ETV Bharat / sports

এবছৰৰ বাবে ইংলেণ্ড দলৰ পৰা বাহিৰ দ্ৰুত বলাৰ মাৰ্ক উড - ENGLAND CRICKET TEAM

author img

By ETV Bharat Sports Team

Published : Sep 7, 2024, 1:35 PM IST

Cricketer Mark Wood: ইংলেণ্ডৰ ক্ৰিকেট দলৰ বাবে আছে এটা বেয়া খবৰ ৷ দলটোৰ এগৰাকী বিপদজনক দ্ৰুত বলাৰ সম্পূৰ্ণ এবছৰৰ বাবে আঁতৰত থাকিব লাগিব খেলপথাৰৰ পৰা ৷ যাৰ বাবে অনুৰাগীসকলো হৈ পৰিছে দুঃখিত ৷ বলাৰগৰাকীনো পিছে কোন, জানিবলৈ পঢ়ক এই খবৰ ৷

ENGLAND CRICKET TEAM
ইংলেণ্ডৰ ক্ৰিকেট দলটো (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ: বৰ্তমান শ্ৰীলংকাৰ সৈতে এখন টেষ্ট শৃংখলাত ভাগ লৈ আছে ইংলেণ্ডে ৷ শৃংখলাৰ মাজতে ইংলেণ্ডৰ বাবে আছে এটা বেয়া খবৰ ৷ সেয়া হৈছে ইংলেণ্ডৰ বিপদজনক দ্ৰুত বলাৰ মাৰ্ক উড সম্পূৰ্ণ এবছৰৰ বাবে আঁতৰি থাকিব খেলপথাৰৰ পৰা ৷

দলটোৰ পৰা আঁতৰি অহাৰ পিছত খেলুৱৈগৰাকীৰ সন্দৰ্ভত এই তথ্য প্ৰকাশ কৰিছে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে ৷ ব’ৰ্ডে নিজৰ অফিচিয়েল এক্স একাউণ্টৰ জৰিয়তে সদৰী কৰিছে এই খবৰ ৷

এবছৰৰ পৰা দলৰ পৰা বাহিৰ উড

"দুখৰ খবৰ, মাৰ্ক উডক সোঁ-কিলাকুটিৰ আঘাতৰ পৰিপ্ৰেক্ষিতত বছৰটোৰ বাকী সময়ৰ বাবে দলৰ পৰা বাহিৰ কৰা হৈছে । উডৰ প্ৰত্যাৱৰ্তন দুগুণে শক্তিশালী হ’ব" বুলি ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে নিজৰ অফিচিয়েল এক্স একাউণ্টত প্ৰকাশ কৰিছিল ৷ ইয়াৰ পূৰ্বে উডে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচৰ পৰা বাহিৰ হৈছিল ।

উডে ক’ত আৰু কেনেদৰে পাইছিল আঘাত

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ সময়ত মাৰ্ক উডে কিলাকুটিত আঘাত পাইছিল, যাৰ পিছত তেওঁ চিকিৎসকৰ কাষ চাপি স্কেন কৰোৱাইছিল । এনে কৰাৰ ফলত খেলুৱৈগৰাকী আঘাতপ্ৰাপ্ত হোৱাটো নিশ্চিত হয় ৷

উডে শ্ৰীলংকাৰ বিৰুদ্ধে এমিৰেটছ অ’ল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল ৷ মেচখনত বলিং কৰোঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা খেলুৱৈগৰাকীয়ে মুহূৰ্ততে পৰিত্যাগ কৰিছিল খেলপথাৰ ৷ অৱশ্যে সোঁ-উৰুতো আঘাত পোৱা উডে সম্প্ৰতি উৰুৰ চিকিৎসা অব্যাহত ৰাখিছে ৷

উডে তেওঁৰ ব্যৱস্থাপনা আৰু প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত ই চি বি চিকিৎসা দলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব ৷ সদ্যহতে উডক অক্টোবৰত পাকিস্তান আৰু ডিচেম্বৰত নিউজিলেণ্ড টেষ্ট ভ্ৰমণৰ কাৰ্যসূচীৰ পৰা বাদ দিয়া হৈছে ।

এতিয়া বলাৰগৰাকীৰ একমাত্ৰ লক্ষ্য হ’ব ফিটনেছ ঘূৰাই পোৱাৰ লগতে 2025 চনত দললৈ শক্তিশালী প্ৰত্যাৱৰ্তন ঘটোৱাতো । কিয়নো ইংলেণ্ডে 2025 চনত ভাৰত ভ্ৰমণ কৰিব আৰু তাৰপিছত ফেব্ৰুৱাৰী মাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব ৷ তেতিয়ালৈ উডৰ প্ৰত্যাৱৰ্তন আশা কৰা হৈছে ৷

লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফীৰ ভাৰতৰ পাকিস্তান ভ্ৰমণ: অমিত শ্বাহে কৰিলে স্থিতি স্পষ্ট - CHAMPIONS TROPHY 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.