ETV Bharat / bharat

আশ্চৰ্যজনক! মাইক্ৰছফ্ট চাৰ্ভাৰ ডাউন হোৱাৰ পিচতো চলি থাকিল ভাৰতীয় ৰে’লৱে, কেনেকৈ ? - Microsoft outage

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 7:37 PM IST

Indian Railways : মাইক্ৰছফ্টৰ ছাৰ্ভাৰত বিজুতি হোৱাৰ বাবে, শনিবাৰে বিশ্বৰ গতিত হঠাতে ব্ৰেক লাগিছিল, কিন্তু ভাৰতীয় ৰে’লৱেৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল ৷ সমগ্ৰ দেশতে ৰে'লৱেৰ সকলো সুবিধা চলি আছিল । কিন্তু কেনেকৈ ?

MICROSOFT SERVER DOWN
চাৰ্ভাৰ ডাউন হোৱাৰ পিচতো চলি থাকিল ভাৰতীয় ৰে’লৱে (ETV Bharat)

নেশ্যনেল ডেস্ক, 21 জুলাই : মাইক্ৰছফ্টৰ ছাৰ্ভাৰত হোৱা বিজুতিৰ ফলত হঠাতে সমগ্ৰ বিশ্বতে ইয়াৰ গতি কমি যায় আৰু শনিবাৰে বিমান সংস্থাসমূহ স্থবিৰ হৈ পৰে ৷ ক্লাউড বিভ্ৰাটৰ বাবে ভাৰতকে ধৰি কেবাখনো দেশত বিমান চলাচল বাতিল কৰা হয় ৷ নতুন ক্ৰাউডষ্ট্ৰাইক আপডেটৰ বাবে উইণ্ড’জ 10 ব্যৱহাৰকাৰীসকল বৃহৎ বিভ্ৰাটৰ দ্বাৰা প্ৰভাৱিত হয় ৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উইণ্ড’জৰ বিজুতিৰ ফলত মাইক্ৰ’ছফ্টৰ কিছু সেৱাতো যথেষ্ট ব্যাঘাত জন্মে ৷ ছাৰ্ভাৰ বিকল হোৱাৰ বাবে সমগ্ৰ বিশ্বতে বিশৃংখলতাৰ সৃষ্টি হয় আৰু ইয়াৰ প্ৰভাৱ বিমান সেৱাৰ লগতে যোগাযোগ সেৱা, বেংক আৰু সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহকো প্ৰভাৱিত কৰে ৷

মাইক্ৰ’ছফ্টৰ সমস্যা?

মাইক্ৰ’ছফ্ট হৈছে এটা ক্লাউড কম্পিউটিং প্লেটফৰ্ম ৷ ই আপোনাৰ গেজেটসমূহৰ বাবে এপ্লিকেচনসমূহ সৃষ্টি আৰু পৰিচালনা কৰিবলৈ কাম কৰে ৷ শুকুৰবাৰে এণ্টি ভাইৰাছ ‘ক্ৰাউডষ্ট্ৰাইক’ৰ আপডেটৰ বাবে ইয়াৰ ক্লাউড সেৱাত সমস্যাৰ সৃষ্টি হৈছিল ৷

ইয়াৰ বাবেই মাইক্ৰ’ছফ্ট উইণ্ড’জ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ডেস্কটপ বা লেপটপৰ নীলা ৰঙৰ স্ক্ৰীণ দেখা পাবলৈ ধৰে ৷ কেৱল এয়াই নহয়, ছাৰ্ভাৰ বন্ধ হোৱাৰ বাবে লেপটপ আৰু কম্পিউটাৰ পুনৰাৰম্ভ বা বন্ধ হৈয়ো যায় ৷

ক্ৰাউডষ্ট্ৰাইকত বাগ-

ছাৰ্ভাৰ ডাউনৰ সময়ত ক্ৰাউডষ্ট্ৰাইক (CrowdStrike) ৰ কথা বাৰে বাৰে উল্লেখ কৰা হৈছিল ৷ ক্ৰাউডষ্ট্ৰাইক হৈছে এটা প্লেটফৰ্ম যিয়ে সুৰক্ষা প্ৰদান কৰে ৷ ইয়াৰ ফেলকন চেন্সৰ আপডেটৰ সময়ত এটা বাগ আহিছিল, যিয়ে ইমান সমস্যাৰ সৃষ্টি কৰিছিল ৷

মাইক্ৰ’ছফ্টৰ চিষ্টেম ক্ৰেচ হোৱাৰ সময়ত কি হ’ল?

