰো মুম্বাইত গণেশ উৎসৱ উদযাপন কৰা হৈছে ৷ লালবাগচা ৰাজাও আহি উপস্থিত হৈছে, য'ত দেশৰ আটাইতকৈ বিশিষ্ট তাৰকাৰ পৰা সাধাৰণ লোকলৈকে সকলোৱে মূৰ দোৱাই । এইবাৰো লালবাগচা ৰাজাক আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হয় । এইবছৰ তেওঁৰ শিৰত 20 কিলোগ্ৰাম ওজনৰ সোণৰ মুকুট সজোৱা হৈছে ।

লালবাগচা ৰাজালৈ এই আশ্চৰ্যকৰ উপহাৰ আগবঢ়াইছে কোটিপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে । প্ৰাপ্ত খবৰ অনুসৰি, অনন্তে লালবাগচা ৰাজালৈ 15 কোটি টকীয়া 20 কিলোগ্ৰাম ওজনৰ সোণৰ মুকুট আগবঢ়াইছে ।

  • লালবাগচাৰ শিৰত 20 কিলোগ্ৰামৰ সোণৰ মুকুট

বাতৰি অনুসৰি, অনন্ত আম্বানীয়ে গণেশ চতুৰ্থী উৎসৱৰ পূৰ্বে লালবাগচা ৰাজাক 20 কিলোগ্ৰাম সোণ আগবঢ়াইছিল । লালবাগচা ৰাজাৰ প্ৰথম লুকটো 6 ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰকাশ কৰা হৈছিল, য'ত ভগৱান গণেশক মেৰুণ ৰঙৰ এম্ব্ৰইডাৰী কৰা পোছাক পিন্ধা দেখা যায় । মূৰ্তিটোৰ ডিঙিত মেৰুণ আৰু হালধীয়া মালাও আছে । অনন্ত আম্বানীয়ে উপহাৰ হিচাপে আগবঢ়োৱা সোণৰ 'মুকুট'টোৱে এইবছৰ লাইমলাইট চুৰি কৰিছে ।

জানিব পৰা গৈছে যে অনন্ত আম্বানীয়ে উপহাৰ দিয়া সোণৰ মুকুটতো দুমাহৰ ভিতৰত প্ৰস্তুত কৰা হৈছিল । লালবাগচা ৰাজা ৰাজহুৱা গণেশোৎসৱ মণ্ডলে 7 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰলৈ গণেশ চতুৰ্থী উদযাপন কৰিব ।

  • এণ্টিলিয়ালৈয়ো আহিল বাপ্পাৰ মূৰ্তি

আনহাতে আম্বানী পৰিয়ালে বাপ্পাৰ মূৰ্তি তেওঁলোকৰ ঘৰ এন্টিলিয়াতো স্থাপন কৰে, যাক এন্টিলিয়া কা ৰাজা বুলি কোৱা হয় । সমগ্ৰ আম্বানী পৰিয়ালে ভগৱান গণেশৰ মূৰ্তিক আদৰণি জনাই ‘গণপতি বাপ্পা মৌৰিয়া’ ধ্বনিৰে পৰিৱেশটো মনোমোহা কৰি তোলে । গণেশ চতুৰ্থীৰ পূৰ্বে মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে বৃহস্পতিবাৰে মুম্বাইত এক অনুষ্ঠানৰ জৰিয়তে সকলো দেশবাসীক এই উৎসৱৰ বাবে শুভেচ্ছা জনায় । নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ (এনএমএচিচি)ত অনুষ্ঠিত এই অনুষ্ঠানত মুকেশ আম্বানী, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টো উপস্থিত থাকে ।

লগতে পঢ়ক : আশীৰ্বাদ বিচাৰি সিদ্ধিবিনায়ক মন্দিৰত ৰণবীৰ-দীপিকা - Ranveer Deepika Siddhivinayak visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.