মাইক্ৰ’ছফ্টৰ ব্যৱস্থা বিকল হোৱাৰ বাবে বিমানবন্দৰ, চিকিৎসালয়, বেংক আৰু শ্বেয়াৰ বজাৰৰ কাম-কাজ স্তব্ধ হৈ পৰে ৷ আমেৰিকাৰ দৰে দেশৰ সকলো ডাঙৰ বিমান সংস্থাই কিছু সময়ৰ বাবে বিমান সেৱা বাতিল কৰে ৷ ইয়াৰ উপৰিও বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহো বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ৷ কেৱল এয়াই নহয়, বিচ্ছিন্নতাৰ বাবে এছ’চিয়েটেড প্ৰেছ (AP)ৰ দৰে সংবাদ সংস্থাও কিছু সময়ৰ বাবে বন্ধ হৈ পৰে ৷

লগতে পঢ়ক : পুনৰ স্বাভাৱিক হৈছে ভাৰতৰ এয়াৰলাইন সেৱাসমূহ - Microsoft major outage

কিয় প্ৰভাৱিত নহ’ল ভাৰতীয় ৰে’লৱে?

একে সময়তে যদি আমি ভাৰতৰ কথা কওঁ, ইয়াতো ছাৰ্ভাৰ ডাউন হোৱাৰ বাবে বহু বিমান সংস্থাৰ বিমান সেৱা কিছু সময়ৰ বাবে বন্ধ হৈ আছিল ৷ কিন্তু বিশেষ কথাটো হ’ল ভাৰতীয় ৰে’লৱেত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল আৰু সমগ্ৰ দেশতে সকলো ৰে’ল সেৱা সুচাৰুৰূপে চলি থাকিল ৷ এই সন্দৰ্ভত ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে শুকুৰবাৰে মাইক্ৰ’ছফ্টৰ বিশ্বব্যাপী বিচ্ছিন্নতাৰ ফলত ভাৰতীয় ৰে’লসেৱাত কোনো প্ৰভাৱ পৰা নাছিল ৷

তেওঁ কয় যে, এই সকলোবোৰ সেৱা 1999 চনত নিজেই চেণ্টাৰ ফৰ ৰে’লৱে ইনফৰ্মেশ্যন চিষ্টেম (CRIS) পেচেঞ্জাৰ ৰিজাৰ্ভেচন চিষ্টেমত বিকশিত কৰা হৈছিল ৷ এই কাৰণেই মাইক্ৰ’ছফ্ট বন্ধ হোৱাৰ পিচতো সকলো সেৱাই সুচাৰুৰূপে কাম কৰি থাকিল ৷

CRIS কি?

চেণ্টাৰ ফৰ ৰে’লৱে ইনফৰ্মেশ্যন চিষ্টেমছ হৈছে ৰে’ল মন্ত্ৰালয়ৰ অধীনস্থ এটা সংস্থা ৷ ই আই টি পেছাদাৰী আৰু অভিজ্ঞ ৰে’লৱে কৰ্মীৰ এক অনন্য সংমিশ্ৰণ ৷ ইয়াৰ দ্বাৰা ৰে’লৱেৰ জটিল তথ্য-প্ৰযুক্তি ব্যৱস্থাসমূহ সফলতাৰে যোগান ধৰিব পৰা যায় ৷

লগতে পঢ়ক : মাইক্ৰ'ছফ্ট বিভ্ৰাট : প্ৰভাৱিত এয়াৰলাইনছ কোম্পানী, হোৱা নাই টিকট বুকিং-চেক ইন - Microsoft outage

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.